প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে
प्रविष्टि तिथि:
22 APR 2025 6:51PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। তেওঁ কয়, "এই জঘন্য কাৰ্য্যৰ আঁৰৰ লোকসকলক ন্যায়ৰ কাঠগৰালৈ অনা হ'ব। তেওঁলোকক ৰেহাই দিয়া নহ'ব! তেওঁলোকৰ কুৎসিত এজেণ্ডা কেতিয়াও সফল নহ'ব। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ আমাৰ সংকল্প অদম্য আৰু ই অধিক শক্তিশালী হ'ব।"
প্ৰধানমন্ত্ৰীয়ে এক্সত এটা পোষ্টত কয়:
"মই জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছোঁ। যিসকলে আপোনজনক হেৰুৱাইছে, তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা। আহতসকল অতি সোনকালে আৰোগ্য লাভ কৰিবলৈ মই প্ৰাৰ্থনা কৰিছোঁ। ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো ধৰণৰ সাহায্য প্ৰদান কৰি থকা হৈছে।"
এই জঘন্য কাণ্ডৰ আঁৰত থকা লোকসকলক ন্যায়ৰ কাঠগৰালৈ অনা হ’ব… তেওঁলোকক ৰেহাই দিয়া নহ’ব! তেওঁলোকৰ কুৎসিত এজেণ্ডা কেতিয়াও সফল নহ’ব। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ আমাৰ সংকল্প অদম্য আৰু ই অধিক শক্তিশালী হ’ব।”
**********
MJPS/VJ
(रिलीज़ आईडी: 2123682)
आगंतुक पटल : 62
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Nepali
,
Bengali-TR
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam