WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

এভিজিচি-এক্সআৰত ভাৰতে বিশ্বজনীন লক্ষ্য স্থিৰ কৰিছে: আইআইচিটিয়ে উদ্যোগৰ নেতাসকলৰ সৈতে আৰম্ভ কৰিলে কৌশলগত সহযোগিতা

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এভিজিচি-এক্সআৰ শিক্ষা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন সাধনৰ অৰ্থে আইআইচিটিৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ কোম্পানীসমূহৰ সৈতে সহযোগিতাৰ পথ প্ৰশস্ত কৰিলে

আই আই চি টি স্থাপনে ভাৰতক সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে: অশ্বিনী বৈষ্ণৱ

 Posted On: 03 MAY 2025 2:36PM |   Location: PIB Guwahati

 

 

ভাৰতৰ এভিজিচি-এক্সআৰ পৰিৱেশ তন্ত্ৰক সবলীকৰণৰ দিশত এক বৃহৎ পদক্ষেপ হিচাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এফআইচিচিআই আৰু চিআইআইৰ সহযোগত ভাৰতীয় সৃষ্টিশীল প্ৰযুক্তি প্ৰতিষ্ঠান (আইআইচিটি)—এভিজিচি-এক্সআৰ খণ্ডৰ বাবে একান্তভাৱে উৎসৰ্গিত ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ মুকলি কৰে।

 

অনুষ্ঠানত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে এইক্ষেত্ৰত প্ৰয়োজনীয় কৌশলগত সহযোগিতাৰ পদক্ষেপো আনুষ্ঠানিকভাৱে মুকলি কৰে। তেওঁ সংবাদ মাধ্যম আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত ভাৰতক বিশ্বৰ ভিতৰতে আগশাৰীৰ দেশ হিচাবে গঢ় দিয়াৰ  সম্ভাৱনাৰ বিষয়তো  গুৰুত্ব আৰোপ কৰে৷ মন্ত্ৰীগৰাকীয়ে  কয় যে আইআইচিটি নিজৰ ক্ষেত্ৰখনৰ এক প্ৰধান প্ৰতিষ্ঠান হিচাবে বিকশিত হোৱাৰ পথত আগবাঢ়িছে, ঠিক যেনেকৈ আইআইটি আৰু আইআইএমসমূহ প্ৰযুক্তি তথা ব্যৱস্থাপনা সম্পৰ্কীয় শিক্ষাৰ ক্ষেত্ৰত অনন্য প্ৰতিষ্ঠান হৈ পৰিছে।

 

 

মুম্বাইত চলি থকা ৱেভছ ২০২৫ৰ উদ্বোধনী  অনুষ্ঠানত কৰা ঘোষণাক আজি  কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অশ্বিনী বৈষ্ণৱে আনুষ্ঠানিকভাৱে পুনৰ প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে আই আই চি টিয়ে ভাৰতৰ আই আই টি আৰু আই আই এমৰ দৰে একে আৰ্হি অনুসৰণ কৰি এভিজিচি-এক্সআৰ খণ্ডত পেছাদাৰী  হিচাবে প্ৰতিষ্ঠিত   হোৱাৰ আকাংক্ষা মনতে পুহি ৰখা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশ্বমানৰ এক বৃহৎ শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিব।

 

‘আমি এনে এক পদক্ষেপ আৰম্ভ কৰিছো যিটো ছবি আৰু মনোৰঞ্জনৰ জগতখনত সম্পূৰ্ণ নতুন।এই পদক্ষেপে আমাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী অনুসৰণ কৰিছে, যাতে   ভাৰতে সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডত বিশ্বৰ ভিতৰতে উজলি উঠিব পাৰে৷ ’-মন্ত্ৰীগৰাকীয়ে কয়।

 

মন্ত্ৰীগৰাকীয়ে সহযোগিতা প্ৰকাশ কৰা উদ্যোগৰ অংশীদাৰসকলক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ ঘোষণা কৰে যে  বিশ্বৰ আগশাৰীৰ  কোম্পানীসমূহে পাঠ্যক্ৰমৰ বিকাশ, ইন্টাৰশ্বিপ, বৃত্তি, ষ্টাৰ্টআপ পুঁজি আৰু  নিযুক্তিৰ ক্ষেত্ৰত সহায় আগবঢ়াবলৈ আইআইচিটিৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ সন্মত হৈছে।

 

'মই সেইসকল উদ্যোগৰ অংশীদাৰ আৰু তেওঁলোকৰ শীৰ্ষ ব্যৱস্থাপনাক ধন্যবাদ জনাইছো, যাৰ সৈতে মই কথা পাতিছো, তেওঁলোকে এই পদক্ষেপৰ বাবে আমাৰ সৈতে অংশীদাৰিত্ব কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।তেওঁলোকে আমাক এই প্ৰতিষ্ঠানটো গঢ়ি তোলাত সহায় কৰিব আৰু আমাক দীৰ্ঘম্যাদী বিকাশ লাভ কৰাত  সহায় কৰিব।মই আশা কৰোঁ যে আইআইচিটি (এভিজিচি-এক্সআৰ) খণ্ডৰ বাবে এক বৃহৎ শৈক্ষিক আন্তঃগাঁথনিত পৰিণত হ'ব৷ আমি আমাৰ আইআইটি আৰু আইআইএমসমূহৰ বাবে সৃষ্টি কৰা একেটা আৰ্হিকে অনুসৰণ কৰিম, ইয়াক বিশ্বমানৰ প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস অব্যাহত ৰাখিম।’-মন্ত্ৰীগৰাকীয়ে লগতে কয়।

