তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
অপাৰেচন সিন্দূৰঃ শত্ৰুৰ ওপৰত এক মোক্ষম আঘাত
ভাৰতৰ সশস্ত্ৰ বাহিনীৰ পৰাক্ৰমৰ আভাস
Posted On:
18 MAY 2025 5:42PM by PIB Guwahati
পাতনি
যুদ্ধৰ গতি প্ৰকৃতি এতিয়া সলনি হৈছে, এতিয়া কেৱল যুদ্ধৰ বিষয়টো সীমান্তৰ ভাবুকিৰ ওপৰতে নিৰ্বৰশীল হৈ থকা নাই। যুদ্ধৰ ধাৰণা আৰু পৰিবেশ এতিয়া দ্ৰুতগতিত পৰিৱৰ্তিত হৈছে। এনে পৰিবেশত ভাৰতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত যৌথ সহযোগিতা আৰু কৌশলগত দূৰদৰ্শিতাৰ শক্তি প্ৰদৰ্শন কৰিছে। পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণে ২৬ জন নিৰীহ সাধাৰণ নাগৰিকৰ প্ৰাণ কাঢ়ি নিয়াৰ পিছত ২০২৫ চনৰ ৭ মে’ত আৰম্ভ কৰা অপাৰেচন সিন্দূৰে নিখুঁততা, পেছাদাৰিত্ব আৰু উদ্দেশ্যক সামৰি লোৱা এক ত্ৰি-সেৱাৰ সহযোগত দিয়া সমুচিত উত্তৰ হিচাবে পৰিগণিত হৈছে। নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে আৰু পাকিস্তানৰ ভিতৰত থকা সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি ভাঙি পেলোৱাৰ বাবেই লক্ষ্যভিত্তিক অভিযান হিচাপে অপাৰেচন সিন্দূৰৰ পৰিকল্পনা কৰা হৈছিল।

চোৰাংচোৱা সংস্থাই প্ৰদান কৰা সন্ত্ৰাসবাদীৰ ৯টা শিবিৰৰ তথ্য প্ৰদান কৰাৰ পিছতে সেই শিবিৰসমূহ ধ্বংস কৰিবলৈ এই অভিযানত লক্ষ্য স্থিৰ কৰা হৈছিল। ভাৰতৰ প্ৰতিশোধমূলক ব্যৱস্থা আছিল অতি নিখুঁত, পৰিকল্পিত আৰু চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত চলোৱা এক অভিযান। ফলত অভিযানত হোৱা ক্ষতিৰ পৰিমাণ আছিল তেনেই নূন্যতম । কাৰ্য্যকৰী নৈতিকতা এই অভিযানৰ কেন্দ্ৰীয় বিষয় আছিল আৰু অসামৰিক লোকক সকলো ধৰণৰ ক্ষতিৰ পৰা ৰক্ষা কৰাৰো পদক্ষেপ গ্ৰহণ কৰা হৈছিল।
অপাৰেচন সিন্দূৰৰ পিছত পাকিস্তানে ভাৰতৰ গুৰুত্বপূৰ্ণ বিমান ঘাটি আৰু লজিষ্টিক আন্তঃগাঁথনিক আক্ৰমণৰ লক্ষ্য হিচাবে বাছি লৈ প্ৰতিশোধমূলকভাবে ড্ৰোন আৰু ইউচিএভি ধাৰাবাহিকভাবে আক্ৰমণ আৰম্ভ কৰে। পাকিস্তানৰ এই অপচেষ্টাসমূহ অৱশ্যে ভাৰতৰ ব্যাপক আৰু বহুস্তৰীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ দ্বাৰা ফলপ্ৰসূভাৱে নিষ্ক্ৰিয় কৰা হৈছিল। এই সফলতাৰ কেন্দ্ৰীয় বিন্দু আছিল সংহত আদেশ আৰু নিয়ন্ত্ৰণ কৌশল (ICCS), যিয়ে একাধিক ক্ষেত্ৰত বাস্তৱ সময়ৰ ভাবুকি চিনাক্তকৰণ, সেইবোৰৰ মূল্যায়ন আৰু প্ৰয়োজনীয় বাধা প্ৰদানৰ সুবিধা প্ৰদান কৰিছিল। অপাৰেচন সিন্দূৰৰ প্ৰতিটো স্তৰতে নিৰাপত্তা বাহিনীসমূহৰ মাজত কাৰ্য্যকৰী সহযোগিতা আছিল আৰু চৰকাৰ, বিভিন্ন সংস্থা তথা বিভাগসমূহে সম্পূৰ্ণৰূপে ইয়াত সমৰ্থন কৰিছিল।
এই অভিযান স্থল, আকাশ আৰু সাগৰৰ জড়িয়তে সংঘটিত হৈছিল। এক কথাত এয়া আছিল ভাৰতীয় সেনা, বায়ুসেনা আৰু নৌসেনাৰ মাজত সহযোগিতাৰ এক নিৰৱচ্ছিন্ন প্ৰদৰ্শন। সমগ্ৰ পাকিস্তানত সন্ত্ৰাসবাদী আন্তঃগাঁথনিৰ বিৰুদ্ধে নিখুঁত আক্ৰমণ চলোৱাত ভাৰতীয় বায়ুসেনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বায়ুসেনাই নুৰ খান বিমান ঘাটি আৰু ৰহিমিয়াৰ খান বিমান ঘাটিৰ দৰে লক্ষ্যত সফলভাবে আকাশী অভিযান চলাইছিল। লগতে এনে আক্ৰমণৰ ফলত হোৱা ক্ষতিৰো দৃশ্যমান প্ৰমাণ দাখিল কৰিছিল। সীমান্তৰ সিপাৰৰ পৰা প্ৰতিশোধমূলক ড্ৰ’ন আৰু ইউএভি আক্ৰমণৰ সময়ত ভাৰতীয় আকাশমাৰ্গ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বায়ুসেনাৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থা গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হৈছে। থলুৱাভাৱে বিকশিত ভূপৃষ্ঠৰ পৰা বায়ুলৈ মাৰি পঠিয়াব পৰা ক্ষেপণাস্ত্ৰ ব্যৱস্থা আৰু পেচোৰা তথা অ’এছএ-একেৰ দৰে ব্যৱস্থাসমূহ স্তৰযুক্ত প্ৰতিৰক্ষা ক্ষেত্ৰত ফলপ্ৰসূভাৱে নিয়োগ কৰা হৈছিল। ভাৰতীয় বায়ুসেনাৰ সংহত বায়ু কমাণ্ড আৰু নিয়ন্ত্ৰণ ব্যৱস্থাই বাস্তৱ সময়ৰ সমন্বয় সক্ষম কৰি তুলিছিল, যাৰ ফলত ভাৰতীয় বাহিনীয়ে আকাশী ভাবুকিসমূহ দক্ষতাৰে নিষ্ক্ৰিয় কৰিব পাৰিছিল আৰু সমগ্ৰ সংঘাতৰ সময়ছোৱাত নেট কেন্দ্ৰিক অভিযান বজাই ৰাখিব পাৰিছিল।
সমান্তৰালভাৱে ভাৰতীয় সেনাই প্ৰতিৰক্ষামূলক আৰু আক্ৰমণাত্মক উভয় ক্ষেত্ৰৰ ভূমিকাতে নিজৰ প্ৰস্তুতি আৰু ফলপ্ৰসূতা প্ৰদৰ্শন কৰিছিল। সেনাবাহিনীৰ বায়ু প্ৰতিৰক্ষা গোটসমূহে বায়ুসেনাৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰিছিল। গুলী চলোৱা এমএএনপিএডিএছ আৰু এলএলএডি বন্দুকৰ পৰা আৰম্ভ কৰি দীৰ্ঘ দূৰত্বৰ এছএএমলৈকে বহু প্ৰতিৰক্ষামূলক ব্যৱস্থা নিয়োগ কৰা হৈছিল। এই গোটসমূহে পাকিস্তানে নিক্ষেপ কৰা ড্ৰ’ন আৰু লঘু অস্ত্ৰ-শস্ত্ৰৰ প্ৰতিহত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পাকিস্তানে ক্ষতিসাধন কৰিবলৈ আপ্ৰাণ অপচেষ্টা চলোৱাৰ পিছতো ভাৰতীয় বাহিনীয়ে সামৰিক ঘাটি আৰু অসামৰিক আন্তঃগাঁথনি উভয়ৰে নিৰাপত্তা নিশ্চিত কৰাত সফল হয়।
অপাৰেচন সিন্দূৰৰ সময়ত সামুদ্ৰিক আধিপত্য বাহাল ৰখাত ভাৰতীয় নৌসেনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কম্পোজিট নেটৱৰ্কযুক্ত বাহিনী হিচাপে কাম কৰি নৌসেনাই মিগ-২৯কে যুঁজাৰু জেট আৰু আকাশমাৰ্গত আগতীয়া সতৰ্কবাণী দিয়া হেলিকপ্টাৰেৰে সজ্জিত নিজৰ কেৰিয়াৰ বেটল গ্ৰুপ (চিবিজি) নিয়োগ কৰিছিল। ইয়াৰ ফলত সমগ্ৰ সামুদ্ৰিক ক্ষেত্ৰত শত্ৰুৰ ভাবুকি প্ৰতিহত কৰাৰ লগতে নিৰীক্ষণ আৰু বাস্তৱ সময়ত ভাবুকি চিনাক্তকৰণ কৰা সম্ভৱ হৈছিল। চিবিজিয়ে এক শক্তিশালী বায়ু প্ৰতিৰক্ষা ঢাল বজাই ৰাখিছিল , যিয়ে বিশেষকৈ মাক্ৰাণ উপকূলৰ পৰা শত্ৰুৰ আকাশী আক্ৰমণ ৰোধ কৰিছিল। নৌসেনাৰ উপস্থিতিয়ে এক শক্তিশালী প্ৰতিৰোধকৰ সৃষ্টি কৰিছিল আৰু ফলপ্ৰসূভাৱে পাকিস্তানী আক্ৰমণক পশ্চিম সাগৰৰ পাৰতে প্ৰতিহত কৰিছিল। নৌসেনাৰ পাইলটসকলে ২৪ ঘণ্টাই অভিযান চলাইছিল, যিয়ে অঞ্চলটোত ভাৰতৰ প্ৰস্তুতি আৰু কৌশলগত প্ৰসাৰক আৰু অধিক শক্তিশালী কৰি তুলিছিল। সাগৰীয় ক্ষেত্ৰত নৌসেনাই অবাধ নিয়ন্ত্ৰণ স্থাপন কৰাৰ লগতে জটিল ভাবুকিৰ পৰিৱেশত ক্ষেপণাস্ত্ৰ আৰু বিমান বিৰোধী প্ৰতিৰক্ষা ক্ষমতাকো শক্তিশালী কৰি তুলিছিল।
অপাৰেচন সিন্দূৰৰ সময়ত জম্মু-কাশ্মীৰৰ চাম্বা জিলাত আন্তঃৰাষ্ট্ৰীয় সীমান্তত বৃহৎ অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰাত সীমান্ত সুৰক্ষা বাহিনীয়েও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বি এছ এফৰ জোৱানে পুৱাৰ ভাগত সন্দেহজনক গতিবিধি লক্ষ্য কৰি দ্ৰুতগতিত উত্তৰ দিছিল। ফলত সন্ত্ৰাসবাদীৰে প্ৰচণ্ড গুলীচালনা হৈছিল । ইয়াৰ পিছৰ এনকাউণ্টাৰত বি এছ এফে কমেও দুজন অনুপ্ৰৱেশকাৰীক সফলতাৰে নিষ্ক্ৰিয় কৰি অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে। এই অভিযানে বি এছ এফৰ সতৰ্কতা, কাৰ্য্যকৰী প্ৰস্তুতি আৰু চৰম উত্তেজনাৰ সময়ত সীমান্তত নিৰাপত্তা বজাই ৰখাৰ ক্ষেত্ৰত বাহিনীটোৰ গুৰুত্বপূৰ্ণ ভূমিকাকে আলোকপাত কৰে।
এইদৰে অপাৰেচন সিন্দূৰে কেৱল কৌশলগত সফলতাই নহয়, কৌশলগত পাৰদৰ্শিতাও প্ৰদৰ্শন কৰিছে। ই স্থল, আকাশ আৰু সাগৰৰ জড়িয়তে নিখুঁত, সমন্বিত সামৰিক কাৰ্য্যৰ জড়িয়তে ভাৰতৰ ক্ষমতাকেই পুনৰবাৰ প্ৰদৰ্শন কৰিছে। প্ৰতিৰক্ষা প্ৰস্তুতিৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি কৰা বিনিয়োগ আৰু ভাৰত চৰকাৰৰ দূৰদৰ্শী নীতি আৰু বাজেটৰ সহায়ৰ বাবেই এই অভিযান সম্ভৱ হৈ উঠিছে। ভাৰতৰ বাৰ্তা স্পষ্ট আছিল: যেতিয়া যুক্তি আৰু কূটনীতিৰ আবেদনক নিৰন্তৰ আক্ৰমণাত্মকভাবে চোৱা হয়, তেতিয়া নিৰ্ণায়ক সঁহাৰি ন্যায্য আৰু প্ৰয়োজনীয় হৈ পৰে । এক কথাত অপাৰেচন সিন্দূৰ ভাৰতৰ প্ৰতিৰক্ষা ইতিহাসৰ এক সংজ্ঞায়িত মুহূৰ্ত হিচাপে স্মৰণ কৰা হ’ব— এয়া হৈছে সামৰিক নিখুঁততা, আন্তঃসেৱা সহযোগিতা আৰু ৰাষ্ট্ৰীয় সংকল্পৰ প্ৰতীক। ই সন্ত্ৰাসবাদীৰ ভাবুকি সফলতাৰে নিৰ্মূল কৰিলে, ভাৰতৰ আঞ্চলিক আধিপত্যক পুনৰ দৃঢ় কৰিলে আৰু সীমাৰ সিপাৰৰ সন্ত্ৰাসবাদক এক সমুচিত শিক্ষা প্ৰদান কৰি এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিলে।
চৰকাৰৰ নেতৃত্বত সশস্ত্ৰ বাহিনীৰ মাজত চলি থকা বৃহৎ সমন্বয়ৰ প্ৰচেষ্টা
১/ প্ৰতিৰক্ষা মুৰব্বী (চিডিএছ) গঠন
২০১৯ চনৰ ২৪ ডিচেম্বৰত কেন্দ্ৰীয় কেবিনেটে ছিফ অৱ ডিফেন্স ষ্টাফ (চিডিএছ) গঠনত অনুমোদন জনায়, যি হৈছে চাৰি তাৰকাযুক্ত জেনেৰেল, যি সামৰিক পৰিক্ৰমা বিভাগৰ (ডিএমএ) মুৰব্বী আৰু তিনিটা -সেৱা বিষয়ত প্ৰতিৰক্ষা মন্ত্ৰীৰ প্ৰধান সামৰিক উপদেষ্টা হিচাপে কাম কৰে।
চিডিএছৰ মূল ভূমিকাসমূহৰ ভিতৰত আছে:
সেনা, নৌসেনা, বায়ুসেনা, আৰু টেৰিটৰিয়েল আৰ্মীৰ তদাৰক কৰা।
প্ৰশিক্ষণ, কৰ্মচাৰী আৰু কমাণ্ড পুনৰ্গঠনৰ ক্ষেত্ৰত যৌথ সহযোগিতাক প্ৰসাৰিত কৰা।
চাইবাৰ আৰু মহাকাশ কমাণ্ডকে ধৰি অগ্ৰণী ত্ৰি-সেৱা সংস্থাক প্ৰতিনিধিত্ব কৰা ।
নিউক্লিয়াৰ কমাণ্ড অথৰিটিক পৰামৰ্শ দিয়া আৰু প্ৰতিৰক্ষা পৰিকল্পনা সংস্থাসমূহত অংশগ্ৰহণ কৰা।
সম্পদসমূহক অনুকূল কৰি তুলিবলৈ, যুদ্ধৰ ক্ষমতা বৃদ্ধি কৰিবলৈ আৰু অপচয় হ্ৰাস কৰিবলৈ সংস্কাৰৰ সূচনা কৰা।
বহু বছৰীয়া প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিকল্পনা ৰূপায়ণ কৰা আৰু আন্তঃসেৱাৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিয়া।
চিডিএছে ঐক্যবদ্ধ নেতৃত্বক শক্তিশালী কৰে আৰু অধিক সমন্বিত তথা আধুনিক ভাৰতীয় সামৰিক বাহিনীৰ বাবে সংহতি গঠনত সহায় কৰিছে।
২) ইণ্টেগ্ৰেটেড থিয়েটাৰ কমাণ্ড (আইটিচি)
সশস্ত্ৰ বাহিনীক আধুনিকীকৰণৰ বাবে ইণ্টেগ্ৰেটেড থিয়েটাৰ কমাণ্ড (আই টি চি) আৰু সংহত যুদ্ধ গোট (আই বি জি) স্থাপনৰ জৰিয়তে বাহিনীসমূহক পুনৰ গঠনৰ প্ৰচেষ্টা চলি আছে। এই সংস্কাৰসমূহৰ লক্ষ্য হৈছে ভৌগলিক অৱস্থান আৰু কাৰ্য্যৰ ওপৰত ভিত্তি কৰি সেনা, নৌসেনা আৰু বায়ুসেনাৰ সামৰ্থ্যক একত্ৰিত কৰা আৰু কাৰ্য্যকৰী প্ৰস্তুতিৰ উন্নতি সাধন কৰা। সেৱা মুখ্য কাৰ্যালয় পৰ্যায়ৰ অধ্যয়নসমূহে সহযোগিতা আৰু যুদ্ধৰ ফলপ্ৰসূতা বৃদ্ধিৰ বাবে স্থল, সামুদ্ৰিক আৰু যৌথ/সংহত বায়ু প্ৰতিৰক্ষাৰ বাবে থিয়েটাৰ কমাণ্ডসমূহৰ সক্ৰিয়ভাৱে পোষকতা কৰি আছে। প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানে দৃঢ়তাৰে কয় যে আইটিচিৰ বাবে যৌথতা আৰু সংহতি অপৰিহাৰ্য পূৰ্বচৰ্ত, যিয়ে প্ৰশাসনিক ৰেইজ-ট্ৰেইন-ছাষ্টেইন (আৰটিএছ) কাৰ্য্যৰ পৰা কাৰ্য্যকৰী ভূমিকাক স্পষ্টভাৱে পৃথক কৰিব। ফলত কমাণ্ডাৰসকলে নিৰাপত্তা আৰু অভিযানত মনোনিৱেশ কৰিব পাৰিব। আইটিচিসমূহে বহুপাক্ষিক কাৰ্য্যকলাপৰ দিশত বহল সংস্কাৰৰ আৰম্ভণি, পৰম্পৰাগত ক্ষেত্ৰৰ সৈতে চাইবাৰস্পেছক একত্ৰিত কৰা আৰু ডিজিটেলাইজেচন তথা তথ্য-কেন্দ্ৰিক যুদ্ধক আগুৱাই নিয়াৰ কথাক প্ৰতিনিধিত্ব কৰে।
৩/ সামৰিক পৰিক্ৰমা বিভাগ (ডি এম এ) গঠন
সম্পদৰ অনুকূল ব্যৱহাৰৰ সুবিধা আৰু তিনিওটা বাহিনীৰ সেৱাৰ মাজত যৌথ সহযোগিতাক প্ৰসাৰিত কৰাৰ বাবে ২০২০ চনত চিডিএছক সচিব হিচাপে লৈ সামৰিক পৰিক্ৰমা বিভাগ (ডিএমএ) গঠন কৰা হৈছিল। ডি এম এৰ বাবে আবণ্টিত বিষয়সমূহৰ ভিতৰত আছে:
কেন্দ্ৰৰ সশস্ত্ৰ বাহিনী অৰ্থাৎ সেনা, নৌসেনা আৰু বায়ুসেনা।
সেনাৰ মুখ্য কাৰ্যালয়, নৌসেনাৰ মুখ্য কাৰ্যালয়, বায়ুসেনাৰ মুখ্য কাৰ্যালয় আৰু প্ৰতিৰক্ষা কৰ্মচাৰীৰ মুখ্য কাৰ্যালয়েৰে গঠিত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সংহত মুখ্য কাৰ্যালয়।
সেনা, নৌসেনা আৰু বায়ুসেনাৰ সৈতে জড়িত কাম।
যৌথ পৰিকল্পনা আৰু তেওঁলোকৰ প্ৰয়োজনীয়তাসমূহৰ সংহতিৰ জৰিয়তে সেৱাসমূহৰ বাবে প্ৰশিক্ষণ আৰু কৰ্মচাৰীৰ ক্ষেত্ৰত যৌথ সহযোগিতাক প্ৰসাৰিত কৰা।
যৌথ / থিয়েটাৰ কমাণ্ড স্থাপনকে ধৰি আন বহু কাৰ্য্যকলাপত যৌথ সমন্বয় আনি সম্পদৰ অনুকূল ব্যৱহাৰৰ বাবে সামৰিক কমাণ্ডৰ পুনৰ্গঠনৰ সুবিধা প্ৰদান কৰা।
৪/ আন্তঃসেৱা সংস্থা (কমাণ্ড, কণ্ট্ৰল এণ্ড ডিচিপ্লিন) আইন, ২০২৩
