WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

এনিমেৰ উত্থান: ৱেভছ ২০২৫ ত বিশ্বজনীন গল্প কথনৰ কৌশল আৰু উদ্যোগৰ বিকাশৰ বিষয়ত আলোকপাত কৰিলে বিশেষজ্ঞ মহলে

বিভিন্ন স্থানত কাম কৰিবলৈ সুবিধা নোপোৱা প্ৰতিভাশালী মডেলক আগুৱাই নিয়াৰ এক অনন্য ক্ষমতা আছে ভাৰতৰ: জেৰেমি লিম, জিএফআৰ ফাণ্ড

পৰ্দাৰ আঁৰৰ দূৰদৰ্শী চিন্তা: ৱেভছ ২০২৫ত ফায়াৰছাইড চেটে চিনেমাৰ মহাবিশ্বত ভিএফএক্সৰ ভৱিষ্যত অন্বেষণ কৰিলে

ভাৰত ভিএফএক্স উদ্যোগত মহাশক্তি হিচাপে পৰিগণিত হ’ব আৰু ইয়াক আগুৱাই নিয়াৰ বাবে ৱেভছ হৈছে এক বৃহৎ পদক্ষেপ

 Posted On: 01 MAY 2025 9:39PM |   Location: PIB Guwahati

 

 

মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত হোৱা প্ৰথম ৱেভছ ২০২৫ শীৰ্ষ সন্মিলনৰ উদ্বোধনীৰ দিনটোত ভাৰতৰ সজীৱ এভিজিচি খণ্ডৰ গভীৰতাক আলোকপাত কৰি এক অন্তৰ্দৃষ্টিসম্পন্ন অধিৱেশন অনুষ্ঠিত কৰা হয়।

“এনিমে এচেণ্ডিং: আনলকিং গ্ল’বেল পটেনচিয়েল ইন ষ্ট’ৰীটেলিং, ফেণ্ডম এণ্ড ইণ্ডাষ্ট্ৰী গ্ৰ’থ” শীৰ্ষক এই  অধিৱেশনে জাপানী আৰু ভাৰতীয় এনিমেচন উদ্যোগৰ নমস্য ব্যক্তিসকলক একত্ৰিত কৰি এনিমেৰ বিৱৰ্তন, আৱেগিক ভিত্তি আৰু বিশ্বজনীন পৰিৱৰ্তনৰ ধাৰাৰ বিষয়ত মনোগ্ৰাহী আলোচনা কৰা হয়। এই অধিৱেশনত এনিমেৰ বিষয়ত ভাৰতৰ ক্ৰমবৰ্ধমান সম্ভাৱনা সন্দৰ্ভতো  আলোকপাত কৰা হয়।

ফিচিচি এভিজিচি-এক্সআৰ ফ’ৰামৰ অধ্যক্ষ শ্ৰী মুঞ্জল শ্ৰফে আঁত ধৰা এই অধিৱেশনত এটা বিশিষ্ট ব্যক্তিৰে গঠিত পেনেলে অংশগ্ৰহণ। তেওঁলোকৰ মাজত  আছিল: ননটেট্ৰাৰ সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীমান মাকোটো টেজকা; জাপানৰ দ্য এনিমে টাইমছ কোম্পানীৰ অধ্যক্ষ  শ্ৰীমান  হিদেও কাটছুমাটা; জাপানৰ ব্লু ৰাইটছৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীমান মাকোটো কিমুৰা; ৰি এণ্টাৰটেইনমেণ্ট কোম্পানী লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু অধ্যক্ষ শ্ৰীমান আটছুও নাকায়ামা আৰু  – কিডছ এণ্টাৰটেইনমেণ্ট এণ্ড ইনফ’টেইনমেণ্ট,জিঅ’ষ্টাৰৰ ব্যৱসায়িক মুৰব্বী অনু ছিক্কা।

 

হিদেও কাটছুমাতাই  ভাৰতীয় দৰ্শক আৰু ভাষাই  ক্ৰমাৎ গুৰুত্ব বৃদ্ধি পোৱাৰ বিষয়ে উল্লেখ কৰে। তেওঁ সমাজৰ বিভিন্ন স্তৰৰ লোকৰ মাজত  সংযোগ আৰু সাংস্কৃতিক সংহতিৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰি কয়, “আমি স্থানীয় দৰ্শকৰ সৈতে সংযোগ স্থাপনৰ বাবে জাপানী এনিমেচনক ভাৰতীয় পৰম্পৰাৰ সৈতে সংপৃক্ত  কৰাৰ উপায় অন্বেষণ কৰিছো।”

 

শ্ৰীমান আটছুও নাকায়ামাই জাপানত এনিমেৰ অৰ্থনৈতিক প্ৰভাৱৰ বিষয়ে মূল্যৱান অন্তৰ্দৃষ্টি আগবঢ়ায়।  তেওঁ এই প্ৰসংগতে গ্ৰাহকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ দিশটোও লক্ষ্য কৰে। তেওঁ ভাৰতক জাপানী এনিমেচনৰ বাবে এক আশাব্যঞ্জক বজাৰ হিচাপে অভিহিত কৰে আৰু দুয়োখন ৰাষ্ট্ৰৰ মাজত সাংস্কৃতিক তথা  বাণিজ্যিক সম্পৰ্ক মজবুত কৰি মনোৰঞ্জন ব্যৱসায়ৰ সম্ভাৱনাক অধিক আগুৱাই নিয়াৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।

এই অধিৱেশনতে মাকোটো টেজকাই এনিমেৰ উৎপত্তিৰ বিষয়ে আলোচনা কৰে। তেওঁ কয় যে জাপানী এনিমেচনৰ শিপা মাংগা সংস্কৃতিৰ সৈতে গভীৰভাৱে নিহিত হৈ আছে।

অনু ছিক্কাই ভাৰতত কৰা বিস্তৃত গৱেষণাৰ বিষয়ত আলোকপাত কৰি এনে কৌশল অৱলম্বনৰ বিষয়ত গুৰুত্ব আৰোপ কৰে যাতে যুৱ দৰ্শকৰ মাজত  সেইবোৰে আবেগৰ  তথা চিন্তাৰ  অনুৰণন ঘটাব পাৰে। তেওঁ কয়  'জাপানীজ সমলৰ  সৈতে সাংস্কৃতিক সম্পৰ্ক আৰু আবেগিক সংযোগে ভাৰতীয় শিশুসকলৰ মাজত এনিমেৰ জনপ্ৰিয়তা বৃদ্ধিত অৰিহণা যোগাইছে,' । তেওঁ লগতে কয় যে দৰ্শকে পছন্দ কৰা ধাৰাসমূহৰ আচৰণগত বিশ্লেষণে প্ৰগ্ৰেমিং সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণত পথ প্ৰদৰ্শন কৰিব পাৰে।

মাকোটো কিমুৰাই  এনিমেৰ  বিশ্বব্যাপী ক্ৰমবৰ্ধমান জনপ্ৰিয়তা আৰু দেশজুৰি ইয়াৰ দৃশ্যমান প্ৰভাৱৰ বিষয়ত আলোকপাত কৰে।

