গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

লোকসভাত ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৫ আৰু মুছলমান ৱাকফ (বাতিল) বিধেয়ক, ২০২৪ সন্দৰ্ভত আলোচনাত অংশগ্ৰহণ কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

এই বিধেয়কখন মুছলমানসকলৰ ধৰ্মীয় কাম-কাজ আৰু তেওঁলোকে দান কৰা সম্পত্তিত চৰকাৰে হস্তক্ষেপ কৰিছে বুলি বিৰোধীয়ে ভুল ধাৰণা প্ৰচাৰ কৰিছে

বিৰোধীয়ে সংখ্যালঘু লোকসকলক ভয় খুৱাই নিজৰ ভোট বেংক গঢ়াৰ চেষ্টা চলাইছে

মুছলমান ভাইসকলৰ ধৰ্মীয় কাম-কাজ আৰু তেওঁলোকৰ অনুদানৰ লগত জড়িত ন্যাস অৰ্থাৎ ৱাকফত চৰকাৰে হস্তক্ষেপ কৰিব নিবিচাৰে

মুতাৱালী, ৱাকিফ, ৱাকফ সকলো মুছলমান হ’ব, কিন্তু ৱাকফৰ সম্পত্তি সঠিকভাৱে ৰক্ষণাবেক্ষণ কৰা হৈছে নে নাই, সেয়া নিশ্চিতভাৱে চাব লাগিব

ধৰ্মীয় অনুদানৰ সৈতে জড়িত ৱাকফ ব’ৰ্ডৰ কামত কোনো অইছলামী সদস্যই স্থান নাপায়

ৱাকফ ব’ৰ্ড বা ইয়াৰ চৌহদত নিযুক্তি দিয়া অমুছলমান সদস্যৰ কাম ধৰ্মীয় কাম-কাজৰ সৈতে জড়িত নহয়

যিকোনো ধৰ্মৰ ব্যক্তি চেৰিটি কমিছনাৰ হ’ব পাৰে, তেওঁ নিশ্চিত কৰিব যে ব’ৰ্ডখন চেৰিটি আইন অনুসৰি চলিব, এয়া প্ৰশাসনিক কাম, ধৰ্মীয় নহয়

ৱাকফ ব’ৰ্ডৰ কাম হ’ব লাগে ৱাকফৰ সম্পত্তি বিক্ৰী কৰাসকলক চিনাক্ত কৰি আঁতৰ কৰা

বিৰোধীয়ে তেওঁলোকৰ শাসনত চলি থকা গোপন বুজাবুজি অব্যাহত থকাটো বিচাৰে, কিন্তু এতিয়া আৰু এনে হোৱা সম্ভৱ নহয়

২০১৩ চনত ৱাকফ আইন সংশোধন নকৰিলে এই বিধেয়কখ

Posted On: 02 APR 2025 9:38PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি লোকসভাত ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৫ আৰু মুছলমান ৱাকফ (বাতিল) বিধেয়ক, ২০২৪ সন্দৰ্ভত আলোচনাত অংশগ্ৰহণ কৰে।

