তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
"বিয়ণ্ড নস্টালজিয়া: দ্য বিজনেছ অব ৰিষ্টোৰড ক্লাছিকছ" – ‘ৱেভছ ২০২৫’-ত অন্তৰ্দৃষ্টিপূৰ্ণ আলোচনা
‘ধ্ৰুপদী চলচ্চিত্ৰ’সমূহৰ গুৰুত্ব মনোৰঞ্জনতকৈয়ো অধিক - সেইবোৰ হৈছে আমাৰ সামূহিক সাংস্কৃতিক পৰিচয় আৰু ঐতিহ্যৰ প্ৰতিফলন: প্ৰকাশ মগডুম
পুনৰুদ্ধাৰে ধন, সময় আৰু দক্ষ সমলৰ গুৰুত্বপূৰ্ণ বিনিয়োগ দাবী কৰে: শ্বেহজাদ চিপ্পি
নতুন সমলৰ প্ৰলয় স্বত্বেও, উদ্যোগটোৱে ইয়াৰ মূলভূত কৰ্মসমূহ সংৰক্ষিত কৰিবলৈ কাম কৰিব লাগিব: কমল গিয়ানচন্দানি
Posted On:
03 MAY 2025 6:18PM
|
Location:
PIB Guwahati
"বিয়ণ্ড নস্টালজিয়া: দ্য বিজনেছ অব ৰিষ্টোৰড ক্লাছিকছ" শীৰ্ষক এক অন্তৰ্দৃষ্টিপূৰ্ণ পেনেল আলোচনাৰ সৈতে ‘ৱেভছ ২০২৫’-ত ভাৰতীয় চলচ্চিত্ৰই বিশেষ চৰ্চা লাভ কৰে। বিশিষ্ট চলচ্চিত্ৰ-বাণিজ্য বিশ্লেষক তৰণ আদৰ্শৰ সুদক্ষ পৰিচালনাৰে প্ৰস্তুত কৰা এই অধিৱেশনখনে সাম্প্ৰতিক সময়ৰ দৰ্শকসকলৰ বাবে চলচ্চিত্ৰৰ ৰত্নস্বৰূপ ছবিসমূহৰ পুনৰুদ্ধাৰৰ তাৎপৰ্য, প্ৰত্যাহ্বান আৰু ভৱিষ্যত সন্দৰ্ভত চিন্তা-চৰ্চা কৰিবলৈ উদ্যোগটোৰ প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰিছিল।

চলচ্চিত্ৰ প্ৰদৰ্শনী আৰু বিতৰণ ক্ষেত্ৰৰ এগৰাকী বিশিষ্ট কৰ্ণধাৰ কমল জিয়ানচান্দানিৰ সৈতে হোৱা বাৰ্তালাপৰে অধিৱেশন আৰম্ভ হৈছিল, যিয়ে ডিজিটেল প্লেটফৰ্মত ধ্ৰুপদী ছবিসমূহ উপলব্ধ কৰাৰ জৰুৰী প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। "আমাৰ বহুতো চলচ্চিত্ৰ ৰাজহুৱা স্মৃতিৰ পৰা নাইকিয়া হৈ যায় কিয়নো সেইবোৰ সহজে উপলব্ধ নহয়। দৰ্শকসকলে আমাক নিৰন্তৰ কৈ থাকে যে তেওঁলোকে ‘ক্লাছিক’বোৰ পুনৰ চাব বিচাৰে," তেওঁ উল্লেখ কৰে যে নতুন সমলৰ প্ৰলয় স্বত্বেও উদ্যোগটোৱে ইয়াৰ মূলভূত কৰ্মবোৰ সংৰক্ষিত কৰিবলৈ কাম কৰিব লাগিব।
‘আইকনিক চিনেমা’ৰ উত্তৰাধিকাৰিত্বক প্ৰতিনিধিত্ব কৰা শ্বেহজাদ চিপ্পীয়ে চলচ্চিত্ৰ নিৰ্মাণৰ বিৱৰ্তন আৰু আগৰ দশকবোৰৰ অনন্য কাহিনী কোৱাৰ পদ্ধতি প্ৰসংগত চৰ্চা আগবঢ়ায়। "চলচ্চিত্ৰ নিৰ্মাণ তেতিয়া এক বেলেগ কলা আছিল, আৰু আজিৰ দৰ্শকসকল সেই যুগৰ অভিজ্ঞতা জানিবলৈ আক্ষৰিক অৰ্থতে আগ্ৰহী। অৱশ্যে, পুনৰুদ্ধাৰে ধন, সময় আৰু দক্ষ সমলৰ গুৰুত্বপূৰ্ণ বিনিয়োগ দাবী কৰে," তেওঁ কয়।