আন্তঃসেৱা সংস্থা (কমাণ্ড, কণ্ট্ৰল এণ্ড ডিচিপ্লিন) আইন, ২০২৩য়ে তিনিওটা সেৱাৰ কৰ্মীৰ ওপৰত কৰ্তৃত্ব বজাই ৰাখি ত্ৰি-সেৱা গঠনৰ কমাণ্ডাৰসকলক ক্ষমতা প্ৰদান কৰিছে । এনেদৰে ই ভাৰতীয় সশস্ত্ৰ বাহিনীসমূহত যৌথ সহযোগিতাক প্ৰসাৰিত কৰিছে। ইয়াৰ ফলত অনুশাসনমূলক শৃংখল একত্ৰিত কৰা হৈছে, সিদ্ধান্ত গ্ৰহণৰ গতি ক্ষিপ্ৰ হৈছে আৰু কাৰ্য্যকৰী তথা সংহতি পৰম্পৰাৰ পোষকতা কৰা হৈছে। ব্যক্তিগত সেৱা পৰিচয়ক প্ৰভাৱান্বিত নকৰাকৈ কমাণ্ডক সুশৃংখলিত কৰি এই আইনখনে ভৱিষ্যতৰ সংহত থিয়েটাৰ কমাণ্ডৰ বাবে আইনী ভেটি স্থাপন কৰিছে। এই আইনখনৰ মূল প্ৰভাৱসমূহ হ’ল-
ইউনিফাইড কমাণ্ড: আই এছ অ’ কমাণ্ডাৰসকলে এটা কৰ্তৃত্বৰ অধীনত সকলো কৰ্মীক শৃংখলিত কৰিব পাৰে।
দ্ৰুত প্ৰক্ৰিয়া: আন্তঃসেৱা সমন্বয়ে অনাহক বিলম্ব হ্ৰাস কৰে।
যৌথ সহযোগিতাৰ পৰম্পৰা : যৌথ সেৱাৰ সংহতি আৰু ভাগ-বতৰা কৰাৰ দায়িত্বক উৎসাহিত কৰে।
থিয়েটাৰ কমাণ্ডৰ বাবে আইনী ভিত্তি: ভৱিষ্যতৰ সংহত কাৰ্য্যকলাপক ই সমৰ্থন কৰে।
সেৱাৰ পৰিচয় অক্ষুণ্ণ ৰখা: প্ৰতিটো সেৱাৰ অনন্য পৰিচয়সমূহ অক্ষত ৰখাত গুৰুত্ব দিয়া হৈছে ।
৫. জয়েণ্ট লজিষ্টিক ন'ড (JLNs)
তিনিওটা সেৱাৰ মাজত লজিষ্টিক সংহতিৰ বাবে মুম্বাই, গুৱাহাটী আৰু প’ৰ্ট ব্লেয়াৰত তিনিটা যুটীয়া লজিষ্টিক ন’ড (জেএলএন) স্থাপন কৰা হৈছে আৰু ২০২১ চনৰ পৰা ই কাৰ্যক্ষম হৈ আছে। এই জে এল এনসমূহে সশস্ত্ৰ বাহিনীক তেওঁলোকৰ কাৰ্য্যকৰী প্ৰচেষ্টাক একত্ৰিত কৰাৰ প্ৰয়াসত তেওঁলোকৰ অস্ত্ৰ, গোলাবাৰুদ, ৰেচন, ইন্ধন, অসামৰিক ভাড়াতীয়া পৰিবহণ, বিমান পৰিবহণৰ বাবে প্ৰয়োজনীয় কাপোৰ, অতিৰিক্ত সামগ্ৰীৰ লগতে অভিযান্ত্ৰিক সহায়ৰ বাবে সংহত লজিষ্টিক সেৱা প্ৰদান কৰে। এই পদক্ষেপে আৰ্থিক দিশৰ পৰা অপচয় ৰোধৰ উপৰি জনশক্তিৰ সঠিক প্ৰয়োগৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিছে। এনেদৰে ই সম্পদৰ সঠিক ব্যৱহাৰ সক্ষম কৰি তুলিছে।
৬/ যৌথ প্ৰশিক্ষণ পাঠ্যক্ৰম, আলোচনা চক্ৰ আৰু অনুশীলন
তিনিওটা সেৱাৰ বাবে ভৱিষ্যতৰ যুদ্ধ পাঠ্যক্ৰম: এয়া প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানৰ এক অগ্ৰণী পদক্ষেপ। এই হৈছে মেজৰ জেনেৰেলৰ পৰা আৰম্ভ কৰি মেজৰ আৰু অন্যান্য সেৱাৰ তেওঁলোকৰ সমতুল্য পৰ্যায়ৰ বিষয়াৰ বাবে এটা বিশেষ পাঠ্যক্ৰম। এই পাঠ্যক্ৰমৰ উদ্দেশ্য হৈছে বিষয়াসকলক আধুনিক যুদ্ধৰ কাৰ্য্যকৰী আৰু প্ৰযুক্তিগত দিশৰ সৈতে পৰিচিত কৰোৱা। তিনিওটা সেৱাৰ বিষয়াসকলৰ বাবে ভৱিষ্যতৰ যুদ্ধ পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তাৰ ধাৰণাটো প্ৰযুক্তিগত উন্নতি, পৰিৱৰ্তিত বিশ্বৰ গতিশীলতা আৰু উদীয়মান ভাবুকিৰ দ্বাৰা পৰিচালিত আধুনিক যুদ্ধৰ দ্ৰুতগতিত বিকশিত প্ৰকৃতিৰ পৰাই উদ্ভৱ হৈছিল। প্ৰবীণ আৰু সেৱা আগবঢ়োৱা বিশেষজ্ঞৰ সহায়ত মুখ্য কাৰ্যালয়ৰ সংহত প্ৰতিৰক্ষা কৰ্মচাৰীয়ে এই পাঠ্যক্ৰম নিৰ্বাচন কৰিছে। ২০২৪ চনৰ ২৩ - ২৭ ছেপ্টেম্বৰলৈ নতুন দিল্লীত আৰু ইয়াৰ দ্বিতীয় সংস্কৰণটো ২১ এপ্ৰিলৰ পৰা ০৯ মে’ ২০২৫লৈ নতুন দিল্লীৰ মানেকশ্ব চেণ্টাৰত অনুষ্ঠিত হয় ।দ্বিতীয় সংস্কৰণত সামৰিক অভিযানত বিশেষ বিষয় আৰু ক্ষেত্ৰ -নিৰ্দিষ্ট যুদ্ধৰ বিকাশ সাধন কৰি বৰ্ধিত পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছিল।
প্ৰতিৰক্ষা সেৱা কাৰিকৰী কৰ্মচাৰী পাঠ্যক্ৰম: প্ৰতিৰক্ষা সেৱা কাৰিকৰী কৰ্মচাৰী পাঠ্যক্ৰম (ডিএছটিএছচি) ২০২৪ চনৰ ১০ জুনত পুনেৰ এমআইএলআইটিত সেনা, নৌসেনা, বায়ুসেনা, উপকূলৰক্ষী আৰু বন্ধুত্বপূৰ্ণ বিদেশী ৰাষ্ট্ৰৰ ১৬৬ গৰাকী বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হৈছিল। প্ৰথমবাৰৰ বাবে এই পাঠ্যক্ৰমটো তিনিওটা সেৱাৰ যৌথ প্ৰশিক্ষণ দলে পৰিচালনা কৰিছিল, যিটো যৌথ সহযোগিতা আৰু বহুপাক্ষিক দিশত কাৰ্য্যকৰী প্ৰস্তুতিৰ উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে। বিষয়াসকলক উদীয়মান প্ৰযুক্তি, প্ৰতিৰক্ষা কৌশল আৰু ভূ-ৰাজনৈতিক সজাগতাৰ প্ৰশিক্ষণ দিয়া হৈছিল। ইয়াৰ লগতে লাইভ ড্ৰিল, প্ৰতিৰক্ষা অনুসন্ধান আৰু বিকাশ আৰু ঔদ্যোগিক কৰিডৰৰ সৈতে পৰিচিত কৰোৱাৰ দিহা কৰোৱা হৈছিল। লগতে সামৰিক সামৰ্থ্যত প্ৰযুক্তিৰ নেতৃত্ব আৰু আত্মনিৰ্ভৰশীলতাৰ বিষয়তো আলোকপাত কৰা হৈছিল।
পৰিৱৰ্তন চিন্তন সন্মিলন: ২০২৪ চনৰ ০৮ এপ্ৰিলত নতুন দিল্লীত অনুষ্ঠিত হোৱা তিনিওা সেৱাৰ সন্মিলন হৈছে ‘পৰিৱৰ্তন চিন্তন সন্মিলন’। যৌথ সহযোগিতা আৰু সংহতিক যৌথ গাঁথনিলৈ ৰূপান্তৰৰ মূল শিলাস্তম্ভ হিচাবে এই সন্মিলনে ভূমিকা পালন কৰিছিল। ভাৰতীয় সশস্ত্ৰ বাহিনী “ভৱিষ্যতৰ বাবে সাজু” হোৱাৰ উদ্দেশ্যেৰে আগবাঢ়িবলৈ এই সন্মিলনে নতুন দিশৰ সন্ধান দিছিল।
“বায়ু আৰু নৌসেনাৰ সহযোগিতা: ভাৰত মহাসাগৰ অঞ্চলত যুদ্ধ শক্তি বৃদ্ধি” শীৰ্ষক আলোচনা চক্ৰ:মুখ্য কাৰ্যালয় দক্ষিণ বায়ু কমাণ্ডে চেণ্টাৰ ফৰ এয়াৰ পাৱাৰ ষ্টাডিজ (CAPS)ৰ সহযোগত ২০২৫ চনৰ ২৫ ফেব্ৰুৱাৰীত “বায়ু আৰু নৌসেনাৰ সহযোগিতা: ভাৰত মহাসাগৰ অঞ্চলত যুদ্ধ শক্তি বৃদ্ধি” বিষয়ক আলোচনা চক্ৰৰ আয়োজন কৰে । ইয়াত মুখ্য কাৰ্যালয়ৰ সংহত প্ৰতিৰক্ষা কৰ্মচাৰী, মুখ্য কাৰ্যালয় দক্ষিণ বায়ু কমাণ্ড, ভাৰতীয় সেনা, ভাৰতীয় নৌসেনা আৰু কেপছৰ পৰা সেৱা আগবঢ়োৱা তথা বিষয়াসকলে অংশগ্ৰহণ কৰে । অংশগ্ৰহণকাৰীসকলে সামুদ্ৰিক ক্ষেত্ৰৰ পৰা বিমান অভিযানৰ সহযোগিতা আৰু যুদ্ধ শক্তি বৃদ্ধিৰ বিষয়ত আলোচনা কৰে। ইয়াত অংশগ্ৰহণকাৰীসকলে যৌথ অভিযান ক্ষমতা শক্তিশালী কৰাৰ ক্ষেত্ৰত মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰাৰ লগতে নিজা নিজা দৃষ্টিভংগী আগবঢ়ায়।
যৌথ অনুশীলন :
অনুশীলন প্ৰচণ্ড প্ৰহাৰ ২০২৫: ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে অৰুণাচল প্ৰদেশৰ উত্তৰ সীমান্তৰ কাষৰীয়া হিমালয়ৰ উচ্চ উচ্চতাৰ ভূখণ্ডত তিনিওা সেৱাৰ সংহত বহুপাক্ষিক দিশৰ অনুশীলন প্ৰচণ্ড প্ৰহাৰ অনুষ্ঠিত কৰে। ২০২৫ চনৰ ২৫ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ অনুষ্ঠিত হোৱা এই তিনিদিনীয়া অনুশীলনত সেনা, বায়ুসেনা আৰু নৌসেনাৰ সৈতে জড়িত সমন্বিত অভিযানৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয় । প্ৰচণ্ড প্ৰহাৰ ২০২৪ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা অনুশীলন পুৰ্বী প্ৰহাৰৰ গ্ৰহণ কৰা অনুশীলন পৰ্ব আছিল। যিয়ে বিমান শক্তিৰ সংহত প্ৰয়োগৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছিল। এই অনুশীলনে সংহত পৰিকল্পনা, কমাণ্ড তথা নিয়ন্ত্ৰণ আৰু তিনিওটা সেৱাতে নিৰীক্ষণৰ লগতে নিৰৱচ্ছিন্ন সহযোগিতাৰ বিষয়ত গুৰুত্ব দিছিল।