আলোচনাত অংশগ্ৰহণ কৰি শ্ৰী অমিত শ্বাহে কয় যে ‘ৱাকফ’ এটা আৰবী শব্দ আৰু ইয়াৰ ইতিহাস হাদীছৰ সৈতে জড়িত। আজি ইয়াৰ ব্যৱহাৰৰ ধৰণে আল্লাহৰ নামত সম্পত্তিৰ দান বা পবিত্ৰ ধৰ্মীয় কামত সম্পত্তিৰ দানক বুজায়। তেওঁ উল্লেখ কৰে যে ইছলামৰ দ্বিতীয় খলিফা হজৰত ওমৰৰ সময়ত ৱাকফৰ সমসাময়িক অৰ্থ অস্তিত্বলৈ আহিছিল। আজিৰ ভাষাত ৱাকফ হৈছে এক প্ৰকাৰৰ দাতব্য সম্পত্তি(চেৰিটেবল এনডাউমেণ্ট), য’ত এজন ব্যক্তিয়ে ধৰ্মীয় বা সমাজ কল্যাণৰ বাবে সম্পত্তি দান কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে এনে অনুদান কেৱল ব্যক্তিগত সম্পত্তিৰ হ’ব পাৰে আৰু চৰকাৰী সম্পত্তি বা আন কাৰোবাৰ সম্পত্তি দান কৰিব নোৱাৰি।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে কোনো অইছলামিক সদস্যক ৱাকফ ব’ৰ্ডত ধৰ্মীয় দান-বৰঙণি সম্পৰ্কীয় কাম-কাজত অন্তৰ্ভুক্ত কৰা নহ’ব। তেওঁ দৃঢ়তাৰে কয় যে ধৰ্মীয় অনুষ্ঠান প্ৰশাসনত অমুছলমানক জড়িত কৰাৰ কোনো ব্যৱস্থা নাই আৰু তেওঁলোকে এনে ব্যৱস্থা গঢ় দিব নিবিচাৰে। বিৰোধীয়ে ভুল ধাৰণা বিয়পাইছে বুলি দাবী কৰি শ্ৰী শ্বাহে লগতে উল্লেখ কৰে যে এই বিধেয়কখন মুছলমানসকলৰ ধৰ্মীয় কাম-কাজ আৰু তেওঁলোকে দান কৰা সম্পত্তিত হস্তক্ষেপ কৰিবলৈ উত্থাপন কৰা হৈছে। তেওঁ দৃঢ়তাৰে কয় যে বিৰোধীয়ে নিজৰ ভোট বেংক গঢ়ি তুলিবলৈ সংখ্যালঘু সম্প্ৰদায়ৰ মাজত ভয়ৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে ৱাকফ ব’ৰ্ড বা ইয়াৰ চৌহদত নিযুক্তি পোৱা কোনো অমুছলমান সদস্য ধৰ্মীয় কাম-কাজত জড়িত নহ’ব। কেৱল দান-বৰঙণি সম্পৰ্কীয় বিষয়সমূহৰ প্ৰশাসন নিয়ম অনুসৰি চলি থকাটো নিশ্চিত কৰাটোৱেই হ’ব তেওঁলোকৰ ভূমিকা। তেওঁ কয় যে ভাৰতত ৱাকফে ন্যাসৰ দৰে কাম কৰে, য’ত ট্ৰাষ্টী আৰু মেনেজিং ট্ৰাষ্টী থাকে। ৱাকফত ৱাকিফ (দাতা) আৰু মুতাৱাল্লী (প্ৰশাসক) আছে, যিসকল ইছলামৰ অনুগামী। শ্ৰী শ্বাহে আঙুলিয়াই দিলে যে ৱাকফ শব্দটো নিজেই ইছলামৰ পৰা আহিছে, গতিকে ইছলাম অনুসৰণ কৰাসকলেহে ৱাকফ পৰিচালনা কৰিব পাৰে। তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে ৱাকফ ধৰ্মীয় বিষয় হ’লেও ৱাকফ ব’ৰ্ড বা ৱাকফৰ সম্পত্তি নিজেই ধৰ্মীয় অনুষ্ঠান নহয়। আইন অনুসৰি এজন চেৰিটি কমিছনাৰ যিকোনো ধৰ্মৰ হ’ব পাৰে, কিয়নো তেওঁলোকে কোনো ট্ৰাষ্ট পৰিচালনা কৰা নাই; তেওঁলোকৰ দায়িত্ব হৈছে ব’ৰ্ডে চেৰিটি আইন মানি চলি কাম কৰাটো নিশ্চিত কৰা। শ্ৰী শ্বাহে দৃঢ়তাৰে কয় যে এয়া প্ৰশাসনিক বিষয়, ধৰ্মীয় বিষয় নহয়।

শ্ৰী অমিত শ্বাহে কয় যে ৱাকফৰ সম্পত্তিৰ শোষণ কৰাসকলক চিনাক্ত কৰি আঁতৰ কৰাটোৱেই ৱাকফ ব’ৰ্ডৰ প্ৰাথমিক ভূমিকা হ’ব লাগে। ইয়াত শ শ বছৰ ধৰি অতি কম হাৰত ৱাকফৰ নামত সম্পত্তি লিজত দিয়া ব্যক্তিসকলৰ ওপৰত গুৰুত্ব দিয়া উচিত। তেওঁ উল্লেখ কৰে যে ৱাকফৰ পৰা আয় হ্ৰাস পাইছে, আনহাতে এই ধন সংখ্যালঘু সম্প্ৰদায়ৰ উন্নয়ন আৰু ইছলামৰ প্ৰতিষ্ঠানসমূহ শক্তিশালী কৰাৰ বাবে ব্যৱহাৰ কৰা উচিত। ৱাকফ ব’ৰ্ড আৰু ইয়াৰ চৌহদৰ মূল কাম হ’ব লাগে এই ধনৰ চুৰি বন্ধ কৰা। তেওঁ লগতে কয় যে বিৰোধীয়ে তেওঁলোকৰ শাসনকালত চলি থকা গোপন বুজাবুজি বজাই ৰাখিব বিচাৰে, কিন্তু এতিয়া আৰু সেইটো কেতিয়াও সম্ভৱ নহ’ব৷

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৩ চনত যদি ৱাকফ আইন সংশোধন নকৰাহ’লে এই বিধেয়কখনৰ প্ৰয়োজন নহ’লহেঁতেন। কিন্তু ২০১৪ চনৰ নিৰ্বাচনৰ পূৰ্বে ২০১৩ চনত তুষ্টিকৰণৰ স্বাৰ্থত ৱাকফ আইনখন নিশাটোৰ ভিতৰতে চৰম ৰূপত সাল-সলনি কৰা হয়, যাৰ ফলত দিল্লীৰ লুটিয়েনছ জ’নত ১২৩টা হাই-প্ৰফাইল সম্পত্তি ৱাকফক আবণ্টন দিয়া হয়। দিল্লী ৱাকফ ব’ৰ্ডে উত্তৰ ৰে’লৱেৰ ভূমি ৱাকফলৈ হস্তান্তৰ কৰে। হিমাচলপ্ৰদেশত ভূমি অবৈধভাৱে ৱাকফৰ সম্পত্তিলৈ ৰূপান্তৰিত কৰি অকৰ্তৃত্বশীল মছজিদ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হৈছিল। তামিলনাডুত ১৫০০ বছৰ পুৰণি তিৰুচেন্দুৰ মন্দিৰৰ ৪০০ একৰ মাটি ৱাকফৰ সম্পত্তি বুলি ঘোষণা কৰা হৈছিল। শ্ৰী শ্বাহে উল্লেখ কৰে যে কৰ্ণাটকৰ এখন সমিতিৰ প্ৰতিবেদন অনুসৰি ২৯ হাজাৰ একৰ ৱাকফ ভূমি বাণিজ্যিক ব্যৱহাৰৰ বাবে লিজত দিয়া হৈছিল। ২০০১ চনৰ পৰা ২০১২ চনৰ ভিতৰত ২ লাখ কোটি টকাৰ ৱাকফৰ সম্পত্তি ব্যক্তিগত প্ৰতিষ্ঠানক ১০০ বছৰৰ বাবে লিজত দিয়া হৈছিল। তেওঁ লগতে উল্লেখ কৰে যে বেংগালুৰুৰ উচ্চ ন্যায়ালয়ে ৬০২ একৰ মাটি অধিগ্ৰহণ বন্ধ কৰিবলৈ হস্তক্ষেপ কৰিবলগীয়া হৈছিল। কৰ্ণাটকৰ বিজয়পুৰৰ হোনৱাদ গাঁৱত ১৫০০ একৰ ভূমি বিতৰ্কৰ সুত্ৰপাত কৰে। ৫০০ কোটি টকাৰ এই ভূমি মাহে মাত্ৰ ১২,০০০ টকাত পঞ্চ তাৰকাযুক্ত হোটেল এখনক লিজত দিয়া হয়।

