গৃহ মন্ত্ৰালয়
হুৰিয়ত সংযুক্ত সংগঠন জম্মু-কাশ্মীৰ গণ আন্দোলনে বিচ্ছিন্নতাবাদক নাকচ কৰি ভাৰতৰ ঐক্যৰ প্ৰতি সম্পূৰ্ণ দায়বদ্ধতা ঘোষণা কৰাৰ সিদ্ধান্তক আদৰণি জনালে কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে
মোদী চৰকাৰৰ অধীনত জম্মু-কাশ্মীৰত একতাৰ ভাৱ বিৰাজ কৰিছে
এই পৰ্যন্ত হুৰিয়তৰ সৈতে জড়িত ১২টা সংগঠনে বিচ্ছিন্নতাবাদৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰি ভাৰতৰ সংবিধানৰ প্ৰতি বিশ্বাস প্ৰকাশ কৰিছে
এয়া প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ সপোন
प्रविष्टि तिथि:
11 APR 2025 4:28PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি হুৰিয়টৰ সৈতে জড়িত সংগঠন জম্মু-কাশ্মীৰ গণ আন্দোলনে বিচ্ছিন্নতাবাদক নাকচ কৰি ভাৰতৰ ঐক্যৰ প্ৰতি সম্পূৰ্ণ দায়বদ্ধতা ঘোষণা কৰাৰ সিদ্ধান্তক আদৰণি জনায়।
ইনষ্টাগ্ৰামত এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰৰ অধীনত জম্মু-কাশ্মীৰত একতাৰ মনোভাৱ বিৰাজ কৰিছে। তেওঁ কয় যে জম্মু-কাশ্মীৰ গণ আন্দোলন, হুৰিয়তৰ সৈতে জড়িত আন এটা সংগঠনে বিচ্ছিন্নতাবাদক নাকচ কৰি ভাৰতৰ ঐক্যৰ প্ৰতি সম্পূৰ্ণ দায়বদ্ধতা ঘোষণা কৰিছে। এই পদক্ষেপক তেওঁ আন্তৰিকতাৰে আদৰণি জনাইছে বুলিও তেওঁ কয়।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই পৰ্যন্ত হুৰিয়তৰ সৈতে জড়িত ১২টা সংগঠনে বিচ্ছিন্নতাবাদৰ পৰা আঁতৰি আহিছে আৰু ভাৰতৰ সংবিধানক বিশ্বাস ৰাখিছে। তেওঁ কয় যে এয়া প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সপোন ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ জয়।
***
RK/VV/PR/PS/DB
(रिलीज़ आईडी: 2121640)
आगंतुक पटल : 32