অনুশীলন ডেজাৰ্ট হান্ট ২০২৫: ভাৰতীয় বায়ুসেনাই বায়ুসেনা ষ্টেচন যোধপুৰত ২০২৫ চনৰ ২৪ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ অনুশীলন ডেজাৰ্ট হান্ট ২০২৫ অনুষ্ঠিত কৰিছিল। ইয়াত ভাৰতীয় সেনাবাহিনীৰ অভিজাত পেৰা বাহিনী(বিশেষ বাহিনী), ভাৰতীয় নৌসেনাৰ মেৰিন কমাণ্ডোৰ লগতে বায়ুসেনাৰ গৰুড় (বিশেষ বাহিনী)য়ে যোগদান কৰিছিল। এই উচ্চ তীব্ৰতাসম্পন্ন অনুশীলনৰ লক্ষ্য আছিল উদীয়মান নিৰাপত্তা সম্পৰ্কীয় প্ৰত্যাহ্বানৰ প্ৰতি দ্ৰুত আৰু ফলপ্ৰসূ সঁহাৰি নিশ্চিত কৰিবলৈ তিনিটা বিশেষ বাহিনীৰ গোটৰ মাজত আন্তঃকাৰ্য্যক্ষমতা, সমন্বয় আৰু সহযোগিতা বৃদ্ধি কৰা।
৭) প্ৰযুক্তি সম্পৰ্কীয় সংহতি আৰু নেটৱৰ্ক-কেন্দ্ৰিক যুদ্ধ
প্ৰতিৰক্ষা যোগাযোগ নেটৱৰ্ক (DCN): ডিচিএন হৈছে এক কৌশলগত, একচেটিয়া, সুৰক্ষিত আৰু অত্যাধুনিক যোগাযোগ নেটৱৰ্ক। ডিচিএনৰ ৰূপায়ণ ভাৰতীয় সামৰিক উদ্যোগৰ শক্তিৰ প্ৰমাণ আৰু ই মেক ইন ইণ্ডিয়া কাৰ্যসূচীত চৰকাৰে গুৰুত্ব দিয়াৰ কথা পুনৰ দৃঢ়তাৰে প্ৰতিফলিত কৰিছে। ডিচিএন হৈছে তিনিওটা সেৱা, সংহত প্ৰতিৰক্ষা কৰ্মচাৰী আৰু কৌশলগত বাহিনীৰ কমাণ্ডৰ মাজেৰে নেটৱৰ্ক কেন্দ্ৰিকতা নিশ্চিত কৰাৰ দিশত এক বিশেষ পদক্ষেপ। এই নেটৱৰ্কে পৰ্যাপ্ত সুৰক্ষিত ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি তিনিওটা সেৱাক ভয়েচ, ডাটা আৰু ভিডিঅ’ সেৱা প্ৰদান কৰে।
ইণ্টেগ্ৰেটেড এয়াৰ কমাণ্ড এণ্ড কণ্ট্ৰোল ছিষ্টেম (আইএচিচিএছ): ভাৰতীয় বায়ুসেনাৰ ইণ্টেগ্ৰেটেড এয়াৰ কমাণ্ড এণ্ড কণ্ট্ৰোল ছিষ্টেম (আইএচিচিএছ)ব্যৱস্থাই বাস্তৱ সময়ৰ সমন্বয় সম্ভৱ কৰি তুলিছে। যাৰ ফলত সেনা, নৌসেনা আৰু বায়ুসেনাৰ একাধিক ইউনিটত সমন্বিত সঁহাৰি লাভ কৰাো সক্ষম হৈছে । শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত অপাৰেচন সিন্দূৰৰ উত্তেজনাৰ সময়ত এই ব্যৱস্থাই নিজৰ যোগ্যতা প্ৰমাণ কৰিছে।
৮) ‘প্ৰতিৰক্ষা সংস্কাৰৰ বছৰ’ – ২০২৫
প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সকলো সচিবৰ সৈতে সৰ্বসন্মতিক্ৰমে ২০২৫ চনক প্ৰতিৰক্ষা মন্ত্ৰালয়ত ‘প্ৰতিৰক্ষা সংস্কাৰৰ বছৰ’ হিচাপে পালন কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ লক্ষ্য হৈছে সশস্ত্ৰ বাহিনীক বহুপাক্ষিক ক্ষেত্ৰত সংহত অভিযান চলাব পৰাকৈ প্ৰযুক্তিগতভাৱে উন্নত যুদ্ধ-প্ৰস্তুতৰে সাজু কৰি তোলা। ২০২৫ চনত এই বিষয়ত কেন্দ্ৰীভূত হস্তক্ষেপৰ বাবে চিনাক্ত কৰা বিস্তৃত ক্ষেত্ৰসমূহৰ ভিতৰত আছে:
যৌথ সহযোগিতা আৰু সংহতিৰ পদক্ষেপক অধিক শক্তিশালী কৰি তোলা আৰু ইণ্টেগ্ৰেটেড থিয়েটাৰ কমাণ্ড স্থাপনৰ সুবিধা প্ৰদান কৰা।
আন্তঃসেৱা সহযোগিতা আৰু প্ৰশিক্ষণৰ জৰিয়তে কাৰ্য্যকৰী প্ৰয়োজনীয়তা আৰু যৌথ কাৰ্য্যকৰী ক্ষমতাৰ বিষয়ে বুজাবুজিৰ পৰিবেশ গঢ়ি তোলা।
