প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাত এণ্ঠনী আলবেনিজক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জনায়
Posted On:
03 MAY 2025 6:26PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা মিঃ এণ্ঠনী আলবেনিজক অভিনন্দন জ্ঞাপন কৰে।
এক্সত এটা পোষ্টত তেওঁ লিখিছে:
"আপোনাৰ সৰৱ বিজয় আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ বাবে @AlboMP অভিনন্দন! এই জোৰদাৰ জনাদেশে আপোনাৰ নেতৃত্বৰ প্ৰতি অষ্ট্ৰেলিয়াৰ জনসাধাৰণৰ দীৰ্ঘস্থায়ী বিশ্বাসৰ ইংগিত দিয়ে। মই ভাৰত-অষ্ট্ৰেলিয়া ব্যাপক কৌশলগত অংশীদাৰিত্বক আৰু অধিক গভীৰ কৰাৰ বাবে আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ বাবে আমাৰ উমৈহতীয়া দৃষ্টিভংগীক আগুৱাই নিয়াৰ বাবে একেলগে কাম কৰিবলৈ অপেক্ষাৰত।”
**********
MJPS/SR/SKS
(Release ID: 2126575)
Visitor Counter : 17