WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

“বিশ্ব মঞ্চলৈ উত্তৰণ ভাৰতৰ থলুৱা ক্ৰীড়া ” — ৱেভছ ২০২৫ত ভাৰতৰ ক্ৰীড়া ঐতিহ্যক উদযাপন আৰু গোলকীকৰণ কৰাৰ আহ্বান


থলুৱা খেল-ধেমালি কেৱল শাৰীৰিক প্ৰতিযোগিতা নহয়, আমাৰ সম্প্ৰদায়, পৰম্পৰা আৰু পৰিচয়ৰ এক অবিচ্ছেদ্য অংগ: ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি

খেলো ইণ্ডিয়াৰ পদক্ষেপ তৃণমূল পৰ্যায়ৰ প্ৰতিভাক প্ৰতিপালন কৰাৰ লগতে আৰু ভাৰতীয় ক্ৰীড়াৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত এক পৰিৱৰ্তনশীল শক্তি হিচাবে পৰিগণিত হৈছে: ৰক্ষা নিখিল খাদছে

 प्रविष्टि तिथि: 04 MAY 2025 2:50PM |   Location: PIB Guwahati

 

কালি মুম্বাইৰ ৱেভছ শীৰ্ষ সন্মিলনত  অনুষ্ঠিত এক  অন্তৰ্দৃষ্টিসম্পন্ন পেনেল আলোচনাত থলুৱা  ক্ৰীড়াৰ চহকী ঐতিহ্য আৰু ভাৰতৰ ভূখণ্ডৰ  পৰা বিশ্বৰ ক্ষেত্ৰলৈ এনে খেলৰ  ক্ৰমবৰ্ধমান যাত্ৰাৰ বিষয়ত  চৰ্চা কৰা  হয়। “থলুৱা ক্ৰীড়া: ভাৰতৰ পৰা বিশ্ব পৰ্যায়লৈ” শীৰ্ষক এই অধিৱেশনত প্ৰভাৱশালী নীতি নিৰ্ধাৰক, বিশিষ্ট খেলুৱৈ, ক্ৰীড়া উদ্যোগী আৰু চিন্তাশীল ব্যক্তিসকলে অংশগ্ৰহণ কৰি নিজৰ দৃষ্টিভংগী ব্যক্ত কৰে। অধিৱেশনত উপস্থিত থকাসকলে ভাৰতৰ থলুৱা খেলসমূহক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ আৰু সফলতাৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/Picture4NE5B.png

 

অধিৱেশনত মূল ভাষণ প্ৰদান কৰি ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰীযুত মোহন চৰণ মাঝিয়ে ভাৰতৰ থলুৱা ক্ৰীড়াৰ গভীৰ সাংস্কৃতিক শিপাৰ কথা মনোগ্ৰাহীভাবে আলোকপাত কৰে। ভাৰতবৰ্ষক বিশ্বব্যাপী ক্ৰীড়াৰ শক্তি কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দিশত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ কয়, ‘এই খেলসমূহ কেৱল শাৰীৰিক প্ৰতিযোগিতা নহয়, ই আমাৰ সম্প্ৰদায়, আমাৰ পৰম্পৰা আৰু আমাৰ পৰিচয়ৰ এক অবিচ্ছেদ্য অংগ। শ্ৰী মাঝিয়ে লগতে এই বিষয়ত  আলোকপাত কৰে যে  জনজাতীয় সম্প্ৰদায়ৰ বাসগৃহ ওড়িশাই এই প্ৰাচীন খেলসমূহ সংৰক্ষণ কৰি ৰাখিছে আৰু ক্ৰীড়াৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। “আমি গ্ৰাম্য প্ৰতিভাক লালন-পালন কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু প্ৰতিজন মেধাৱী খেলুৱৈকে উজ্জ্বল কৰি তুলিবলৈ  এক মঞ্চ প্ৰদান কৰাটো  নিশ্চিত কৰিছো”, তেওঁ কয়।

https://static.pib.gov.in/WriteReadData/userfiles/image/Picture590YD.png

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্য মন্ত্ৰী শ্ৰীমতী  ৰক্ষা নিখিল খাদছেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৱেভছ মঞ্চক ক্ৰীড়া সম্পৰ্কীয়  উল্লেখযোগ্য আন্দোলনটোক কেন্দ্ৰ কৰি এক অৰ্থপূৰ্ণ আলোচনাৰ পোষকতা কৰাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। ‘ভাৰত ইতিমধ্যে যোগৰ বিশ্ব ৰাষ্ট্ৰদূত হিচাপে আত্মপ্ৰকাশ হৈছে।এতিয়া আমি আমাৰ পৰম্পৰাগত খেল যেনে খো-খো আৰু কাবাদীক আন্তঃৰাষ্ট্ৰীয় মঞ্চত গৌৰৱেৰে প্ৰদৰ্শন কৰিছো।খেলো ইণ্ডিয়াৰ পদক্ষেপে তৃণমূল পৰ্যায়ৰ প্ৰতিভাক লালন-পালন কৰা আৰু ভাৰতীয় ক্ৰীড়াৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত এক পৰিৱৰ্তনশীল শক্তি হিচাপে প্ৰমাণিত হৈছে।’-মহিলাগৰাকীয়ে মন্তব্য কৰে। তেওঁ আৰু কয় যে ক্ৰীড়াই কেৱল শাৰীৰিক সুস্থতাৰ প্ৰসাৰ কৰাই নহয়, সম্পৰ্কক শক্তিশালী কৰে আৰু ঐক্যকো টনকিয়াল কৰে—ই ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ মূল মৰ্মক প্ৰতিফলিত কৰে।

