মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

১০ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিললৈ অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিব মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে

प्रविष्टि तिथि: 09 APR 2025 11:43AM by PIB Guwahati

কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে ২০২৫ চনৰ ১০ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিললৈ অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিব। মন্ত্ৰীগৰাকীয়ে পোষণ পাখোৱাৰাৰ অধীনত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ।  এই ভ্ৰমণৰ সময়ত তেওঁ একাধিক ক্ষেত্ৰ ভ্ৰমণ  কৰিব আৰু ভাৰত চৰকাৰৰ আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব।

 

শ্ৰীমতী ড. অন্নপূৰ্ণা দেৱীয়ে ক্ৰা দাদি আৰু লৱাৰ সুবনশিৰি জিলা পৰিদৰ্শন কৰিব আৰু পোষণ পাখোৱাৰাৰ সৈতে জড়িত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

 

পোষণ পাখোৱাৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উপৰি মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ বিদ্যালয়, অংগনবাড়ী কেন্দ্ৰ, চিকিৎসালয়, সমবায়, আৰু আত্মসহায়ক গোট (এছ এইচ জি) পৰিদৰ্শন কৰি হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰিব তেওঁ লগতে সেই অঞ্চলত চৰকাৰী আঁচনিৰ প্ৰভাৱৰ বিষয়েও মূল্যায়ন কৰিব।মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ লক্ষ্য হৈছে মহিলা, শিশু আৰু সমাজৰল প্ৰান্তীয় সম্প্ৰদায়ক লক্ষ্য কৰি মূল চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰা।

 

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ অধীনৰ ফ্লেগশ্বিপ পদক্ষেপকে ধৰি ভাৰত চৰকাৰৰ বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে উপ আয়ুক্ত (ডিচি) আৰু জিলা বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত ভাগ ল'ব।পৰ্যালোচনা বৈঠকসমূহতে সম্প্ৰতি চলি থকা কাৰ্যসূচীসমূহৰ ফলপ্ৰসূতা বৃদ্ধি আৰু মহিলা, শিশু তথা সমাজৰ দুৰ্বল শ্ৰেণীৰ কল্যাণ নিশ্চিত কৰিবলৈ সেইবোৰৰ অধিক উন্নতিৰ  অৰ্থে প্ৰয়োজন হোৱা ক্ষেত্ৰসমূহ চিনাক্তকৰণৰ বিষয়তো গুৰুত্ব আৰোপ কৰা হ'ব৷***

PD/DM


(रिलीज़ आईडी: 2120475) आगंतुक पटल : 38
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Nepali , Manipuri , Tamil