WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ৱেভছ ২০২৫: স্পটিফাই হাউচ অধিবেশনে এক জীৱন্ত পৰম্পৰা হিচাপে উজ্বলাই তুলিলে লোকসংগীতক

সমসাময়িক সাংস্কৃতিক পৰিস্থিতিৰ লগত খাপ খুৱাই লোকগীতৰ আত্মাক সংৰক্ষণ কৰাৰ পোষকতা পেনেলিষ্টৰ

 Posted On: 03 MAY 2025 3:34PM |   Location: PIB Guwahati

ৱেভছ সন্মিলন ২০২৫ৰ তৃতীয় দিনা মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত ‘স্পটিফাই হাউচঃ ভাৰতত লোকসংগীতৰ বিৱৰ্তন’ শীৰ্ষক এক গাম্ভীৰ্যপূৰ্ণ অধিবেশন অনুষ্ঠিত হয়। 'ৱেভছ সাংস্কৃতিক আৰু কনচাৰ্টচ ' শিতানত আয়োজিত এই অধিবেশনত ভাৰতৰ লোকসংগীত আৰু সাংস্কৃতিক ক্ষেত্ৰৰ আগশাৰীৰ ব্যক্তিসকলক একত্ৰিত কৰি লোকগীতৰ সজীৱ পৰম্পৰাৰ বিষয়ে আলোচনা কৰা হয়।

প্ৰখ্যাত গল্পকাৰ তথা আয়োজক ৰোশন আব্বাছে আলোচনাৰ আঁত ধৰে। পেনেলত বিশিষ্ট গীতিকাৰ তথা চিবিএফচিৰ অধ্যক্ষ প্ৰসুন যোশী, লোকশিল্পী মালিনী অৱস্তি, সংগীত সুৰকাৰ নন্দেশ উমাপ, গায়ক আৰু সুৰকাৰ পাপন আৰু বিশিষ্ট শিল্পী ইলা অৰুণ উপস্থিত থাকে।

পেনেলিষ্টসকলে ভাৰতীয় লোকসংগীত কেনেকৈ এক জীৱন্ত, সামূহিক পৰম্পৰা হিচাপে উজ্বলি উঠিছে সেই বিষয়ে আলোচনা কৰে। লোকসংগীত অতীতৰ ধ্বংসাৱশেষ নহয়, বৰঞ্চ দৈনন্দিন জীৱনত গভীৰভাৱে শিপাই থকা আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা সংগীত বুলি তেওঁলোকে সহমত প্ৰকাশ কৰে। প্ৰসুণ যোশীয়ে লোকসংগীতক "জীৱনৰ স্পৰ্শনীয় অনুভূতি" আৰু মিলিত মানৱীয় অভিজ্ঞতাৰ অভিব্যক্তি বুলি বৰ্ণনা কৰে।

পেনেলিষ্টসকলে আলোচনাl লোকসংগীতক মূলসুঁতিলৈ অনাৰ প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰে। পেনেলিষ্টসকলে স্পটিফাইৰ দৰে মঞ্চ আৰু ৱেভছৰ দৰে পদক্ষেপক প্ৰশংসা কৰে, যিয়ে লোকসংগীতক বৃহত্তৰ সাংস্কৃতিক আখ্যানত অন্তৰ্ভুক্ত কৰে। নন্দেশ উমাপে লোকসংগীতক "এখন মুক্ত বিশ্ববিদ্যালয়" বুলি অভিহিত কৰে আৰু ইয়াৰ সৰ্বাংগীন আৰু গণতান্ত্ৰিক প্ৰকৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

চাৰ্বিয়াত অসমীয়া লোকগীতৰ প্ৰতি সমবেত দৰ্শকে থিয় হৈ অভিবাদন জনোৱাৰ কথা উল্লেখ কৰি বিশিষ্ট গায়ক পাপনে লোকসংগীতৰ সৈতে কৰা যাত্ৰাৰ স্মৰণ কৰে। ভাৰতীয় লোকগীতসমূহ প্ৰামাণিকভাৱে পৰিবেশন কৰিলে কেনেকৈ বিশ্বজুৰি অনুৰণন ঘটে, সেই কথাও বলীউদৰ প্ৰতিষ্ঠিত গায়কগৰাকীয়ে বুজাই দিয়ে। ইলা অৰুণ আৰু মালিনী অৱস্তিয়েও লোকসংগীত সম্প্ৰদায় আৰু আৱেগৰ মাজত শিপাই থকা বুলি দৃঢ়তাৰে দোঁহাৰে।

এই সন্দৰ্ভত প্ৰসুণ যোশীয়ে কয়, "যেতিয়া আপুনি নিজকে আৱিষ্কাৰ কৰে, তেতিয়া আপুনি কবিতা লিখক। যেতিয়া আপুনি নিজক নিয়ন্ত্ৰণ কৰে তেতিয়া আপুনি লোকগীত লিখক।" এই বক্তব্যই সামূহিক পৰিচয়ত শিপাই থকা আৰু ইয়াক জীয়াই ৰখাসকলে অহৰহ নতুনকৈ গঢ় দিয়া ধাৰা হিচাপে আলোচনাৰ সাৰমৰ্মক প্ৰতিফলিত কৰে।

পেনেলিষ্টসকলে ভাৰতীয় লোক পৰম্পৰাত বিস্তৃত বৈচিত্ৰ্যৰ বিষয়ে বিৱৰি কয়, য’ত প্ৰতিখন ৰাজ্যই এক অনন্য সংগীত শৈলী উপস্থাপন কৰে। তেওঁলোকে এই বৈচিত্ৰ্যক প্ৰসাৰিত কৰাৰ বাবে পদ্ধতিগত সমৰ্থনৰ আহ্বান জনায় আৰু ৱেভছৰ দৰে মঞ্চক পৰম্পৰাগত শিল্পৰূপ আগবঢ়াই নিবলৈ সক্ষম কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক কৃতিত্ব প্ৰদান কৰে।

এই আলোচনাত উদ্ভাৱনৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। পেনেলিষ্টসকলে দঢ়তাৰে কয় যে লোকগীতৰ সাৰমৰ্ম সংৰক্ষণ কৰিব লাগিব যদিও নতুন প্ৰজন্মৰ সৈতে সংযোগ স্থাপন কৰিব পৰাকৈ ইয়াৰ ৰূপো বিকশিত হোৱা উচিত। তেওঁলোকে সৃষ্টিশীল পুনৰ ব্যাখ্যাক উৎসাহিত কৰে, যিবোৰে সাংস্কৃতিক শিপাৰ প্ৰতি সত্যতাৰে থাকি সমসাময়িক দৰ্শকক আকৰ্ষণ কৰিব পাৰে।

অধিবেশনত স্বতঃস্ফূৰ্ত সংগীতৰ মুহূৰ্তৰ সাক্ষী হয় দৰ্শক। বহু পেনেলিষ্টে স্বতঃস্ফূৰ্তভাৱে গান গাবলৈ আৰম্ভ কৰে, যিটোৱে লোকগীতৰ মনোভাৱক আৰু অধিক সজীৱ কৰি তুলিলে। দৰ্শকে এক প্ৰামাণিক আৰু মন্ত্ৰমুগ্ধ অভিজ্ঞতা উপভোগ কৰে।

ভাৰতৰ লোক ঐতিহ্যক সমৰ্থন কৰিবলৈ শ্ৰোতা, প্ৰতিষ্ঠান আৰু সৃষ্টিকৰ্তাসকলক এক ঐক্যবদ্ধ আহ্বানৰে অধিৱেশনৰ সামৰণি পৰে। লোকগীত সংৰক্ষণ কৰাই নহয়, ব্যাপকভাৱে উদযাপন আৰু সকলোৰে মাজত প্ৰচাৰ কৰিব লাগে বুলি পেনেলিষ্টসকলে আহ্বান জনায়।

সঠিক সময়ত আপডেট পাবলৈ আমাক ফল কৰকঃ

 

On X :

https://x.com/WAVESummitIndia

https://x.com/MIB_India

https://x.com/PIB_India

https://x.com/PIBmumbai

On Instagram:

https://www.instagram.com/wavesummitindia

https://www.instagram.com/mib_india

https://www.instagram.com/pibindia

 

* * *

PIB TEAM WAVES 2025 | Rajith/ Lekshmipriya/ Darshana | 162/DB


Release ID: (Release ID: 2126654)   |   Visitor Counter: 5