WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ৱেভছ ২০২৫ত উদ্ভাসিত ভাৰতৰ সৃষ্টিশীল আৰু প্ৰযুক্তিগত শক্তি

এআই, ছ’চিয়েল মিডিয়া আৰু বিজ্ঞাপনৰ সম্পৰ্কীয় বিষয়কলৈ ৱেভছত হোৱা আলোচনাই প্ৰতিফলিত কৰিছে ডিজিটেল মিডিয়া খণ্ডত ভাৰতৰ সম্প্ৰসাৰিত আধিপত্যৰ কথা

 Posted On: 01 MAY 2025 9:24PM |   Location: PIB Guwahati

 

মুম্বাইৰ জিঅ' ৱৰ্ল্ড চেণ্টাৰত বৃহস্পতিবাৰে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে  উদ্বোধন কৰে ৱেভছ শীৰ্ষ সন্মিলন ৱেভছ শীৰ্ষ সন্মিলন উদ্বোধন কৰি প্ৰদান কৰা মূল ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ চহকী গল্প কথনৰ ঐতিহ্য তথা দেশ খন সমল  সৃষ্টিৰ বিশ্বব্যাপী কেন্দ্ৰ হোৱাৰ সম্ভাৱনাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ 'কমলা অৰ্থনীতি' ৰ স্তম্ভ হিচাপে সমল , সৃষ্টিশীলতা আৰু সংস্কৃতিৰ অভিসৰণৰ বিষয়ত  আলোকপাত কৰি বিশ্বজুৰি সমল সৃষ্টিকৰ্তাসকলৰ প্ৰতি "ভাৰতত সৃষ্টি কৰক, বিশ্বৰ বাবে সৃষ্টি কৰক"  আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে  ভাৰতীয় চিনেমাৰ কিংবদন্তিসকলক স্মৃতিচাৰণ কৰিবলৈ প্ৰকাশ কৰা  ডাক টিকট মুকলি কৰি তেওঁলোকৰ প্ৰতি  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ বিশ্বৰ সমল  সৃষ্টিকৰ্তাসকলক ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ আখ্যানসমূহ অন্বেষণ কৰিবলৈ আহ্বান জনাই কয় যে ভাৰতৰ প্ৰতিটো পথ, পাহাৰ, নদীয়ে অব্যক্ত কথা ব্যক্ত  কৰিবলৈ  অপেক্ষা কৰি আছে৷ সেই প্ৰতিটো  পথ, পাহাৰ, নদীয়ে একো একোটা কাহিনী কঢ়িয়াই লৈ ফুৰিছে। এই সন্মিলনত  ১০০ খনতকৈও অধিক দেশৰ বিশিষ্ট ব্যক্তি, উদ্যোগৰ নমস্য ব্যক্তি আৰু বিখ্যাত শিল্পীয়ে অংশগ্ৰহণ কৰি ভাৰতক সৃষ্টিশীল মহাশক্তি হোৱাৰ যাত্ৰাত অৰিহণা যোগাইছে৷

 

https://pib.gov.in/PressReleasePage.aspx?PRID=2125725

এআই আৰু সৃষ্টিশীলতা: ভৱিষ্যতৰ বাবে বাট কাটিছে এড' আৰু এনভিডিয়াই

 

ডিজিটেল সঁজুলি আৰু জেনেৰেটিভ এআইৰ দ্বাৰা চালিত সৃষ্টিশীলতাৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে ভাৰতৰ উত্থানৰ বিষয়ত  আলোকপাত কৰে এড’বৰ মুখ্য কাৰ্যবাহী বিষয়া শান্তনু নাৰায়নে।নাৰায়নে ১০ কোটিতকৈ অধিক সমল সৃষ্টিকৰ্তা আৰু ৫০ কোটি অ’টিটি গ্ৰাহকৰ সৈতে  ভাৰতক “বিশ্বৰ পৰৱৰ্তী সৃষ্টিশীল মহাশক্তি” বুলি অভিহিত কৰে। তেওঁ এড’বৰ ফায়াৰফ্লাই এআই মডেলসমূহ প্ৰদৰ্শন কৰে  আৰু  এআইৰ প্ৰয়োগত নৈতিকতা, বিষয়বস্তুৰ প্ৰামাণ্যতা তথা সমল  সৃষ্টিকৰ্তাৰ বৈশিষ্ট্যৰ বহনক্ষম বিকাশৰ  বাবে এইবোৰ  অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰে।

 