চলচ্চিত্ৰ প্ৰযোজক তথা অভিনেতা জেকী ভাগনানীয়ে দৰ্শকৰ পছন্দৰ পূৰ্বানুমান কৰিব নোৱাৰা প্ৰকৃতি সন্দৰ্ভত আলোকপাত কৰে। "মানুহৰ সময় মূল্যৱান- তেওঁলোকে মানসম্পন্ন সমল বিচাৰে। যি অনুৰণিত হয় সেয়া প্ৰায়ে বিষয়ভিত্তিক, ঋতুগত, বা মনোভাৱৰ দ্বাৰা সঞ্চালিত হয়। কিন্তু যুগ যিয়েই নহওঁক কিয় আমি সদায়ে আমাৰ সৰ্বশ্ৰেষ্ঠখিনি প্ৰদান কৰিবলৈ চেষ্টা কৰোঁ," তেওঁ কয়।

এক নীতি আৰু ঐতিহ্যৰ দৃষ্টিভংগী উথ্থাপন কৰি আহমেদাবাদৰ ‘পিআইবি আৰু চিবিচি’ৰ অতিৰিক্ত সঞ্চালক প্ৰধান প্ৰকাশ মগডুমে ভাৰতৰ চলচ্চিত্ৰৰ উত্তৰাধিকাৰিত্ব সংৰক্ষণৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাত আলোকপাত কৰে। "ভাৰতীয়সকল গভীৰভাৱে ‘নস্টালজিক’। যদিও পুৰণি প্ৰজন্মই তেওঁলোকৰ যৌৱনৰ যাদুক পুনৰুজ্জীৱিত কৰিব বিচাৰে, যুৱ প্ৰজন্ময়ো তেওঁলোকে ইমানকৈ শুনি অহা ‘ক্লাছিক’সমূহৰ অভিজ্ঞতা লবলৈ বাৰুকৈয়ে আগ্ৰহী। চলচ্চিত্ৰৰ পুনৰুদ্ধাৰ হৈছে একাধিক অংশীদাৰক অন্তৰ্ভুক্ত কৰা এক সতৰ্ক প্ৰক্ৰিয়া, কিন্তু অত্যাধুনিক প্ৰযুক্তিৰ সুবাদত আমি মূল দৃষ্টিভংগীক অক্ষত ৰাখিবলৈ সক্ষম হৈছো," তেওঁ ব্যাখ্যা কৰে।
তেওঁ ভাৰত চৰকাৰৰ নেতৃত্বত চলচ্চিত্ৰৰ সম্পদ সংৰক্ষণ, ডিজিটাইজ কৰা আৰু পুনৰুদ্ধাৰৰ লক্ষ্যৰে লোৱা এক পদক্ষেপ উচ্চাভিলাষী ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ ঐতিহ্য মিছন’ৰ বিষয়ে বিশদ বৰ্ণনা কৰে। "ধ্ৰুপদী চলচ্চিত্ৰসমূহৰ গুৰুত্ব মনোৰঞ্জনতকৈয়ো অধিক- সেইবোৰ হৈছে আমাৰ সামূহিক সাংস্কৃতিক পৰিচয় আৰু ঐতিহ্যৰ প্ৰতিফলন। প্ৰত্যাহ্বান যথেষ্ট আছে, বিশেষকৈ উষ্ণতা আৰু আৰ্দ্ৰতাই চলচ্চিত্ৰৰ ‘ৰীল’সমূহক প্ৰভাৱিত কৰাৰ লগতে ‘ডিজিটেল ডাটা’ সংৰক্ষণৰ বৰ্ধিত জটিলতাৰ দৰে কাৰকৰ। তথাপিও, এই দায়িত্ব তৎক্ষণাৎ আৰু নিষ্ঠাৰে পূৰণ কৰিব লাগিব", শ্ৰী মগডুমে অভিমত ব্যক্ত কৰে।
পেনেলে এক শক্তিশালী স্মাৰক হিচাপে কাম কৰিছিল যে পুনৰুদ্ধাৰ কৰা ‘ক্লাছিক’সমূহ কেৱল অতীতৰ ধ্বংসাৱশেষেই নহয়, বৰঞ্চ সংস্কৃতি, আৱেগ আৰু উত্তৰাধিকাৰিত্বৰ জীৱন্ত বাহকো। পুনৰুদ্ধাৰৰ ব্যৱসায়ে গতি লাভ কৰাৰ লগে লগে, এয়া স্পষ্ট যে প্ৰযুক্তি, আবেগ আৰু নীতিৰ সংমিশ্ৰণে ভাৰতৰ চলচ্চিত্ৰ ঐতিহ্যক অনাগত প্ৰজন্মক অনুপ্ৰাণিত কৰি থকাটো নিশ্চিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব।
For official updates on realtime, please follow us:
On X :
https://x.com/WAVESummitIndia
https://x.com/MIB_India
https://x.com/PIB_India
https://x.com/PIBmumbai
On Instagram:
https://www.instagram.com/wavesummitindia
https://www.instagram.com/mib_india
https://www.instagram.com/pibindia
* * *
PIB TEAM WAVES 2025 | Rajith/ Lekshmipriya/ Swadhin/ Darshana | 167/KB
Release ID:
(Release ID: 2126894)
| Visitor Counter:
10