শ্ৰী অমিত শ্বাহে কয় যে এই সকলো ধন দৰিদ্ৰ মুছলমানৰ কল্যাণৰ বাবেহে, ধনী লোকৰ লুণ্ঠনৰ বাবে নহয়। কৰ্ণাটকত দত্তপীঠ মন্দিৰক লৈ দাবী উত্থাপন হৈছিল। তালিপাৰম্বাত ৭৫ বছৰীয়া দাবীৰ ভিত্তিত ৬০০ একৰ মাটি জব্দ কৰাৰ চেষ্টা কৰা হৈছিল। আনকি খ্ৰীষ্টান সম্প্ৰদায়ৰ সম্পত্তিও জব্দ কৰা হয়। তেওঁ উল্লেখ কৰে যে দেশৰ বহু গীৰ্জাই ৱাকফ বিধেয়কৰ বিৰোধিতা কৰিছে কাৰণ তেওঁলোকে ইয়াক মুছলমান সম্প্ৰদায়ৰ সহানুভূতি লাভৰ মাধ্যম হিচাপে লয়। অৱশ্যে চাৰি বছৰৰ পাছত মুছলমান ভাইসকলেও উপলব্ধি কৰিব যে এই বিধেয়কখন আচলতে তেওঁলোকৰ লাভৰ বাবে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে তেলেংগানাত ১৭০০ একৰ ভূমিত ৬৬,০০০ কোটি টকাৰ দাবী কৰা হৈছিল। একেদৰে অসমতো মৰিগাঁও জিলাৰ ১৩৪ একৰ ভূমিক লৈ দাবী উত্থাপন হৈছিল। হাৰিয়ানাৰ এটা গুৰুদ্বাৰাৰ সৈতে জড়িত চৈধ্যখন মাৰলা ভূমি ৱাকফৰ হাতত অৰ্পণ কৰা হয় আৰু প্ৰয়াগৰাজৰ চন্দ্ৰশেখৰ আজাদ উদ্যানকো ৱাকফৰ সম্পত্তি হিচাপে ঘোষণা কৰা হয়। মহাৰাষ্ট্ৰত বডাংগে গাঁৱৰ মহাদেৱ মন্দিৰৰ বিৰুদ্ধে দাবী উত্থাপন হৈছিল আৰু বীডত ৱাকফ ব’ৰ্ডে কংকলেশ্বৰৰ পৰা ১২ একৰ মাটি বলপূৰ্বকভাৱে লৈছিল।

শ্ৰী অমিত শ্বাহে কয় যে মুছলমান ভাইসকলৰ ধৰ্মীয় কাম-কাজত বা তেওঁলোকে ৱাকফকে ধৰি তেওঁলোকে স্থাপন কৰা ট্ৰাষ্টত হস্তক্ষেপ কৰাৰ কোনো উদ্দেশ্য চৰকাৰৰ নাই। তেওঁ স্পষ্ট কৰি দিয়ে যে মুতাৱাল্লী, ৱাকিফ আৰু ৱাকফ তেওঁলোকৰ নিয়ন্ত্ৰণত থাকিব, কিন্তু ব্যক্তিগত লাভৰ বাবে নহয়, ৱাকফৰ সম্পত্তিসমূহ যাতে সঠিকভাৱে ৰক্ষণাবেক্ষণ আৰু বৈধভাৱে ব্যৱহাৰ কৰাটো নিশ্চিত কৰাটো অতি প্ৰয়োজনীয়। তেওঁ শতিকা প্ৰাচীন দাতব্য সম্পত্তি মাহে মাত্ৰ ১২,০০০ টকাত পঞ্চ তাৰকাযুক্ত হোটেলৰ বাবে লিজত লোৱাৰ ন্যায্যতাক লৈ প্ৰশ্ন উত্থাপন কৰে। বৰঞ্চ তেওঁ দৃঢ়তাৰে কয় যে এই ধন দৰিদ্ৰ মুছলমান, বিবাহ বিচ্ছেদ হোৱা মহিলা, অনাথ শিশু আৰু নিবনুৱা যুৱক-যুৱতীসকলৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰি তেওঁলোকক স্বাৱলম্বী আৰু দক্ষ হোৱাত সহায় কৰা উচিত। তেওঁ লগতে আঙুলিয়াই দিয়ে যে ৱাকফৰ লাখ লাখ কোটি টকাৰ ভূমি আছে যদিও ইয়াৰ বাৰ্ষিক আয় মাত্ৰ ১২৬ কোটি টকা, যাৰ ফলত অপব্যৱস্থাপনা আৰু অপব্যৱহাৰৰ বিষয়ে উদ্বেগ প্ৰকাশ পাইছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ২০১৩ চনৰ সংশোধনী বিধেয়ক উত্থাপন কৰাৰ সময়ত সেই সময়ত চৰকাৰৰ জ্যেষ্ঠ নেতাসকলে ৱাকফৰ সম্পত্তি লুণ্ঠন আৰু দোষীক কাৰাগাৰৰ আঁৰত পঠোৱা ৰোধৰ বাবে কঠোৰ আইন প্ৰণয়নৰ পোষকতা কৰিছিল। শ্ৰী শ্বাহে কয় যে বৰ্তমানৰ বিধেয়কখনে স্বচ্ছ অডিট সক্ষম কৰিব। তেওঁ কয় যে বিৰোধীয়ে নিজৰ সংশোধনীত লিখিছিল যে ৱাকফ ব’ৰ্ডৰ আদেশক আদালতত প্ৰত্যাহ্বান জনাব নোৱাৰি, কিন্তু প্ৰকৃত কথাটো হ’ল আদালতত প্ৰত্যাহ্বান জনোৱাৰ ব্যৱস্থা আছে। তেওঁ কয় যে এই বিধেয়কখন পুৰ্বদৃষ্টিসম্পন্ন প্ৰভাৱত কাৰ্যকৰী নহ’ব যদিও মুছলমানসকলক বিৰোধীয়ে ভয় খুৱাইছে।

ৱাকফ সম্পৰ্কীয় বিধেয়কখনত জিলা উপায়ুক্তৰ ভূমিকা সন্দৰ্ভত শ্ৰী অমিত শ্বাহে কয় যে যেতিয়া দেশৰ এটা মন্দিৰৰ বাবে ভূমি ক্ৰয় কৰিবলগীয়া হয় তেতিয়া সেই ভূমিৰ মালিকীস্বত্ব কাৰ আছে সেয়া জিলা উপায়ুক্তই সিদ্ধান্ত লয়। তেওঁ কয় তেনে ক্ষেত্ৰত জিলা উপায়ুক্তই ৱাকফৰ ভূমিৰ তদন্ত কৰাত আপত্তি কিয়? গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ৱাকফৰ ভূমি চৰকাৰী ভূমি হয় নে নহয় সেয়া কেৱল জিলা উপায়ুক্তইহে পৰীক্ষা কৰিব পাৰিব।

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে মোদী চৰকাৰে এটা স্পষ্ট নীতি মানি চলে— ভোট-বেংক ৰাজনীতিৰ বাবে কোনো আইন প্ৰণয়ন কৰা নহ’ব, কিয়নো আইনসমূহে ন্যায় আৰু জনকল্যাণৰ উদ্দেশ্য পূৰণ কৰিব লাগে। তেওঁ আলোকপাত কৰে যে ঠিক এই সদনত মোদী চৰকাৰে মহিলাৰ বাবে ৩৩% সংৰক্ষণৰ আইন প্ৰণয়ন কৰি পিছপৰা শ্ৰেণীক সাংবিধানিক অধিকাৰ প্ৰদান কৰে। তেওঁ লগতে দৃঢ়তাৰে কয় যে সকলোৰে নিজৰ ধৰ্ম পালন কৰাৰ অধিকাৰ আছে যদিও ধৰ্মান্তৰকৰণ লোভ, প্ৰলোভন, ভয়ৰ দ্বাৰা হোৱা উচিত নহয়।

শ্ৰী অমিত শ্বাহে কয় যে ২০১৩ চনৰ সংশোধনী বিধেয়কখনৰ ওপৰত দুয়োটা সদনত মুঠ ৫.৫ ঘণ্টা আলোচনা হৈছিল, আনহাতে বৰ্তমানৰ বিধেয়কখনৰ ওপৰত ১৬ ঘণ্টা ধৰি বিতৰ্ক চলি আছে। তেওঁ দৃঢ়তাৰে কয় যে চৰকাৰে এখন যুটীয়া সমিতি গঠন কৰিছিল, যিয়ে ৩৮খন বৈঠক অনুষ্ঠিত কৰিছিল, ১১৩ ঘণ্টাৰ আলোচনাত মিলিত হৈছিল আৰু ২৮৪জন অংশীদাৰৰ পৰামৰ্শ গ্ৰহণ কৰিছিল। তদুপৰি সমগ্ৰ দেশৰ পৰা এক কোটি অনলাইন পৰামৰ্শ লাভ কৰা হৈছিল, এই আইনখনৰ খচৰা প্ৰস্তুত কৰাৰ পূৰ্বে ভালদৰে বিশ্লেষণ কৰা হৈছিল। গতিকে ইয়াক সহজভাৱে উলাই কৰিব নোৱাৰি। তেওঁ লগতে দৃঢ়তাৰে কয় যে প্ৰতিজন সদস্যই সদনত কথা কোৱাৰ স্বাধীনতা আছে। ইয়াত কোনো এটা পৰিয়ালে নিয়ন্ত্ৰণ ৰাখিব নোৱাৰে। সাংসদসকল জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধি, কাৰো পক্ষত সদনত উপস্থিত নহয় আৰু তেওঁলোকে জনসাধাৰণৰ হৈ মাত মাতিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে উল্লেখ কৰে যে এই আইন ভাৰতৰ সংসদে প্ৰণয়ন কৰিছে, ইয়াক সকলোৰে বাবে বাধ্যতামূলক কৰি তুলিছে আৰু সেয়েহে ইয়াক সকলোৱে মানি ল’ব লাগিব। তেওঁ আলোকপাত কৰে যে ১৯১৩ চনৰ পৰা ২০১৩ চনলৈকে ৱাকফ ব’ৰ্ডৰ অধীনত মুঠ ভূমিৰ পৰিমাণ আছিল ১৮ লাখ একৰ। কিন্তু ২০১৩ চনৰ পৰা ২০২৫ চনৰ ভিতৰত এই ভূমি ২১ লাখ একৰ বৃদ্ধি পাই মুঠ ৩৯ লাখ একৰ হৈছে, ২০১৩ চনৰ পিছত ২১ লাখ একৰ মাটি সংযোজন কৰা হৈছে। এই সম্পত্তিসমূহ বিক্ৰী হৈ যোৱাৰ ইংগিত দিয়ে। তেওঁ লগতে উল্লেখ কৰে যে কেথলিক আৰু গীৰ্জাৰ সংগঠনসমূহে এই আইনখনৰ প্ৰতি সমৰ্থন আগবঢ়াইছে আৰু ২০১৩ চনৰ সংশোধনীক অন্যায় বুলি অভিহিত কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে এই বিধেয়কখনে ভূমি সুৰক্ষিত কৰিব, যাতে কোনো মাটি কেৱল ঘোষণাৰ দ্বাৰাই ৱাকফৰ সম্পত্তিত পৰিণত নহয়—ইয়াক আইনৰ দ্বাৰা সুৰক্ষিত কৰা হ’ব। তেওঁ দৃঢ়তাৰে কয় যে প্ৰত্নতাত্ত্বিক বিভাগ আৰু ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ (ASI)ৰ অন্তৰ্গত ভূমি সুৰক্ষিত কৰা হ’ব, আৰু তফছিল ৫ আৰু ৬ অনুসৰি জনজাতীয় ভূমিসমূহো সুৰক্ষিত কৰা হ’ব। তদুপৰি, এই বিধেয়কৰ অধীনত সাধাৰণ নাগৰিকৰ ব্যক্তিগত সম্পত্তি সুৰক্ষিত হৈ থাকিব। শ্ৰী শ্বাহে স্পষ্ট কৰি দিয়ে যে কেৱল নিজৰ সম্পত্তি দান কৰিব পাৰি, অৰ্থাৎ মালিকীস্বত্ব অবিহনে ৱাকফে ব্যক্তিগত সম্পত্তি অধিগ্ৰহণ কৰিব নোৱাৰে। স্বচ্ছতা নিশ্চিত কৰিবলৈ বিধেয়কখনত ৱাকফ আইনত বাধ্যতামূলক তথ্য প্ৰকাশ প্ৰক্ৰিয়া অন্তৰ্ভুক্ত কৰা হৈছে।

