প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

তেলেংগানাৰ হায়দৰাবাদত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাসকলৰ দুখত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে

‘পিএমএনআৰএফ’-ৰ পৰা এককালীন সাহায্য ঘোষণা

प्रविष्टि तिथि: 18 MAY 2025 12:00PM by PIB Guwahati

 

তেলেংগানাৰ হায়দৰাবাদত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ দুখত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘পিএমএনআৰএফ’-ৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে;

"তেলেংগানাৰ হায়দৰাবাদত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ দুখত গভীৰ বেদনা অনুভৱ কৰিছোঁ। যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জনাইছোঁ। আহতসকলে আশু আৰোগ্য লাভ কৰক।"

‘পিএমএনআৰএফ’-ৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়ক ২লাখ টকাকৈ দিয়া হ’ব। আহতসকলক ৫০,০০০  টকাকৈ দিয়া হ’ব: পি এম "

@narendramodi

 

***

MJPS/VJ/KB


(रिलीज़ आईडी: 2129520) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam