তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
WAVES ২০২৫ ত ভাৰত নেতৃত্বাধীন গোলকীয় মনোৰঞ্জন বিপ্লৱৰ সবিস্তাৰ পৰিকল্পনা উন্মোচন মুকেশ আম্বানীৰ
‘WAVES’ হওক বিশ্বলৈ পুনৰুত্থানশীল নতুন ভাৰতৰ আশাৰ বাৰ্তা: মুকেশ আম্বানী
মিডিয়া আৰু এণ্টাৰটেইনমেণ্ট কেৱল ভাৰতৰ ‘ছফ্ট পাৱাৰ’ নহয়, ই ভাৰতৰ প্ৰকৃত শক্তি: আম্বানী
Posted On:
01 MAY 2025 8:32PM
|
Location:
PIB Guwahati
আজি মুম্বাইত আৰম্ভ হোৱা অগ্ৰণী গোলকীয় সংবাদ মাধ্যম আৰু মনোৰঞ্জন সন্মিলন WAVES ২০২৫ ত মুখ্য ভাষণ প্ৰদান কৰি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক শ্ৰী মুকেশ আম্বানীয়ে কয়, “ভাৰত কেৱল এখন দেশ নহয়, ই গদ্য কথকতাৰ অনবদ্য সভ্যতা, য’ত কাহিনী কথন বা ‘ষ্ট’ৰী-টেলি’ হৈছে জীৱনশৈলী।”
প্ৰখ্যাত আমেৰিকান সাহিত্যিক মাৰ্ক টোৱেইনৰ উদ্ধৃতি দি শ্ৰী আম্বানীয়ে ভাৰতক “মানৱ জাতিৰ কোলা, মানুহৰ মুখৰ মাতষাৰৰ জন্মস্থান, ইতিহাসৰ মাতৃ, কিংবদন্তিৰ আইতাক, পৰম্পৰাৰ আজো-আইতাক” বুলি উল্লেখ কৰে। গদ্য-কথকতাৰ পৰম্পৰা ভাৰতীয় জনজীৱনৰ ৰন্ধ্ৰে ৰন্ধ্ৰে শিপাই আছে বুলি উল্লেখ কৰি তেওঁ কয়, “আমাৰ কালজয়ী মহাকাব্যৰ পৰা পৌৰাণিক কাহিনীলৈকে গদ্য কথন আমাৰ ঐতিহ্য হৈ আহিছে। বিষয়বস্তুৱেই সৰ্বশেষ কথা - আৰু ভাল কাহিনীক সদায়েই দৰ্শক-শ্ৰোতা-পাঠকে সমাদৰ দিয়ে। এই কালজয়ী নীতিটোৱেই হৈছে বিশ্বব্যাপী মনোৰঞ্জনৰ ভেটি।”

“Building the Next Global Entertainment Revolution from India,” শীৰ্ষক এক মননশীল ভাষণত আম্বানীয়ে এনে এক ভৱিষ্যতৰ ৰূপৰেখা দাঙি ধৰে য’ত ভাৰতে বিশ্ব মনোৰঞ্জন উদ্যোগৰ কেন্দ্ৰবিন্দু হিচাপে আত্মপ্ৰকাশ কৰিব। তেওঁ এই পৰিৱৰ্তনশীল দৃষ্টিভংগীৰ কাৰণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ সাহসী নেতৃত্ব বুলি উল্লেখ কৰি WAVES শীৰ্ষ সন্মিলনক এই যাত্ৰাৰ এক মাইলৰ খুঁটি বুলি অভিহিত কৰে। বিশ্ব সংস্কৃতি আৰু সৃষ্টিশীলতাক গঢ় দিয়াৰ ক্ষেত্ৰত দেশখনৰ ক্ৰমবৰ্ধমান প্ৰাধান্যৰ ওপৰত আলোকপাত কৰি আম্বানীয়ে ঘোষণা কৰে, “মানুহে কয় যে মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট হৈছে ভাৰতৰ ‘ছফ্ট পাৱাৰ’, পিছে মই ইয়াক ভাৰতৰ প্ৰকৃত শক্তি বুলি কওঁ।”
তেওঁ সৃষ্টিশীল পৰিৱেশটোক ৰূপান্তৰিত কৰা দুটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ কথা আঙুলিয়াই দিছিল, সেয়া হৈছে ভূ-অৰ্থনীতি আৰু প্ৰযুক্তি। বিশ্বৰ ৮৫% জনসংখ্যাৰ বাসস্থান গ্ল’বেল চাউথৰ অৰ্থনৈতিক প্ৰভাৱ বৃদ্ধি পোৱাৰ লগে লগে বিষয়বস্তু সৃষ্টি আৰু ব্যৱহাৰ দুয়োটাতে ইয়াৰ প্ৰভাৱো বৃদ্ধি পাইছে। একে সময়তে কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে উন্নত প্ৰযুক্তিয়ে উৎপাদনৰ পৰা বিতৰণলৈকে মনোৰঞ্জনৰ মূল্য শৃংখলৰ প্ৰতিটো দিশকে পুনৰ গঢ় দিছে। তেওঁ লগতে উল্লেখ কৰে যে, ‘এআইয়ে কল্পনা আৰু ৰূপায়নৰ মাজৰ ৰেখাডাল অস্পষ্ট কৰি তুলিছে। আজি এআইয়ে মনোৰঞ্জনৰ বাবে যি কৰিছে সেয়া এশ বছৰৰ আগতে চিলেণ্ট কেমেৰাই চিনেমাৰ বাবে যি কৰিছিল তাতকৈ লাখগুণ অধিক পৰিৱৰ্তনশীল।”
ভাৰতৰ অনন্য শক্তিৰ ওপৰত আলোকপাত কৰি আম্বানীয়ে কয় যে দেশখন তিনিটা স্তম্ভ ক্ৰমে মন্ত্ৰমুগ্ধকৰ বিষয়বস্তু, গতিশীল জনগাঁথনি আৰু প্ৰযুক্তিগত নেতৃত্বৰ দ্বাৰা চালিত মনোৰঞ্জন বিপ্লৱৰ নেতৃত্ব দিবলৈ সাজু। তেওঁ কয় যে ভাৰতৰ ডিজিটেল বিপ্লৱ কেৱল পৰিব্যাপ্তিৰ কাহিনী নহয়, এয়া হৈছে আকাংক্ষা, উচ্চাকাংক্ষা আৰু ৰূপান্তৰৰ কাহিনী।
মূল ভাষণৰ সামৰণিত আম্বানীয়ে আশাবাদৰ বাৰ্তা আগবঢ়াই কয় – “এখন মেৰুবিভাজিত আৰু অনিশ্চয়তাৰে ভৰা পৃথিৱীত মানুহে আনন্দ বিচাৰে, লগতে বিচাৰে মানুহৰ সৈতে যোগাযোগ আৰু প্ৰেৰণাৰ স্ৰোত। ভাৰতে মনোৰঞ্জনৰ এই বিশ্বজোৰা প্ৰয়োজনীয়তা পূৰ কৰিব। WAVES হওক এখন পুনৰুত্থানশীল নতুন ভাৰতৰ পৰা বিশ্বলৈ প্ৰেৰণ কৰা আশাৰ বাৰ্তা।”
***
PIB TEAM WAVES 2025 | Rajith/ Poushali/Swadhin/ C.Shekhar |133 | RD
Release ID:
(Release ID: 2126031)
| Visitor Counter:
12