প্ৰতিৰক্ষা মন্ত্ৰালয়
পাকিস্তানৰ ক্ৰম-বৰ্ধমান আক্ৰমণৰ অপচেষ্টা - ভাৰতৰ যোগ্য প্ৰত্যুত্তৰ
प्रविष्टि तिथि:
08 MAY 2025 2:34PM by PIB Guwahati
০৭ মে’, ২০২৫-ত অপাৰেচন সিন্দূৰক লৈ আয়োজিত প্ৰেছ ব্রিফিঙত ভাৰতে ইয়াৰ প্ৰত্যুত্তৰক দৃঢ়, সু-বিবেচিত আৰু অ-এস্কেলেটৰী বুলি অভিহিত কৰিছিল। ইয়াত বিশেষভাৱে উল্লেখ কৰা হৈছিল যে পাকিস্তানী সামৰিক প্ৰতিষ্ঠানসমূহক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হোৱা নাই। ভাৰতৰ সামৰিক লক্ষ্যত সংঘটিত সকলো আক্রমণৰে উপযুক্ত প্রত্যুত্তৰ প্ৰদান কৰা হ’ব বুলিও পুনৰ উল্লেখ কৰা হৈছিল।
ইয়াৰ মাজতে ০৭-০৮ মে’-ৰ নিশা পাকিস্তানে ড্ৰোন আৰু মিছাইল ব্যৱহাৰেৰে অৱন্তিপুৰা, শ্ৰীনগৰ, জম্মু, পাঠানকোট, অমৃতসৰ, কাপুৰথালা, জলন্ধৰ, লুধিয়ানা, আদমপুৰ, বাথিন্দা, চণ্ডীগড়, নল, ফালোডী, উত্তৰলাই আৰু ভূজকে প্ৰমুখ্য কৰি উত্তৰ আৰু পশ্চিম ভাৰতস্থিত কেইবাটাও সামৰিক লক্ষ্যত আক্ৰমণৰ অপচেষ্টা চলায়। ইয়াক ইন্টিগ্ৰেটেড কাউন্টাৰ ইউএএছ গ্ৰীড আৰু এয়াৰ ডিফেন্স চিষ্টেমৰ দ্বাৰা ব্যৰ্থ কৰা হৈছিল। এই আক্ৰমণৰ ধ্বংসাৱশেষ এতিয়া একাধিক স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে, যিয়ে পাকিস্তানী আক্ৰমণৰ সাক্ষ্য বহন কৰে।
আজি পুৱাৰ ভাগত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তানৰ একাধিক স্থানৰ এয়াৰ ডিফেন্স ৰাডাৰ আৰু ব্যৱস্থাক লক্ষ্য কৰি লয়। এই ক্ষেত্ৰতে ভাৰতে পাকিস্তানৰ দৰেই তীব্ৰতাৰে প্ৰত্যুত্তৰ প্ৰদান কৰিছে। নিৰ্ভৰযোগ্য তথ্য অনুসৰি, লাহোৰৰ এটা এয়াৰ ডিফেন্স চিষ্টেম ধ্বংস কৰা হৈছে।
পাকিস্তানে জম্মু-কাশ্মীৰৰ কুপৱাৰা, বাৰামুল্লা, উৰি, পুঞ্চ, মেন্ধাৰ আৰু ৰাজৌৰী চেক্টৰ অঞ্চলত মৰ্টাৰ আৰু গুৰু কেলিবাৰ আৰ্টিলাৰী ব্যৱহাৰেৰে নিয়ন্ত্ৰণ ৰেখাত নিৰ্বিচাৰ গুলীবৰ্ষণৰ তীব্ৰতা বৃদ্ধি কৰিছে।
পাকিস্তানৰ এনে গুলীচালনাত তিনিগৰাকী মহিলা আৰু ৫ শিশুসহ ষোল্লজন নিৰীহ লোকৰ প্ৰাণহানি হৈছে। ইয়াতো ভাৰতে পাকিস্তানৰ মৰ্টাৰ আৰু আৰ্টিলাৰী ফায়াৰ ৰোধ কৰিবলৈ প্ৰত্যুত্তৰ দিবলৈ বাধ্য হৈছিল।
ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে অ-এস্কেলেচনৰ অংগীকাৰৰ কথা দোহাৰে, যদিহে এই মনোভাৱক পাকিস্তানী সেনাই সন্মান কৰে।
****
SC/SB
(रिलीज़ आईडी: 2127708)
आगंतुक पटल : 30
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
Nepali
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam