প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে সুখদেৱ সিং ধিন্দছা জীৰ বিয়োগত শোক প্ৰকাশ কৰে

प्रविष्टि तिथि: 28 MAY 2025 9:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, আজি সুখদেৱ সিং ধিন্দছা জীৰ বিয়োগত শোক প্ৰকাশ কৰিছে। "তেওঁ আছিল মহান প্ৰজ্ঞা আৰু জনসেৱাৰ প্ৰতি অটল দায়বদ্ধতা থকা এজন উচ্চ ৰাষ্ট্ৰনেতা। তেওঁৰ সদায় পঞ্জাৱ, ইয়াৰ জনসাধাৰণ আৰু সংস্কৃতিৰ সৈতে তৃণমূল পৰ্যায়ৰ সংযোগ আছিল", শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:

"সুখদেৱ সিং ধিন্দছা জীৰ মৃত্যু আমাৰ ৰাষ্ট্ৰৰ বাবে এক বৃহৎ ক্ষতি। তেওঁ আছিল মহান প্ৰজ্ঞা আৰু জনসেৱাৰ প্ৰতি অটল দায়বদ্ধতা থকা এজন উচ্চ ৰাষ্ট্ৰনেতা। তেওঁৰ সদায় পঞ্জাৱ, ইয়াৰ জনসাধাৰণ আৰু সংস্কৃতিৰ সৈতে তৃণমূল পৰ্যায়ৰ সংযোগ আছিল। তেওঁ গ্ৰাম্য উন্নয়ন, সামাজিক ন্যায় আৰু সৰ্বাংগীন বৃদ্ধিৰ দৰে বিষয়সমূহৰ আগৰণুৱা আছিল। তেওঁ সদায় আমাৰ সামাজিক পৰিস্থিতি আৰু অধিক শক্তিশালী কৰাৰ বাবে কাম কৰিছিল। বহু বছৰ ধৰি তেওঁক চিনি পোৱা, বিভিন্ন বিষয়ত ঘনিষ্ঠভাৱে বাৰ্তালাপ কৰাৰ মোৰ সৌভাগ্য হৈছিল। এই দুখৰ সময়ত মোৰ সমবেদনা তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ সৈতে আছে।”

**********

MJPS/VJ/SKS


(रिलीज़ आईडी: 2132269) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Manipuri , Malayalam , English , Urdu , Marathi , हिन्दी , Bengali-TR , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada