WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ৱেভছ ২০২৫ত পাইৰেচি ৰুধিবলৈ প্ৰযুক্তি, আইন বলবৎকৰণ আৰু সজাগতাৰ বিষয়ত ঐক্যবদ্ধ পদক্ষেপ গ্ৰহণৰ আহ্বান বিশেষজ্ঞ মহলৰ

পেনেল আলোচনাত অৰ্থনৈতিক লোকচান, চাইবাৰ অপৰাধৰ পৰা আহিব পৰা ভাবুকি আৰু আইন বলবৎকৰণ তথা শিক্ষাৰ সংমিশ্ৰণেৰে সমস্যাৰ সমাধানৰ বিষয়ত আলোকপাত কৰা হয়

“ফলপ্ৰসূ পাইৰেচি বিৰোধী আইন বলবৎকৰণে আইনীভাবে ভিডিঅ’ সেৱা ব্যৱহাৰকাৰীৰ সংখ্যা ২৫%লৈ বৃদ্ধিৰ পথ প্ৰশস্ত কৰিব পাৰে”

 Posted On: 03 MAY 2025 2:51PM |   Location: PIB Guwahati

 

 

ৱেভছ ২০২৫ত  “পাইৰেচি: প্ৰযুক্তিৰ জৰিয়তে বিষয়বস্তু সুৰক্ষিত কৰা” বিষয়ক এক মনোগ্ৰাহী পেনেল আলোচনা অনুষ্ঠিত হয়। এই আলোচনাই  ডিজিটেল কন্টেন্ট অৰ্থনীতিয়ে সন্মুখীন হোৱা অন্যতম জৰুৰী প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ সংবাদ মাধ্যম, আইন, আৰু চাইবাৰ সুৰক্ষাৰ বিশ্বব্যাপী থকা নেতাসকলক একত্ৰিত কৰে। আই পি হাউছৰ উপাধ্যক্ষ তথা এছিয়া পেচিফিকৰ মুৰব্বী নীল গেনৰ দ্বাৰা পৰিচালিত এই কথোপকথন অনুষ্ঠানত সকলোৱে এইবুলি একমত প্ৰকাশ কৰে যে  পাইৰেচি এতিয়া কেৱল এক গভীৰ চিন্তাৰ বিষয়  নহয়, এই বিষয়ত  সঁহাৰিৰ দাবী কৰি অহা মূলসুঁতিৰ  প্ৰতি এক ভাবুকিও।

 

 

মিডিয়া পাৰ্টনাৰ্ছ এছিয়াৰ পৰিচালন আৰু কাৰ্যবাহী সঞ্চালক বিবেক কৌটোৱে নিয়ন্ত্ৰণহীন পাইৰেচিৰ ফলত হোৱা  অৰ্থনৈতিক লোকচানৰ বিষয়ত আলোকপাত কৰে। তেওঁ কয়, ‘অনলাইন পাইৰেচিয়ে ২০২৫ চনৰ পৰা ২০২৯ চনৰ ভিতৰত উদ্যোগটোৰ ১০%তকৈ অধিক  ৰাজহৰ ক্ষতি কৰাৰ  আশংকা  আছে। কিন্তু ফলপ্ৰসূ পাইৰেচি বিৰোধী আইন বলবৎকৰণে আইনী ভিডিঅ’ সেৱা ব্যৱহাৰকাৰীৰ সংখ্যা ২৫% বৃদ্ধি  কৰিব পাৰে আৰু কন্টেন্টৰ ক্ষেত্ৰত  বিনিয়োগত ০.৫ বিলিয়ন মাৰ্কিন ডলাৰৰ প্ৰৱেশৰ বাট মুকলি কৰিব পাৰে।  যাৰ ফলত ২০২৯ চনৰ ভিতৰত কনটেণ্টত বিনিয়োগ প্ৰায়  ৩.৮ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাব।”  ভাৰতৰ ডিজিটেল ভিডিঅ’ অৰ্থনীতি বিকশিত হোৱাৰ  লগে লগে পাইৰেচিৰ শংকাৰ  বিষয়টোক  সুৰক্ষাৰ পৰা সম্ভাৱনালৈ পুনৰ ৰূপান্তৰিত  কৰিবলৈ তেওঁ অংশীদাৰসকলক আহ্বান জনায়।

 

আই এছ বি ইনষ্টিটিউট অৱ ডাটা ছায়েন্সৰ সহযোগী সঞ্চালক ড০ শ্ৰুতি মণ্ট্ৰীয়ে ডিজিটেল পাইৰেচি আৰু চাইবাৰ অপৰাধৰ সংযোগ সন্দৰ্ভত আলোকপাত কৰে। "পাইৰেচিত প্ৰায়ে ট্ৰ'জান, ৰেনছমৱেৰ, স্পাইৱেৰৰ দৰে ক্ষতিকাৰক সঁজুলি জড়িত হৈ থাকে। ১৮–২৪ বছৰৰ ভিতৰৰ ব্যৱহাৰকাৰীসকল এইক্ষেত্ৰত সত্যটো বুজি উঠাত বিশেষভাৱে দুৰ্বল," তেওঁ কয়। এনে পাইৰেচি প্ৰতিৰোধৰ কাম এইবিষয়ত  জ্ঞাত গ্ৰাহকৰ পৰা আৰম্ভ হ’ব লাগিব বুলি তেওঁ মন্তব্য কৰে। এই বিষয়ত  তেওঁ ব্যাপক জনসজাগতা অভিযান আৰু শিক্ষামূলক পদক্ষেপ গ্ৰহণৰো  আহ্বান জনায়।তেওঁ লগতে ঘোষণা কৰে যে  ৯–১০ জুলাইত চিবিআই আৰু ইন্টাৰপ’লৰ সহযোগত আই এছ বিয়ে আয়োজন কৰিব ডিজিটেল পাইৰেচি সন্মিলন।

ক্ৰীড়া খণ্ডত পাইৰেচি বিৰোধী অভিযান সন্দৰ্ভত মন্তব্য কৰি  ডাজেনৰ পাইৰেচি বিৰোধী অভিযানৰ মুৰব্বী অনুৰাগ কাশ্যপে প্ৰতিৰোধমূলক পদ্ধতিৰ বিষয়ে ব্যাখ্যা কৰে। 'আমাৰ কৌশল তিনিটা ডিৰ ওপৰত আধাৰিত: ধৰা পেলোৱা, ব্যাঘাত, আৰু প্ৰতিৰোধ। আমি এই কথাবোৰ অনুষ্ঠানটো লাইভ হোৱাৰ আগতেই বলবৎকৰণ আৰম্ভ কৰোঁ।'

 

জিঅ’ হটষ্টাৰৰ মুখ্য আইনী বিশেষজ্ঞ অনিল লালে শক্তিশালী আইন  বলবৎকৰণৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, ‘আটাইতকৈ ডাঙৰ প্ৰতিৰোধক হৈছে পাইৰেচিৰ সৈতে জড়িতসকলৰ  বিৰুদ্ধে গোচৰ চলোৱা।আইন বলবৎকাৰীয়ে লিক হোৱাৰ উৎস চিনাক্ত কৰি বন্ধ কৰিব লাগিব। তেওঁ দৃঢ়তাৰে কয়, এইক্ষেত্ৰত আমি প্ৰতিক্ৰিয়াশীল নহয়, সক্ৰিয় হ’ব লাগে।

 

আনন্দ এণ্ড আনন্দ এছ’চিয়েটছৰ প্ৰবীণ আনন্দই দৃঢ়তাৰে কয় যে পাইৰেচিৰ দৰে সমস্যাৰ  সমাধানৰ সৈতে  প্ৰযুক্তি আৰু ন্যায়িক সংস্কাৰ দুয়োটা বিষয় জড়িত  হৈ আছে। " এইক্ষেত্ৰত এআই, ব্লকচেইন, আৰু ৱাটাৰমাৰ্কিঙৰ দৰে সঁজুলিসমূহ অতি গুৰুত্বপূৰ্ণ।  প্ৰতিৰোধ সৃষ্টি কৰিবলৈ সময়মতে আইনী ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়," তেওঁ কয়।

 পেনেলে পাইৰেচি ৰোধ কৰিবলৈ  এক ঐক্যবদ্ধ মঞ্চৰ প্ৰয়োজনীয়তাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে। য’ত প্ৰযুক্তি, আইন বলবৎকাৰী সংস্থা, আৰু জনসচেতনতাই একেলগে কাম কৰি ডিজিটেল বিষয়বস্তুৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিব। ৱেভছ ২০২৫ত এনে আলোচনাৰ জৰিয়তে মিডিয়া আৰু মনোৰঞ্জন উদ্যোগৰ আটাইতকৈ জৰুৰী উদ্বেগসমূহ নিৰাময় কৰাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰা হয়।

 

 

For official updates on realtime, please follow us:

On X :

https://x.com/WAVESummitIndia

https://x.com/MIB_India

https://x.com/PIB_India

https://x.com/PIBmumbai

On Instagram:

https://www.instagram.com/wavesummitindia

https://www.instagram.com/mib_india

https://www.instagram.com/pibindia

* * *

PIB TEAM WAVES 2025 | Rajith/ Lekshmipriya/ Nikhitha/ Darshana | DM


Release ID: (Release ID: 2126570)   |   Visitor Counter: 14