এনভিডিয়াৰ ৰিচাৰ্ড কেৰিছ আৰু বিশাল ধুপাৰে কেনেকৈ এআইয়ে সৃষ্টিশীল ধাৰাত  বৈপ্লৱিক পৰিৱৰ্তন আনিছে সেই বিষয়ে অন্বেষণ কৰে৷ এআইয়ে  উপযুক্ত সমল সৃষ্টি , সমলৰ স্থানীয়কৰণ আৰু ব্যক্তিগতকৰণ কৰাৰ অনুমতি দিছে বুলিও তেওঁলোকে কয়। আঞ্চলিক কণ্ঠক শক্তিশালী  কৰি ভাৰতক গল্প কথনৰ অভিকেন্দ্ৰত ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত  এআইৰ ক্ষমতাৰ বিষয়ে আলোকপাত  কৰি কেৰিছে কয় যে, “ভাৰতে দীৰ্ঘদিন ধৰি প্ৰতিভা সৃষ্টি কৰি সেই প্ৰতিভাক বিশ্বমুখী কৰি আহিছে। এতিয়া এই প্ৰক্ৰিয়া  সংস্কৃতিৰ বিশ্বমুখীকৰণৰ  দৰে ঘটনাত পৰিণত কৰিব পাৰে।”

 

https://pib.gov.in/PressReleasePage.aspx?PRID=2125947

 

ইউটিউবে সমল সৃষ্টিকৰ্তাৰ অৰ্থনীতিৰ বিকাশৰ বাবে অধিক সমৰ্থন আগবঢ়াব

 

ইউটিউবৰ মুখ্য কাৰ্যবাহী বিষয়া  নীল মোহনে ১০ লাখতকৈ অধিক গ্ৰাহক থকা ১৫ হাজাৰৰো অধিক ভাৰতীয় চেনেলৰ কথা উল্লেখ কৰি ভাৰতৰ সৃষ্টিকৰ্তাৰ অৰ্থনীতিক ত্বৰান্বিত কৰাৰ অৰ্থে ৮৫০ কোটি টকা বিনিয়োগ কৰাৰ  কথা ঘোষণা কৰে। বিশ্ব বিখ্যাত  সমল সৃষ্টিকৰ্তা মাৰ্ক ৰবাৰ আৰু গৌতমী কাৱালে (স্লেয় পইণ্ট)ৰ সৈতে অনুষ্ঠানত অংশগ্ৰহণ কৰি  কৰি মোহনে ভাৰতীয় কাহিনীক বিশ্বব্যাপী কৰি তোলাৰ ক্ষেত্ৰত ইউটিউবৰ ভূমিকাৰ কথা উল্লেখ কৰে৷  তেওঁ কয়, ‘ভাৰত কেৱল সংগীত আৰু চলচ্চিত্ৰৰ ক্ষেত্ৰতে আগবাঢ়ি যোৱা নাই—এতিয়া ভাৰত সৃষ্টিশীলতাক নেতৃত্ব দিয়া এখন  দেশ৷ কাৱালে কয়  যে  ভাৰতীয় আঞ্চলিক বিষয়বস্তুসমূহ  সংস্কৃতিৰ সৈতে  শিপাই থকাৰ সময়তে সেইবোৰে এতিয়া  সাৰ্বজনীন আবেদন লাভ কৰিছে৷ মাৰ্ক ৰবাৰে এআই-আধাৰিত ডাবিং আৰু স্থানীয়কৰণৰ জৰিয়তে সীমা অতিক্ৰম কৰা এছটিইএম বিষয়বস্তুৰ শক্তিৰ বিষয়েও উল্লেখ কৰে৷ 

 

ডব্লিউ পি পি আৰু বিজ্ঞাপনৰ ক্ষেত্ৰত নৱ জাগৰণ 

 

ডব্লিউ পি পিৰ মুখ্য কাৰ্যবাহী বিষয়া  মাৰ্ক ৰিডে বিজ্ঞাপন উদ্যোগৰ ট্ৰিলিয়ন ডলাৰৰ বিশ্বব্যাপী ব্যৱসায় তথা আইৰ নেতৃত্বত গল্প কথনৰ দিশত হোৱা পৰিৱৰ্তনৰ বিষয়ে আলোকপাত কৰে। তেওঁ ডব্লিউ পি পিৰ মুক্ত ভিডিঅ’ প্ৰডাকচন প্লেটফৰ্ম উন্মোচন কৰে আৰু মোচন আই ব্যৱহাৰ কৰি হাইপাৰ-পাৰ্চনেলাইজড কন্টেন্ট ক্ৰিয়েচন প্ৰদৰ্শনৰ ক্ষেত্ৰত  শ্বাহৰুখ খানক লৈ কৰা এক অভিযানৰ কথা বৰ্ণনা কৰে৷ গুণগত বিজ্ঞাপনৰ  ক্ষেত্ৰত এমএছএমই আৰু ডিজিটেল সঁজুলিৰ ভূমিকাৰ ৰূপৰেখা দাঙি ধৰি ৰিডে কয় “এআইয়ে সৃষ্টিশীলতাৰ ঠাই লোৱা নাই—ই ইয়াক সম্প্ৰসাৰিতহে কৰিছে” ।

 

বিশ্বব্যাপী সহযোগিতা: ব্ৰিটেইন-ভাৰত সাংস্কৃতিক চুক্তি

 

কূটনীতি আৰু ব্যক্তিগত ঐতিহ্যৰ মিশ্ৰণেৰে প্ৰদান কৰা  ভাষণত ডিচিএমএছৰ ব্ৰিটেইনৰ বিদেশ সচিব লিজা নাণ্ডীয়ে ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ সাংস্কৃতিক সাঁকো খন অধিক মজবুত কৰাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে। চিনেমা, সংগ্ৰহালয় আৰু পৰিবেশ্য কলাৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ বাবে দ্বিপাক্ষিক সাংস্কৃতিক ফেডাৰেচন চুক্তিৰ কথাও তেওঁ ঘোষণা কৰে। ছফিয়া দুলীপ সিঙৰ দৰে ব্যক্তিত্ব আৰু আধুনিক ব্ৰিটেইন-ভাৰতীয় সৃষ্টিশীল ব্যক্তিৰ উত্তৰাধিকাৰৰ উদ্ধৃতি দি তেওঁ আহ্বান জনায় যে, ‘মানচেষ্টাৰৰ পৰা মুম্বাইলৈকে আমি পৰৱৰ্তী প্ৰজন্মৰ কাহিনী উপস্থাপনকাৰীসকলক শক্তিশালী কৰিব লাগিব।

 

পেনেলৰ আলোকপাত: এআই, সংস্কৃতি আৰু প্ৰভাৱ; দুটা পেনেল আলোচনাই অনুষ্ঠানটোক অধিক গাম্ভীৰ্যপূৰ্ণ কৰি তোলে:

 

“ইণ্ডিয়া এম এণ্ড ই @১০০: মিডিয়া আৰু মনোৰঞ্জনৰ ভৱিষ্যত” বিষয়ত আলোচনাত ইৰ’ছ নাও, জেটচিন্থেছিছ আৰু গ্ৰুপএমৰ শীৰ্ষ ব্যক্তিসকলে অংশগ্ৰহণ কৰে। আলোচনাকালত তেওঁলোকে এই বিষয়ত  গুৰুত্ব আৰোপ কৰে যে ভাৰত প্ৰত্যাহ্বানৰ চতুৰ্থ ঢৌৰ মাজত আছে, য’ত এআইৰ নেতৃত্বত আইপি সৃষ্টি আৰু জেন জেডৰ  আৰ্হিয়ে উদ্যোগটোক নতুন ৰূপ দিছে।

 

https://pib.gov.in/PressReleasePage.aspx?PRID=2125886

 

ইউটিউবৰ গৌতম আনন্দে আঁত ধৰা “দ্য বিজনেছ অৱ ইনফ্লুৱেন্স” শীৰ্ষক আলোচনাত চেফ ৰণবীৰ ব্ৰাৰ, চেছটকৰ জীতেন্দ্ৰ আদৱানী আৰু জাপানৰ ইউটিউবাৰ মায়ো মুৰাছাকিৰ দৰে সমল সৃষ্টিকৰ্তা সকলে অংশগ্ৰহণ কৰে৷ ইয়াত তেওঁলোকে  দবাৰ পৰা কৃষিলৈকে নানান বিষয়ত আলোকপাত কৰে৷ তেওঁলোকে ডিজিটেল প্লেটফৰ্মে সাংস্কৃতিক প্ৰামাণ্যতা ৰক্ষা কৰি ভাৰতীয় জ্ঞানক বিশ্বমুখী কৰি তুলিছে সেই বিষয়েও বাখ্যা কৰে৷

 

https://pib.gov.in/PressReleasePage.aspx?PRID=2125889

 

******

TEAM PIB WAVES 2025: Rajith/LekshmiPriya/CShekhar|DM


Release ID: (Release ID: 2126061)   |   Visitor Counter: 17