গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে ছত্তীশগড় আৰু তেলেংগানা সীমান্তৰ কাৰেগুট্টা পাহাৰত নক্সাল বিৰোধী অভিযানৰ সময়ত আহত নিৰাপত্তাৰক্ষীক, এইমছ দিল্লীত সাক্ষাৎ কৰে

গৃহমন্ত্ৰীয়ে তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোছা কৰে আৰু তেওঁলোকৰ ওপৰত থকা ৰাষ্ট্ৰৰ আস্থা আৰু গৌৰৱৰ আশ্বাস দিয়ে

আমাৰ নিৰাপত্তা বাহিনীয়ে নিজৰ বীৰত্বৰে নক্সালবাদৰ প্ৰতিটো চিন মচি আছে

Posted On: 15 MAY 2025 7:38PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি দিল্লীৰ এইমছ ট্ৰমা চেণ্টাৰ পৰিদৰ্শন কৰে, আৰু ছত্তীশগড় আৰু তেলেংগানা সীমান্তৰ কাৰেগুট্টা পাহাৰত, ৩১জন নক্সালবাদী নিহত হোৱা, নক্সাল বিৰোধী অভিযানত আহত নিৰাপত্তাৰক্ষীক সাক্ষাৎ কৰে।

এটা এক্স পোষ্টত শ্ৰী অমিত শ্বাহে কয়, আমাৰ নিৰাপত্তা বাহিনীয়ে নিজৰ বীৰত্বৰে নক্সালবাদৰ প্ৰতিটো চিন মচি আছে। আজি দিল্লীৰ এইমছ ট্ৰমা চেণ্টাৰ পৰিদৰ্শন কৰে আৰু ছত্তীশগড় আৰু তেলেংগানা সীমান্তৰ কাৰেগুট্টা পাহাৰত, ৩১জন নক্সালবাদী নিহত হোৱা, নক্সাল বিৰোধী অভিযানত আহত নিৰাপত্তাৰক্ষীক সাক্ষাৎ কৰে। তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোছা কৰে আৰু তেওঁলোকৰ ওপৰত থকা ৰাষ্ট্ৰৰ আস্থা আৰু গৌৰৱৰ আশ্বাস দিয়ে।

শ্ৰী অমিত শ্বাহে কয় যে বীৰ জোৱানসকলে ছত্তীশগড়-তেলেংগানা সীমান্তত ২১ দিন একেৰাহে অভিযান চলাই ৩১জন নক্সালবাদীক হত্যা কৰে। এই জোৱানসকলৰ বীৰত্ব আৰু সাহসক লৈ সমগ্ৰ দেশ গৌৰৱান্বিত বুলিও তেওঁ লগতে কয়।

**********

RK/VV/PR/PS


(Release ID: 2129025)