 

এইক্ষেত্ৰত দীৰ্ঘম্যাদী সহযোগিতাৰ বাবে হাত আগবঢ়োৱা কিছুমান কোম্পানী হ’ল জিঅ’ষ্টাৰ, এড’ব, গুগল এণ্ড ইউটিউব, মেটা, ৱাকম, মাইক্ৰ’ছফ্ট আৰু এনভিডিয়া।

 

আজিৰ এই অনুষ্ঠানত উপস্থিত থকা উদ্যোগৰ বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল ৰিচাৰ্ড কেৰিছ, (ভিপি এণ্ড জিএম, মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট, এনভিডিয়া), সংযোগ গুপ্ত (মুখ্য কাৰ্যবাহী বিষয়া,  স্প’ৰ্টছ এণ্ড লাইভ এক্সপিৰিয়েন্স, জিঅ’ ষ্টাৰ), মালা শৰ্মা (ভিপি এণ্ড জিএম - এডুকেচন, এড’ব), প্ৰীতি লোবানা (কাউণ্ট্ৰী মুৰব্বী আৰু ভিপি, গুগল ইণ্ডিয়া), ৰাজীৱ মালিক (জ্যেষ্ঠ সঞ্চালক, ৱাক’ম), সন্দীপ বণ্ডিবেকাৰ (বিপনন মুৰব্বী, ৰাজ্য চৰকাৰ আৰু স্বাস্থ্যসেৱা), সন্দীপ বন্দিভডেকাৰ (সঞ্চালক, সেৱা অংশীদাৰ, মাইক্ৰ’ছফ্ট) আৰু সুনীল আব্ৰাহাম (সঞ্চালক, ৰাজহুৱা নীতি, মেটা)।

 

অনুষ্ঠানত আজি উপস্থিত থকা আই আই চি টিৰ ব’ৰ্ডৰ সদস্য আৰু গভৰ্নিং কাউন্সিলৰ সদস্যসকল আছিল আশীষ কুলকাৰ্ণী, বীৰেণ ঘোষ, মানবেন্দ্ৰ শুকুল, মুঞ্জল শ্ৰফ, চৈতন্য চিঞ্চলিকাৰ, আৰু সুভাষ ছাপ্ৰু। আই আই চি টিৰ কাৰ্যবাহী দলটোত আছিল আই আই চি টিৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ বিশ্বাস দেওস্কাৰ, আই আই চি টিৰ চি অ’ অ’ নিনাদ ৰাইকাৰ আৰু লিড মাৰ্কেটিং আই আই চি টিৰ শ্বেতা ভাৰ্মা

 

অনুষ্ঠানত  আইআইচিটি আৰু উদ্যোগৰ আগশাৰীৰ অংশীদাৰসকলৰ প্ৰতিনিধিসকলে একত্ৰিত হৈ লেটাৰ অৱ ইনটেণ্ট (এলঅ’আই) বিনিময় কৰে৷ এয়া হৈছে ভাৰতত এভিজিচি-এক্সআৰ পৰিৱেশতন্ত্ৰক আগুৱাই নিয়াৰ লক্ষ্যৰে দীৰ্ঘম্যাদী সহযোগিতামূলক আৰম্ভ কৰা প্ৰচেষ্টা এই চুক্তিত জিঅ’ষ্টাৰ, এড’ব, গুগল, ইউটিউব, মেটাকে ধৰি বিশ্বৰ আগশাৰীৰ উদ্যোগৰ বিশিষ্ট ব্যক্তিসকল জড়িত হৈ আছে৷

 

এই সহযোগিতামূলক মিত্ৰতাৰ পদক্ষেপ এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং, কমিকছ, চলচ্চিত্ৰ, আৰু বৰ্ধিত বাস্তৱতাৰ মাজেৰে শিক্ষা, অনুসন্ধান আৰু বিকাশ তথা  উদ্ভাৱনক উন্নীত কৰিব পৰাকৈ গ্ৰহণ কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে সৃষ্টিশীল আৰু ডিজিটেল মাধ্যমত  ভাৰতৰ সফল আই টি আৰ্হিক প্ৰতিষ্ঠিত কৰা,  ভৱিষ্যতৰ বিকাশৰ বাবে এক বহনক্ষম পৰিৱেশতন্ত্ৰ গঢ়ি তোলা।

 

চুক্তি বিনিময়ত অনুষ্ঠানত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগান; তথ্য আৰু সম্প্ৰচাৰ  মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজু; আৰু প্ৰেছ ইনফৰ্মেছন  ব্যুৰোৰ মুখ্য সঞ্চালক প্ৰধান শ্ৰী ধীৰেন্দ্ৰ ওঝাও উপস্থিত থাকে।

 

 

For official updates on realtime, please follow us:

On X :

https://x.com/WAVESummitIndia

https://x.com/MIB_India

https://x.com/PIB_India

https://x.com/PIBmumbai

On Instagram:

https://www.instagram.com/wavesummitindia

https://www.instagram.com/mib_india

https://www.instagram.com/pibindia

 

PIB TEAM WAVES 2025 | Rajith/LekshmiPriya/ Darshana | DM


Release ID: (Release ID: 2126566)   |   Visitor Counter: 36