য়োলোগ্ৰাম ষ্টাইলৰ মুখ্য কাৰ্যবাহী বিষয়া  আদিত্য মণিৰ দ্বাৰা পৰিচালিত দ্য নিউ আৰ্কেড: ভিচি’ছ পাৰ্চপেক্টিভ অন গেমিংছ নিউ ফ্ৰন্টিয়াৰ শীৰ্ষক  অধিৱেশন খনত  ভাৰতৰ গেমিং খণ্ডত নিহিত হৈ থকা  ৰোমাঞ্চকৰ সুযোগ আৰু উদ্ভাৱনসমূহৰ বিষয়ত গভীৰ দৃষ্টিভংগী প্ৰদান কৰা হয়। অধিৱেশনত ভেঞ্চাৰ কেপিটেলিষ্ট (ভিচি)ৰ বিশিষ্ট পেনেলে গেমিং উদ্যোগৰ  মূল ধাৰা, প্ৰত্যাহ্বান আৰু সুযোগসমূহৰ বিষয়ে আলোচনা কৰে। পেনেলত অন্তৰ্ভুক্ত  আছিল বিটক্ৰাফ্ট ভেঞ্চাৰৰ অংশীদাৰ অনুজ টেণ্ডন, জেটাপুল্টৰ প্ৰতিষ্ঠাপক শৰণ তুলচিয়ানী, ইনফ্লেকচন পইণ্ট ভেঞ্চাৰৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া বিনয় বংছাল, ক্ৰাফটন ইণ্ডিয়াৰ কৰ্পৰেট ডেভেলপমেণ্ট লিড নিহনশ ভাট আৰু জিএফআৰ ফাণ্ডৰ অধ্যক্ষ জেৰেমি লিম।

পেনেলে গল্প উপস্থাপনৰ দেশ হিচাপে ভাৰতৰ অনন্য স্থিতিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। ভাৰতৰ চহকী সাংস্কৃতিক আখ্যান তথা পৰম্পৰাৰ বিষয়ে পাৰস্পৰকিক মত-বিনিময়ৰ সময়ত বিস্তৃতভাবে আলোচনা কৰা হয়। তেওঁলোকে আঙুলিয়াই দিলে যে গেমিং কেৱল ছবি আৰু ডিজিটেল ফেশ্বনৰ সৈতে নহয়, মূলসুঁতিৰ সংবাদ মাধ্যমৰ সৈতেও একত্ৰিত হৈছে।এনেদৰে  ভাৰতীয় গেমিং ষ্টুডিঅ’সমূহে উল্লেখযোগ্য অৱদানকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে।

 

জেৰেমি লিমে কয় যে  আন ঠাইত কাম নকৰা প্ৰতিশালী মডেলক আগুৱাই নিয়াৰ  এক অনন্য ক্ষমতা ভাৰতৰ আছে।

 

অধিৱেশনৰ আলোচনাৰ এটা মূল কেন্দ্ৰবিন্দু আছিল সফলতাক আগুৱাই নিয়াৰ ক্ষেত্ৰত উদীয়মান বজাৰসমূহৰ স্থানীয়কৰণৰ ভূমিকাৰ বিষয়। এইক্ষেত্ৰত বিশ্বব্যাপী বিভিন্ন আৰ্হিয়ে প্ৰেৰণা হিচাপে কাম কৰিলেও পেনেলে স্থানীয় অন্তৰ্দৃষ্টি আৰু গ্ৰাহকৰ আচৰণৰ সৈতে গেমিং অভিজ্ঞতাক খাপ খুৱাই লোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ত বিশেষ আলোকপাত কৰে।

 

২০২৫ চনৰ পিছৰ সময়ছোৱালৈ দৃষ্টি নিক্ষেপ কৰি   আলোচকসকলে  কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) ক্ৰমবৰ্ধমান প্ৰভাৱৰ বিষয়েও আলোকপাত কৰে। আলোচনাকালত ব্যৱহাৰকাৰীৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ বৃদ্ধি আৰু  কাহিনী বৰ্ণনাৰ ক্ষেত্ৰত এআইয়ে গুৰুত্বপূৰ্ণ   ভূমিকা পালন কৰিব পাৰে বুলি বিভিন্ন জনে মতপোষণ কৰে।

 

ভিএফএক্স সম্পৰ্কীয় অনন্য অধিৱেশনে  আধুনিক চিনেমাত ভিজুৱেল ইফেক্টৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু গল্প কথনৰ ক্ষেত্ৰত ইয়াৰ ভৱিষ্যত অন্বেষণ কৰাৰ অনন্য সুযোগৰ বিষয়ে আলোকপাত কৰা হয়।  এই অধিৱেশনৰ আঁত ধৰে  ফ্ৰেমষ্ট’ৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক আখাউৰী পি সিনহাই।  অধিৱেশনত বিশিষ্ট পেনেলিষ্ট হিচাবে উপস্থিত থাকে  জয়কৰ অৰুদ্ৰ, ভিএফএক্স ছুপাৰভাইজাৰ, ডিএনইজি;  সন্দীপ কমল, স্বতন্ত্ৰ ভিএফএক্স তত্বাৱধায়ক আৰু  বাহুবলী তথা  ২.০ত কৰা কামৰ বাবে বহু প্ৰশংসিত শ্ৰীনিবাস মোহনে। পেনেলিষ্টসকলে ভিএফএক্সে চিনেমাৰ ক্ষেত্ৰত  কেনেদৰে বৈপ্লৱিক পৰিৱৰ্তন আনিছে সেই বিষয়ে আলোকপাত কৰে।

 

 জয়কৰ অৰুদ্ৰাই ভিএফএক্সৰ সৃষ্টিশীল চাহিদা পূৰণৰ ক্ষেত্ৰত গৱেষণা তথা  নিত্য-নতুন আৰ্হিৰ  গুৰুত্বৰ বিষয়ত আলোকপাত কৰে।  তেওঁ কয় "এয়া কেৱল ওপৰে ওপৰে চোৱা বিষয় নহয়- ই কাহিনীৰ সততাক সঠিক ৰূপত প্ৰতিপন্ন কৰিব পৰাৰ বিষয়।" তেওঁ লগতে কয়, "ভাৰত ভিএফএক্স উদ্যোগত এক মহাশক্তি হ'বলৈ সাজু হৈছে আৰু এই দৃষ্টিভংগীক আগুৱাই নিয়াৰ বাবে ৱেভছ হৈছে এক গুৰুত্বপূৰ্ণ  পদক্ষেপ।"

 

"প্ৰযুক্তি হৈছে এক পট পৰিৱৰ্তনকাৰী উপায়," শ্ৰীনিবাস মোহনে উল্লেখ কৰে। তেওঁ কয় , "যেতিয়া বুদ্ধিমত্তাৰে প্ৰযুক্তিৰ প্ৰয়োগ কৰা হয়, তেতিয়া আমাক সীমাৰ পৰিধি ভাঙি বিশ্বমানৰ  সৃষ্টি কৰিবলৈ সক্ষম কৰি তোলে।"

 

শ্ৰী সন্দীপ কমলে উচ্চ-মানৰ ভিএফএক্স সঁজুলিৰ বৰ্ধিত অভিগম্যতা সন্দৰ্ভত মন্তব্য কৰি কেনেদৰে সামৰ্থ্য বৃদ্ধিৰে উৎকৃষ্টতাক প্ৰতিপন্ন কৰিব পাৰিছে সেই বিষয়ে আলোচনা কৰে। তেওঁ উল্লেখ কৰে, "এক স্পষ্ট দৃষ্টিভঙ্গীয়ে আমাক মান আৰু সময়সীমা দুয়োটাই বজাই ৰখাৰ ক্ষেত্ৰত  পথ প্ৰদৰ্শন কৰে।"

 

এনিমে, ভিএফএক্স আৰু গেমিং বিশ্বব্যাপী শক্তিশালী সাংস্কৃতিক তথা বাণিজ্যিক শক্তি হিচাপে বিকশিত হৈ থকাৰ সময়তে ৱেভছ ২০২৫ৰ এই অধিৱেশনসমূহে  আশাবাদ আৰু সহযোগিতাৰ গভীৰ অনুভূতিক মূৰ্ত কৰি তোলে।  এই খণ্ডবোৰে ভাৰতৰ বাবে অভূতপূৰ্ব সম্ভাৱনা কঢ়িয়াই আনিছে।ৱেভছে সেইবোৰ খণ্ডক পোহৰৰ নতুন বাট দেখুৱাইছে। 

 

 

PIB TEAM WAVES 2025 | Rajith/ Poushali/ Lumpem/Saurabh/ Darshana | DM


Release ID: (Release ID: 2126030)   |   Visitor Counter: 12