প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জালিয়াঁৱালা বাগৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

Posted On: 13 APR 2025 9:03AM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জালিয়াঁৱালা বাগৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰি কয় যে আহিবলগীয়া প্ৰজন্মই তেওঁলোকৰ অদম্য আবেগক সদায় মনত ৰাখিব।

তেওঁ ‘এক্স’ৰ এটা ‘পোষ্ট’ত লিখিছে:

"আমি জালিয়াঁৱালা বাগৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আহিবলগীয়া প্ৰজন্মসমূহে তেওঁলোকৰ অদম্য আবেগক সদায় মনত ৰাখিব। এয়া সঁচাকৈয়ে আমাৰ দেশৰ ইতিহাসৰ এক ক’লা অধ্যায় আছিল। তেওঁলোকৰ ত্যাগ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ পট পৰিৱৰ্তনকাৰী মুহূৰ্ত হৈ পৰিছিল।"

 

 

***

MJPS/SR/KB


(Release ID: 2121783) Visitor Counter : 5