প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মধ্যপ্ৰদেশৰ মান্দসৌৰত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে ‘পিএমএনআৰএফ’ৰ পৰা এককালীন সাহায্য ঘোষণা কৰে
Posted On:
27 APR 2025 9:49PM by PIB Guwahati
মধ্যপ্ৰদেশৰ মান্দসৌৰত আজি সংঘটিত এক দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে। তেওঁ প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়ৰ বাবে ‘পিএমএনআৰএফ’ৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে:
"মধ্যপ্ৰদেশৰ মান্দসৌৰত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বতৰাই ব্যথিত কৰিছে। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জনাইছোঁ। আঘাতপ্ৰাপ্তসকল সোনকালে আৰোগ্য হওক।
প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়ক ‘পিএমএনআৰএফ’ৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ'ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ'ব: প্ৰধানমন্ত্ৰী @narendramodi"
***
MJPS/VJ/KB
(Release ID: 2124793)
Visitor Counter : 6
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam