গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ‘ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ’ (আই ৪ চি)ই যিকোনো অপৰাধীক অভূতপূৰ্ব গতিৰে গ্ৰেপ্তাৰ কৰিবলৈ নতুন ‘ই-জিৰ’ এফ আই আৰ’-ৰ পদক্ষেপ প্ৰৱৰ্তন কৰিছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘চাইবাৰ ছিকিউৰ ভাৰত’ৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ বাবে এয়া হৈছে এক উল্লেখযোগ্য পদক্ষেপ

দিল্লীৰ বাবে ‘পাইলট প্ৰজেক্ট’ হিচাপে আৰম্ভ কৰা এই নতুন ব্যৱস্থাটোৱে ‘এনচিআৰপি’-ত প্ৰথম অৱস্থাত ১০ লাখ টকাৰ ওপৰৰ ‘চাইবাৰ বিত্তীয় অপৰাধ’ক বা ‘১৯৩০’ ক স্বয়ংক্ৰিয়ভাৱে ‘এফআইআৰ’লৈ ৰূপান্তৰিত কৰিব

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে দ্ৰুতগতিত জপিয়াই পৰি তদন্তক আগুৱাই নিব পৰা এই নতুন ব্যৱস্থাটো অতি সোনকালেই সমগ্ৰ দেশলৈকে সম্প্ৰসাৰিত কৰা হ’ব

মোদী চৰকাৰে ‘চাইবাৰ ছিকিউৰিটী গ্ৰীড’ক শক্তিশালী কৰি ‘চাইবাৰ ছিকিউৰ ভাৰত’ গঢ়ি তুলিছে

হেৰুওৱা ধন আদায়ৰ ক্ষেত্ৰত চাইবাৰ বিত্তীয় অপৰাধৰ বলি হোৱা লোকসকলে সন্মুখীন হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে এই পদক্ষেপ ৰূপায়ণৰ বাবে নিৰ্দেশনা প্ৰদান কৰে

এই পদক্ষেপে ‘এনচিআৰপি’/ ‘১৯৩০’ৰ অভিযোগসমূহক ‘এফআইআৰ’লৈ ৰূপান্তৰিত কৰিব পৰাকৈ উন্নতি সাধন কৰিব, যাৰ ফলত অভিযোগকাৰীৰ হেৰুওৱা ধন সহজে পুনৰুদ্ধাৰ কৰিব পৰা যাব আৰু চাইবাৰ অপৰাধীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ সুবিধা হ’ব

Posted On: 19 MAY 2025 7:21PM by PIB Guwahati

 

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ‘ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ’ (আই ৪ চি)য়ে যিকোনো অপৰাধীক অভূতপূৰ্ব গতিৰে গ্ৰেপ্তাৰ কৰিবলৈ নতুন ‘ই-জিৰ’ এফ আই আৰ’-ৰ পদক্ষেপ প্ৰৱৰ্তন কৰিছে। ‘এক্স’ত প্ৰেৰণ কৰা তেওঁৰ এটা ‘পোষ্ট’ত শ্ৰী অমিত শ্বাহে কয় যে দিল্লীৰ বাবে ‘পাইলট প্ৰজেক্ট’ হিচাপে আৰম্ভ কৰা এই নতুন ব্যৱস্থাটোৱে ‘এনচিআৰপি’ বা ‘১৯৩০’ত দাখিল কৰা প্ৰথম অৱস্থাত ১০ লাখ টকাৰ ওপৰৰ চাইবাৰ বিত্তীয় অপৰাধক স্বয়ংক্ৰিয়ভাৱে ‘এফআইআৰ’লৈ ৰূপান্তৰিত কৰিব। চাইবাৰ অপৰাধীক দ্ৰুতগতিত দমন কৰা তদন্তক আগুৱাই নিব পৰা এই নতুন ব্যৱস্থাটো অতি বলম্বে সমগ্ৰ দেশলৈকে সম্প্ৰসাৰিত কৰা হ’ব। মোদী চৰকাৰে ‘চাইবাৰ ছিকিউৰিটী গ্ৰীড’ক শক্তিশালী কৰি ‘চাইবাৰ ছিকিউৰ ভাৰত’ গঢ়ি তুলিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘চাইবাৰ ছিকিউৰ ভাৰত’ৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ বাবে এয়া হৈছে এক উল্লেখযোগ্য পদক্ষেপ। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ‘ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ’ (আই৪চি)ৰ শেহতীয়াকৈ অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত চাইবাৰ বিত্তীয় অপৰাধৰ বলি হোৱা লোকসকলে হেৰুৱা ধন উদ্ধাৰৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ ৰূপায়ণৰ বাবে নিৰ্দেশনা দিছিল।

‘ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ প্ৰতিবেদন পৰ্টেল’ (এনচিআৰপি) আৰু ‘ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ হেল্পলাইন ১৯৩০’য়ে ‘চাইবাৰ বিত্তীয় অপৰাধ’ৰ সৈতে জড়িত অভিযোগ সন্দৰ্ভত সহজে প্ৰতিবেদন আৰু তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম কৰিছে। নতুনকৈ প্ৰৱৰ্তিত প্ৰক্ৰিয়াটোত ‘আই৪চি’-ৰ ‘এনচিআৰপি’ ব্যৱস্থা, দিল্লী আৰক্ষীৰ ‘ই-এফআইআৰ’ ব্যৱস্থা আৰু ‘নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰো’ (এনচিআৰবি)ৰ ‘ক্ৰাইম এণ্ড ক্রিমিনেল ট্ৰেকিং নেটৱৰ্ক এণ্ড চিষ্টেমছ’ (চিচিটিএনএছ)ক একত্ৰিত কৰা হৈছে।

এতিয়া ‘এন চি আৰ পি’ আৰু ‘১৯৩০’ ত কৰা ১০ লাখ টকাৰ ওপৰৰ আৰ্থিক লোকচানৰ সৈতে জড়িত অভিযোগৰ ফলত স্বয়ংক্ৰিয়ভাৱে দিল্লীৰ ‘ই-ক্ৰাইম’ আৰক্ষী থানাত ‘ই-জিৰ’ এফ আই আৰ’ পঞ্জীয়ন হ’ব। ইয়াক তৎক্ষণাত ‘টেৰিটৰিয়েল চাইবাৰক্ৰাইম থানা’লৈ প্ৰেৰণ কৰা হ’ব। অভিযোগকাৰীয়ে ৩ দিনৰ ভিতৰত ‘চাইবাৰ অপৰাধ থানা’লৈ গৈ ‘ই-জিৰ’ এফআইআৰ’-ক নিয়মীয়া ‘এফআইআৰ’লৈ ৰূপান্তৰিত কৰিব পাৰিব।

এই অভিযোগ দিল্লী আৰক্ষী আৰু ‘ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ’ (আই ৪ চি), ‘গৃহ পৰিক্ৰমা মন্ত্ৰালয়’ (এম এইচ এ)-এ একেলগে কাম কৰি ‘ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা’ৰ (বি এন এছ এছ) ‘ধাৰা ১৭৩ (১) আৰু ১(খ)’ৰ নতুন বিধান অনুসৰি গোচৰ পঞ্জীয়নৰ প্ৰক্ৰিয়া স্থাপন কৰিছে। প্ৰাদেশিক ক্ষেত্ৰাধিকাৰ নিৰ্বিশেষে ইলেক্ট্ৰনিকভাৱে ‘এফআইআৰ’ জাৰি কৰাৰ এই প্ৰক্ৰিয়া (ই-জিৰ’ এফআইআৰ) প্ৰথম অৱস্থাত দিল্লীত ‘পাইলট প্ৰজেক্ট’ হিচাপে আৰম্ভ হ’ব। পৰৱৰ্তী সময়ত ইয়াক অন্যান্য ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ সম্প্ৰসাৰিত কৰা হ’ব। ‘এনচিআৰপি’-ত প্ৰকাশ পোৱা নিৰ্দিষ্ট প্ৰকৃতিৰ চাইবাৰ অপৰাধৰ অভিযোগত ‘ই-এফআইআৰ’ পঞ্জীয়ন আৰু ন্যায়িক থানালৈ বদলি কৰাৰ বাবে দিল্লীৰ ‘ই-ক্ৰাইম আৰক্ষী থানা’ক অৱগত কৰা হৈছে।

এই পদক্ষেপে ‘এনচিআৰপি’/ ‘১৯৩০’ৰ অভিযোগসমূহক ‘এফআইআৰ’লৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত উন্নতি সাধন কৰিব যাৰ ফলত ভুক্তভোগীৰ হেৰুওৱা ধন সহজে পুনৰুদ্ধাৰ কৰিব পৰা যাব আৰু চাইবাৰ অপৰাধীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ সুবিধা হ’ব। ই শেহতীয়াকৈ প্ৰৱৰ্তন কৰা নতুন অপৰাধমূলক আইনসমূহৰ বিধানসমূহৰ সহায় লয়।

*****

RK/VV/ASH/PS/KB


(Release ID: 2129787)