 

প্ৰ’ কাবাডী লীগৰ লীগ আয়ুক্ত অনুপম গোস্বামীয়ে ক্ৰীড়াৰ ক্ষেত্ৰ  হিচাপে ভাৰতৰ বিশাল সম্ভাৱনাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয়, “আমি সকলো  সুযোগ ব্যৱহাৰ কৰি থলুৱা ক্ৰীড়াক প্ৰসাৰিত কৰিব লাগিব, যিয়ে অপৰিসীম আবেগিক আৰু সাংস্কৃতিক মূল্য বহন কৰিছে ।”

 

ইৰাণৰ জনপ্ৰিয়  পিকেএল এথলীট ফাজেল আট্ৰাচালিয়ে কয় যে কাবাদীয়ে কেনেদৰে তেওঁৰ জীৱনক ৰূপান্তৰিত কৰিছে। 'পিকেএলৰ কৃপাত কাবাদী এটা পেছাদাৰী খেলত পৰিণত হৈছে, খেলুৱৈসকলক খ্যাতি আৰু আৰ্থিক নিৰাপত্তা প্ৰদান কৰিছে',  ফাজেলে কয়।

 

ইংলিছ ক্ৰিকেট ব’ৰ্ডৰ নিয়ন্ত্ৰক অধ্যক্ষ নিক কাৱাৰ্ডে বিশ্বায়ন আৰু আধুনিক বিতৰণ চেনেলৰ গুৰুত্বৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। “পৰম্পৰাগত ক্ৰীড়াক বিশ্বজুৰি জনপ্ৰিয় কৰিবলৈ আমি ই-স্প’ৰ্টছকে ধৰি ডিজিটেল প্লেটফৰ্ম আঁকোৱালি ল’ব লাগিব”, তেওঁ  কয়।

 

খো-খো ফেডাৰেচনৰ সভাপতি সুধাংশু মিট্টালে প্ৰকাশ কৰে যে এতিয়া খো-খো ৫৫খন দেশত খেলা হয়, বছৰৰ শেষলৈকে ৯০খনতকৈও অধিক দেশত এই খেলে  স্থান লাভ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। 'আমাৰ থলুৱা খেলসমূহ অনন্য—অধিক কৌশলেৰে পূৰ্ণ, ইয়াৰ বাবে  শক্তি আৰু আত্মাৰ শক্তিৰ প্ৰয়োজন। এনে খেলসমূহৰ অপৰিসীম বিশ্বব্যাপী আবেদন আছে। কিন্তু ইয়াৰ বাবে চৰকাৰী সমৰ্থন, ব্ৰেণ্ডিং আৰু কূটনৈতিক সমৰ্থনৰ প্ৰয়োজন", তেওঁ দৃঢ়তাৰে কয়।

 

ফেনক’ডৰ প্ৰতিষ্ঠাপক য়ানিক ক’লাকোৱে প্ৰযুক্তিক পৰিৱৰ্তনকামী শক্তি  হিচাপে আঙুলিয়াই দিয়ে। "প্ৰৱেশ আৰু নিয়োজিততাই মূল কথা। সঠিক প্ৰযুক্তিৰ সহায়ত আমি  অনুৰাগীৰে সংযোগ সৃষ্টি কৰিব পাৰো আৰু ভাৰতীয় ক্ৰীড়াক বিশ্বব্যাপী লৈ যাব পাৰো", তেওঁ  কয়।

https://static.pib.gov.in/WriteReadData/userfiles/image/Picture6A5N8.png

ক্ৰীড়া বিষয়ক এই অধিৱেশনৰ আঁত ধৰে মন্ত্ৰ মুগধে। তেওঁ সমগ্ৰ  আলোচনাক বৈচিত্ৰ্যময় অন্তৰ্দৃষ্টি আৰু আগন্তুক দৃষ্টিভংগীৰ সংমিশ্ৰণ ঘটাই  নিপুণভাৱে আগুৱাই লৈ যায়।  

PIB TEAM WAVES 2025 | Rajith | Lekshmipriya | Swadhin | CShekhar |DM

 


रिलीज़ आईडी: 2126927   |   Visitor Counter: 25

इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , Punjabi , हिन्दी , Urdu , English , Marathi , Nepali , Gujarati , Odia , Tamil , Telugu