তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
"ব্ৰেভিং দ্য অডছ, স্ক্ৰিপ্টিং এ নিউ নেৰেটিভ": ৱেভছ ২০২৫ মিডিয়া আৰু মনোৰঞ্জন খণ্ডত সাহস, সমতা আৰু স্থিতিস্থাপকতাক উদযাপন কৰিছে
ৱেভছ ২০২৫ত ক্ৰীড়াত সকলোৰে বাবে সমান সুযোগৰ পোষকতা কৰিলে প্ৰাক্তন জাৰ্মান ফুটবলাৰ তথা বিশ্ব চেম্পিয়ন এৰিয়ান হিংষ্টে
বৈষম্যক প্ৰত্যাহ্বান জনোৱা আৰু ন্যায্য প্ৰতিনিধিত্বৰ প্ৰসাৰৰ ক্ষেত্ৰত ছ’চিয়েল মিডিয়াৰ শক্তিৰ বিষয়ত ৱেভছ ২০২৫ ত আলোকপাত কৰিলে বিয়াংকা বাল্টিয়ে
ৰোনা-লি শ্বিমনে ৱেভছ ২০২৫ ত মহিলা কণ্ঠক শক্তিশালী কৰা আৰু স্ংকীৰ্ণতা ভংগ কৰাত সংবাদ মাধ্যমৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে
Posted On:
01 MAY 2025 8:45PM
|
Location:
PIB Guwahati
মুম্বাইত শুভাৰম্ভ হোৱা ৱেভছ ২০২৫ত অনুষ্ঠিত কৰা হয় "ব্ৰেভিং দ্য অডছ, স্ক্ৰীপ্ট এ নিউ নেৰেটিভ" শীৰ্ষক পেনেল আলোচনা। এই আলোচনাত তিনিৰাকী প্ৰেৰণাদায়ক বক্তাই অংশগ্ৰহণ কৰে, তেওঁলোক হৈছে ক্ৰমে - ফাউডাৰ দৰে একচন-পেকড নাটকত তেওঁৰ শক্তিশালী ভূমিকাৰ বাবে বিখ্যাত সুপৰিচিত ইজৰাইলী অভিনেত্ৰী ৰোনা-লি শ্বিমন, বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত ইটালীৰ মডেল আৰু কৰ্কট ৰোগৰ পৰা মুক্ত হোৱা বিয়াংকা বাল্টি আৰু প্ৰাক্তন জাৰ্মান ফুটবলাৰ তথা বিশ্ব চেম্পিয়ন এৰিয়ান হিংষ্ট। তেওঁলোকে নিজৰ ক্ষেত্ৰতসমূহত পাৰদৰ্শিতাৰে পেছাদাৰী প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।
আলোচনাত অংশগ্ৰহণ কৰা বক্তাসকলে এই প্ৰত্যাহ্বানসমূহৰ মাজত আবদ্ধ হৈ থকাৰ পৰিৱৰ্তে ইয়াক সুযোগ হিচাবে গ্ৰহণ কৰি আগবাঢ়ি যোৱাৰ নতুন পথ গঢ়ি তুলিবলৈ আহ্বান জনায়। ৱেভছ ২০২৫ ৰ উদ্দেশ্যই হৈছে সেইসকল লোকক উদযাপন কৰা যিয়ে কঠিন অভিজ্ঞতাক শক্তিলৈ ৰূপান্তৰিত কৰিছে আৰু নিজৰ যাত্ৰাক আনক অনুপ্ৰাণিত কৰিবলৈ ব্যৱহাৰ কৰিছে। এক কথাত সামাজিক বাধা ভংগ কৰা বা কঠিন পৰিস্থিতি অতিক্ৰম কৰি অহাসকলৰ দ্বাৰা সাহস, পৰিৱৰ্তনৰ মনোভাব আৰু নেতৃত্বক সন্মান জনোৱাৰ এখন মঞ্চ হৈ পৰিছে ৱেভছ ২০২৫।
অনুষ্ঠানত এৰিয়ান হিংষ্টে পুৰুষ প্ৰধান খেলত পেছাদাৰী ফুটবলাৰ হিচাপে নিজৰ যাত্ৰাৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে।তেওঁ লিংগ পক্ষপাতিত্ব অতিক্ৰম কৰি বিশ্ব চেম্পিয়ন হোৱাৰ বিষয়ে কয়। তেওঁ কেনেকৈ নিজৰ কণ্ঠ ব্যৱহাৰ কৰি ক্ৰীড়াত ন্যায়পৰায়ণতা আৰু সমতাক প্ৰসাৰিত কৰিবলৈ চেষ্টা কৰিছে সেই বিষয়েও মন্তব্য কৰে। পুৰুষৰ তুলনাত মহিলা ফুটবলৰ বাবে সংবাদ মাধ্যমৰ কভাৰেজ আৰু উপযুক্ত মঞ্চৰ অভাৱৰ কথা স্বীকাৰ কৰি তেওঁ মহিলা খেলুৱৈসকলৰ বাবেও সম সুযোগ আৰু স্বীকৃতিৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।
