WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ৱেভছ ২০২৫ত দ্য বিজনেছ অৱ ইনফ্লুয়েন্স: এ চিম্ফনী অৱ ষ্ট'ৰীজ, পেচন, এণ্ড পাৰ্পজ

ৱেভছ ২০২৫ এ গুৰুত্বপূৰ্ণ কাহিনীৰ জৰিয়তে সংস্কৃতি, সম্প্ৰদায় আৰু কথোপকথনৰ পৰিবেশ গঢ় দিয়া সমল সৃষ্টিকৰ্তাসকলকলৈ উদযাপন কৰে

 Posted On: 01 MAY 2025 7:21PM |   Location: PIB Guwahati

 

য'ত সমলে সকলো কথা আৱৰি ধৰে, য'ত কণ্ঠই এলগৰিদমৰ উৰ্ধলৈ গৈ আবেগক প্ৰতিধ্বনিত কৰে, ৱেভছ ২০২৫ -এ তেনে এক পৰিবেশৰেই সৃষ্টি কৰিছে৷ ৱেভছ ২০২৫ৰ বিশেষ  অধিৱেশন “দ্য বিজনেছ অৱ ইনফ্লুয়েন্স: এ চিম্ফনী অৱ ষ্ট'ৰীজ, পেচন, এণ্ড পাৰ্পজ ” ত প্ৰামাণ্য, কৌতুহল আৰু সম্প্ৰদায়ৰ সৈতে সংযুক্ত  কৰা এটা স্পন্দনশীল কাহিনীক উন্মোচিত কৰিছে। ইউটিউব এপিএচিৰ উপ-সভাপতি গৌতম আনন্দে আঁত ধৰা এই অধিৱেশনত চাৰিগৰাকী অসাধাৰণ সমল সৃষ্টিকৰ্তাক একত্ৰিত কৰা হয়, যাৰ আবেগ আৰু উদ্দেশ্যত শিপাই থকা যাত্ৰাই ডিজিটেল জগতৰ চুকবোৰ অন্বেষণ কৰাত সহায় কৰিছে৷ 

 

  

ভাৰতৰ পৰা অনুৰণিত হোৱা এক বিলিয়ন কণ্ঠৰ উদ্বোধনী অনুষ্ঠানত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীক প্ৰতিধ্বনিত কৰি গৌতম আনন্দই এই অধিৱেশন আৰম্ভ কৰে। তেওঁ সমল সৃষ্টিকৰ্তাসকলক ইউটিউবৰ  হৃদয় বুলি অভিহিত কৰে৷ বৈচিত্ৰ্য আৰু গভীৰতাৰ  স্পন্দন ঘটোৱা এইসকল লোকে  ঢৌ খেলা আখ্যানক গঢ় দিবলৈ সক্ষম হোৱা বুলিও তেওঁ কয়।

 

অধিৱেশনৰ আৰম্ভণিতে দৰ্শকক স্তম্ভিত কৰা এক মুহূৰ্তত জনপ্ৰিয় চেনেল মেয়’ জাপানৰ জাপানী সমল  সৃষ্টিকৰ্তা মেয়’ মুৰাছাকিয়ে হিন্দী ভাষাত সাৱলীলভাৱে কথা ক’বলৈ আৰম্ভ কৰে। হিন্দী ভাষা অধ্যয়নৰ লগতে ভাৰতত কটোৱা এবছৰৰ অভিজ্ঞতাৰ সংমিশ্ৰণেৰে তেওঁ সকলোকে আচৰিত কৰি তোলে৷  তেোঁক এনে অভিজ্ঞতাই কৰ্পৰেট জীৱনৰ পৰা ইউটিউবলৈ পৰিৱৰ্তনত ইন্ধন যোগাইছিল বুলিও কয়। জাপানী দৰ্শকৰ বাবে ভাৰতৰ বিষয়ে কন্টেন্ট সৃষ্টি কৰাটো তেওঁৰ বাবে  কেনেকৈ আনন্দ আৰু দায়িত্ব দুয়োটা হৈ পৰিছে সেই বিষয়েও  তেওঁ কয়।  তেওঁ কয় ‘মই কেতিয়াও আন দেশৰ বিষয়ে নেতিবাচক কথা নকওঁ আৰু মই মোৰ গৱেষণা ভালকৈ কৰো। মই ভাৰতক ইয়াৰ সম্পূৰ্ণ গভীৰতাৰে দেখুৱাবলৈ চেষ্টা কৰো।"

 

ৰন্ধন শিল্পৰ  শিল্পী তথা ইউটিউবৰ জনপ্ৰিয় চেফ ৰণবীৰ ব্ৰাৰে ৰন্ধা-বঢ়াৰ ‘সত্যৰ মুহূৰ্ত’বোৰৰ কথা কয়৷ যিবোৰ কথাই  দৰ্শকৰ মাজত আবেগৰ ঢৈ তোলে৷তেওঁ কয়  “মই বিচাৰো মানুহে ৰন্ধা-বঢ়াত নিজৰ দেওবাৰটো বিচাৰি উলিয়াওক,” তেওঁ লগতে কয় যে, তেওঁৰ বাবে যিকোনো ব্ৰেণ্ডৰ সৈতে সহযোগিতাৰ আগতে প্ৰামাণ্যৰ বিষয়টো  আহে। “প্ৰথম সম্পৰ্ক, দ্বিতীয় লেনদেন।সেইটোৱেই মোৰ মূলমন্ত্ৰ।”

 

 

‘ভাৰতীয় কৃষক’ৰ চিনাকী  মুখ আকাশ যাদৱে কৃষিক সুলভ আৰু বহনক্ষম কৰি তোলাৰ বিষয়ে দৃঢ়তাৰে কয় তেওঁৰ চেনেলত জলসিঞ্চন আৰু খেতিৰ ব্যৱহাৰিক টিপছ দিয়া হৈছে। ‘খেতি কৰাটো আমি ভালপোৱা বস্তু, মাটিৰ সৈতে সংপৃক্ত  আমি নিজৰ মানুহৰ বাবেই কৰো।’ তেওঁৰ লক্ষ্য তেনেই স্পষ্ট: টেবুলত পৰিষ্কাৰ খাদ্য থাকিব আৰু কৃষকৰ সমৃদ্ধি সম্ভৱ হৈ পৰিব।

 

‘চেছ টক’ৰ জীতেন্দ্ৰ আদৱানীয়ে বৰ্ণনা কৰে যে কেনেকৈ ভাৰতীয় ঘৰত দবা খেলে নিস্তব্ধভাৱে পৰিৱৰ্তন সাধন কৰিছে। “ল’ৰা-ছোৱালী, পিতৃ-মাতৃ, ককা-আইতা, সকলোৱে  ব’ৰ্ডখন তুলি লৈছে”- তেওঁ হাঁহি হাঁহি কয়। তেওঁৰ পাঠদান শৈলীত সৰলতাৰ সৈতে আনন্দৰ  মিশ্ৰণ ঘটিছে, ক্ৰিকেট আৰু সংস্কৃতিৰ পৰা ধাৰ লৈ খেলখনক অধিক প্ৰিয় কৰি তুলিছে। “মই ইয়াক সহজ  আৰু প্ৰেমেৰে ভৰা কৰি ৰাখোঁ,” তেওঁ কয়।

 