উপসংহাৰ
স্থল, সাগৰ আৰু বায়ুৰ মাজেৰে ভাৰতে শক্তি প্ৰদৰ্শন এতিয়া আৰু তাত্ত্বিক বিষয় হৈ থকা নাই, ই গঠন, সমন্বয় আৰু গভীৰ সংহতিৰ এক নিদৰ্শন । দেশৰ তিনিওটা সেৱাই এতিয়া এক সংহত শক্তি হিচাপে সহযোগিতাৰে কাম কৰি আছে। আধুনিক সময়ত পৰম্পৰাগত সীমাবদ্ধতাবোৰ অস্পষ্ট হৈ পৰিছে আৰু সংহত সহযোগিতাই নিশ্চিত কৰিছে যে হিমালয়ৰ সুউচ্চ স্থান আগ্ৰাসনৰ সন্মুখীন নহ’ব , সামুদ্ৰিক সীমা সুৰক্ষিত হৈ ৰ’ব বা আকাশী অনুপ্ৰৱেশ নিষ্ক্ৰিয় কৰা হ’ব । এই সকলোবোৰৰ বাবে ভাৰত এতিয়া ঐক্যবদ্ধভাবে সাজু। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ভৱিষ্যত যৌথ সহযোগিতাৰ বিষয়তে নিহিত হৈ আছে। ভাৰতে ইতিমধ্যে উদ্দেশ্য আৰু সংকল্পৰে সেই ভৱিষ্যতৰ পৰিকল্পনা প্ৰস্তুত কৰি আছে।
তথ্যসূত্ৰসমূহ
Ministry of Information and Broadcasting
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2107177
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2023710
https://www.pib.gov.in/Pressreleaseshare.aspx?PRID=1597425
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2057584
https://mod.gov.in/sites/default/files/AR_0.pdf
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2021210
https://www.pib.gov.in/PressReleseDetailm.aspx?PRID=2122831
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2106207
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2089184
https://www.pib.gov.in/newsite/PrintRelease.aspx?relid=198903
https://www.pib.gov.in/PressReleseDetailm.aspx?PRID=1601812
https://www.pib.gov.in/PressReleasePage.aspx?PRID=1708998
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2017419
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2128748
https://ddnews.gov.in/en/indian-armed-forces-conduct-tri-services-exercise-prachand-prahar/
https://ddnews.gov.in/en/akash-missile-iaccs-and-drones-drive-indias-defence-success-in-operation-sindoor/
https://www.mea.gov.in/media-briefings.htm?dtl/39474/Transcript+of+Special+Briefing+on+OPERATION+SINDOOR+May+07+2025
https://www.mea.gov.in/media-briefings.htm?dtl/39482/Transcript_of_Special_briefing_on_OPERATION_SINDOOR_May_09_2025
https://sansad.in/getFile/loksabhaquestions/annex/178/AU4977.pdf?source=pqals
https://ddnews.gov.in/en/bsf-foils-major-infiltration-bid-along-international-border-in-samba/
https://www.mod.gov.in/sites/default/files/0201202402.pdf
https://www.pib.gov.in/newsite/PrintRelease.aspx?relid=146663
Click here to see in PDF
Santosh Kumar/ Ritu Kataria/ Anchal Patiyal/ Rishita Aggarwal/DM
(Release ID: 2129550)