পেনেল আলোচনাত বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত মডেল আৰু কেন্সাৰৰ পৰা মুক্তি পোৱা বিয়াংকা বাল্টিয়ে তেওঁৰ স্থিতিস্থাপকতা আৰু সুস্থ হোৱাৰ পিছত কামলৈ ঘূৰি অহাৰ শক্তিশালী কাহিনীৰ কথা অৱগত কৰে। মডেলিং উদ্যোগত লিংগভিত্তিক দৰমহাৰ ব্যৱধানৰ বিষয়ে উল্লেখ কৰি তেওঁ আঙুলিয়াই দিয়ে যে মহিলা মডেলসকলক প্ৰায়ে পুৰুষ মডেলতকৈ কম দৰমহা দিয়া হয় । এতিয়াও পুৰুষে সংবাদ মাধ্যমত অধিক স্থান দখল কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে। বিয়াংকাই লগতে জোৰ দি কয় যে সংবাদ মাধ্যম বিশেষকৈ ছ’চিয়েল মিডিয়াৰ প্ৰকৃত শক্তি পৰিৱৰ্তন সাধন কৰাৰ ক্ষমতাত নিহিত হৈ আছে। ই কোনেও নুশুনাকৈ থকা কণ্ঠস্বৰক সকলোৰে সন্মুখত শক্তিশালী ৰূপত উপস্থাপন কৰিব পাৰে, বৈষম্যক প্ৰত্যাহ্বান জনাব পাৰে আৰু বিশেষকৈ মহিলাসকলৰ বাবে ন্যায্য প্ৰতিনিধিত্বৰ দিশটোক প্ৰসাৰিত কৰিব পাৰে।
অনুষ্ঠানত ৰোনা-লি শ্বিমনে এইবুলি আলোকপাত কৰে যে ৱেভছে এ কাহিনী বৰ্ণনাকাৰীসকলক মানুহক একত্ৰিত কৰাৰ এক মঞ্চ প্ৰদান কৰিছে। মহিলাসকলে চিনেমাত নতুন সুযোগ লাভৰ বাবে একত্ৰিত হোৱাৰ গুৰুত্বৰ বিষয়তো তেওঁ আলোকপাত কৰে। তেওঁলোকক সাহসী হ’বলৈ, ইগৰাকীয়ে সিগৰাকীক সমৰ্থন কৰিবলৈ আৰু পৰিৱৰ্তনৰ বাবে থিয় হোৱাত ভয় নকৰিবলৈ তেওঁ উৎসাহিত কৰে। তেওঁ লগতে উল্লেখ কৰে যে ছ’চিয়েল মিডিয়াই মহিলাসকলক তেওঁলোকৰ কণ্ঠ আৰু কাহিনী প্ৰসাৰিত কৰাৰ ক্ষমতা প্ৰদান কৰি তেওঁলোকৰ সৱলীকৰণৰ আন্দোলনত মূল ভূমিকা পালন কৰিছে। পৰ্দাত শক্তিশালী আৰু গতিশীল ভূমিকাৰ বাবে পৰিচিত ৰোনা-লীয়ে মনোৰঞ্জন উদ্যোগত চলি থকা কু-সংস্কাৰ ভংগৰ বাবে যুঁজ দি আহিছে। তেওঁ প্ৰমাণ কৰিছে যে শক্তি, ক্ৰিয়া আৰু গভীৰতা লিংগৰ দ্বাৰা সংজ্ঞায়িত নহয়।
আলোচনাকালত প্ৰতিগৰাকী বক্তাই তেওঁলোকে মুখামুখি হোৱা ব্যক্তিগত বা পেছাদাৰী অসুবিধাৰ কথা উল্লেখ কৰে। লগতে তেনে অসুবিধাসমূহক সুযোগ হিচাবে ব্যৱহাৰ কৰি তেওঁলোকে কিদৰে সফলতাৰ কাহিনী পুনৰ লিখিছে সেই বিষয়েও উল্লেখ কৰে। ৱেভছ ২০২৫ ৰ উদ্দেশ্যও সেয়াই: যিসকল ব্যক্তিয়ে প্ৰত্যাহ্বানক পৰিৱৰ্তন আৰু প্ৰেৰণালৈ ৰূপান্তৰিত কৰিছে তেনে ব্যক্তিসকলক উদযাপন কৰা।
*****
TEAM PIB WAVES | Rajith/LekshmiPriya/Aparajita Priyadarshini/CShekhar |DM
Release ID:
(Release ID: 2126122)
| Visitor Counter:
14