এই কথোপকথনটোৱে বিশ্বব্যাপী দৰ্শকৰ সংযোগৰ বিষয়বস্তুক প্ৰতিফলিত কৰে৷সমল  সৃষ্টিকৰ্তাসকলে তেওঁলোকৰ কামে ভাষা আৰু ভূগোলক কেনেকৈ অতিক্ৰম কৰিছে সেই বিষয়ে বাখ্যা কৰে। আকাশ যাদৱে প্ৰকাশ কৰে যে তেওঁৰ দৰ্শকৰ এটা উল্লেখযোগ্য অংশ ভাৰতৰ বাহিৰত আছে, যদিও বিষয়বস্তু হিন্দীত কৰা হয়৷ তেওঁ কয়, যে “খাদ্যই আমাক সকলোকে সংযোগ কৰে।” জীতেন্দ্ৰই লগতে কয়, “দবাৰ প্ৰতি প্ৰেম বিশ্বব্যাপী জাগি উঠিছে”।

 

 

গৌতম আনন্দে প্ৰশ্ন কৰে যে ব্ৰেণ্ডৰ সৈতে সহযোগিতা কৰাৰ সময়ত সমল সৃষ্টিকৰ্তাসকলে কেনেকৈ প্ৰামাণ্যতা বজাই ৰাখে। ব্ৰাৰে উত্তৰ দিয়ে, “মই সদায় ব্ৰেণ্ডটোৱে মোৰ মূল্যবোধৰ সৈতে সঁচাকৈয়ে মিলি গ’লেহে মই আগবাঢ়ি যাম।”

 

আলোচনাৰ মাজত এআই-য়েও স্থান লাভ কৰে৷ মেয়’ মুৰাছাকিয়ে কয় যে এআইয়ে ধাৰণাত সহায় কৰিব পাৰে যদিও কেতিয়াবা এআই  ভয়ংকৰো হ’ব পাৰে। ৰণবীৰ ব্ৰাৰ, জীতেন্দ্ৰ আৰু আকাশ যাদৱৰ দৰে আন কিছুমানে এআই চাবটাইটেলিং আৰু সৃষ্টিশীল সঁজুলিৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰাৰ কথা কয়৷ তথাপিও তেওঁলোকৰ কামৰ মূলতে মানৱীয় সংযোগক আগস্থান দিয়ে৷

 

আলোচনাত উপস্থিত থকা উচ্চাকাংক্ষী সমল সৃষ্টিকৰ্তাসকলৰ পৰা পৰামৰ্শ বিচৰাত সঁহাৰিবোৰ আত্মাস্পৰ্শী ৰূপত আহে। ৰণবীৰ ব্ৰাৰে কয়, “এলগৰিদমক খেদি নাযাব, সপোনক খেদি যাওঁক। “সামঞ্জস্যপূৰ্ণ, প্ৰামাণিক হওক, আৰু বিষয়বস্তুৰ বাহিৰত চিন্তা কৰক,” আকাশ যাদৱে আহ্বান জনায়। “আপুনি যি ভাল পায় তাৰ পৰা আৰম্ভ কৰক” জীতেন্দ্ৰই কয় মেয়’ মুৰাছাকিয়ে কয় , “আপুনি যদি নিজৰ প্ৰতি বিশ্বাসী আৰু সত্য হয়, তেন্তে বাকী সকলোৱেই আপোনাক অনুসৰণ কৰিব।”

 

অধিৱেশনৰ অন্ত পৰাৰ লগে লগে গৌতম আনন্দই বক্তা আৰু দৰ্শকক ধন্যবাদ জ্ঞাপন কৰে৷  তেওঁলোকৰ সামূহিক শক্তিয়ে সোঁৱৰাই দিলে যে প্ৰভাৱ, প্ৰকৃত প্ৰভাৱ ভাইৰেল হোৱাটো নহয়। এয়া কণ্ঠৰ কথা৷ হৃদয়ৰ বিষয়ে কোৱা কথা। পৃথিৱীখনক গঢ় দিয়াৰ কথা৷

 PIB TEAM WAVES 2025 | Rajith/ Lekshmipriya/ Nikhitha/ Darshana | DM


Release ID: (Release ID: 2125985)   |   Visitor Counter: 23