গৃহ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে কোনো সম্পত্তিক ৱাকফ হিচাপে ঘোষণা কৰাৰ কৰ্তৃত্ব বাতিল কৰা হৈছে আৰু এতিয়া এনে ঘোষণাসমূহ জিলা উপায়ুক্তই পৰীক্ষা কৰিব লাগিব। তদুপৰি যিকোনো নতুন ৱাকফৰ সম্পত্তি স্বচ্ছ প্ৰক্ৰিয়াৰ জৰিয়তে পঞ্জীয়ন কৰিব লাগিব। তেওঁ লগতে উল্লেখ কৰে যে মুছলমানসকলৰ হাতত এতিয়া ৱাকফ ট্ৰাষ্ট আইনৰ অধীনত নিজৰ ট্ৰাষ্ট পঞ্জীয়ন কৰাৰ বিকল্প আছে, যাৰ ফলত ইয়াৰ বাবে পৃথক ৱাকফ আইনৰ প্ৰয়োজনীয়তা নাইকিয়া হৈ পৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে সংখ্যালঘু লোকসকলৰ মাজত ভয় জগাই তোলাটো এটা ধাৰাত পৰিণত হৈছে। তেওঁ আঙুলিয়াই দিয়ে যে মুছলমানসকলৰ মাজত আতংক সৃষ্টিৰ বাবে ৰাম জন্মভূমি মন্দিৰ, তিনি তালাক, নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ (CAA)ৰ ওপৰত আলোচনাৰ সময়তো একেধৰণৰ প্ৰচেষ্টা চলোৱা হৈছিল। অৱশ্যে তেওঁ দৃঢ়তাৰে কয় যে মুছলমান সমাজে ভালদৰেই জানে যে ইয়াত ভয় কৰিবলগীয়া একো নাই। তেওঁ বিৰোধীক সমালোচনা কৰি সোঁৱৰাই দিয়ে যে তেওঁলোকে ‘কা’ৰ বাবে মুছলমানে নাগৰিকত্ব হেৰুৱাব বুলি মিছাকৈ দাবী কৰিছিল, বিগত দুবছৰৰ পাছতো এজনো ব্যক্তিয়ে নাগৰিকত্ব হেৰুওৱা নাই। ‘কা’ৰ বাবে কাৰোবাৰ যদি নাগৰিকত্ব কাঢ়ি লোৱা হৈছে, তেন্তে সদনত প্ৰমাণ দাখিল কৰিবলৈ বিৰোধীক তেওঁ প্ৰত্যাহ্বান জনায়। শ্ৰী অমিত শ্বাহে লগতে কয় যে ৩৭০নং অনুচ্ছেদ বাতিলৰ পিছতো একেধৰণৰ ভয়-ভাবুকিৰ চেষ্টা কৰা হৈছিল, কিন্তু আজি জম্মু-কাশ্মীৰত নিৰ্বাচিত চৰকাৰ আছে, সন্ত্ৰাসবাদ হ্ৰাস পাইছে, দ্ৰুতগতিত উন্নয়ন হৈছে আৰু পৰ্যটনৰো জয়জয়-ময়ময় হৈ উঠিছে।

শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে বিৰোধী দল আৰু ইয়াৰ মিত্ৰসকলে মুছলমান সম্প্ৰদায়ক ভয় দেখুৱাই নিজৰ ভোট বেংক গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে মোদী চৰকাৰ এই দেশৰ কোনো নাগৰিকে, ধৰ্ম নিৰ্বিশেষে, যাতে ক্ষতি নহয় তাৰ প্ৰতি দৃঢ় প্ৰতিজ্ঞাবদ্ধ।

****

RK/VV/RR/PR/PS/DB


(Release ID: 2118684) Visitor Counter : 25