কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
azadi ka amrit mahotsav

হাইব্ৰিড এনুইটি মোড (HAM)ত বিহাৰত চাৰিলেনযুক্ত গ্ৰীণফিল্ড আৰু ব্ৰাউনফিল্ড পাটনা-আৰাহ-ছাছাৰাম কৰিডৰ (NH-119A) (১২০.১০ কিলোমিটাৰ) নিৰ্মাণত অনুমোদন

Posted On: 28 MAR 2025 4:16PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত আজি কেবিনেটৰ অৰ্থনৈতিক পৰিক্ৰমা কমিটীয়ে পাটনাৰ পৰা আৰম্ভ কৰি বিহাৰৰ ছাছাৰাম (১২০.১০ কিলোমিটাৰ)লৈকে ৪ লেন প্ৰৱেশ নিয়ন্ত্ৰিত গ্ৰীণফিল্ড আৰু ব্ৰাউনফিল্ড পাটনা-আৰাহ-ছাছাৰাম কৰিডৰ নিৰ্মাণত অনুমোদন জনাইছে। হাইব্ৰিড এনুইটি মোড (HAM)ত নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পৰ বাবে মুঠ ৩,৭১২.৪০ কোটি টকা ব্যয় হ’ব।

সম্প্ৰতি ছাছাৰাম, আৰাহ, আৰু পাটনাৰ মাজৰ পৰিবহন সংযোগ বৰ্তমানৰ ৰাজ্যিক ঘাইপথ (SH-2, SH-12, SH-81, আৰু SH-102)ৰ ওপৰতে নিৰ্ভৰশীল, যাৰ ফলত বিশেষকৈ আৰাহ চহৰত প্ৰচণ্ড যানজঁটৰ বাবে যাত্ৰাৰ সময় ৩-৪ ঘণ্টা পৰ্যন্ত প্ৰয়োজন হয়। উল্লেখ্য যে ক্ৰমাৎ বৃদ্ধি পোৱা যানজঁট দূৰ কৰিবলৈ গ্ৰীণফিল্ড কৰিডৰ গঢ়ি তোলা হ’ব, লগতে বৰ্তমানৰ ব্ৰাউনফিল্ড ঘাইপথৰ ১০.৬ কিলোমিটাৰ উন্নীতকৰণ কৰা হ’ব। ইয়াৰ দ্বাৰা ঘন জনবসতিপূৰ্ণ অঞ্চল যেনে আৰাহ, গ্ৰাহিনী, পিৰো, বিক্ৰমগঞ্জ, মকাৰ, আৰু ছাছাৰামৰ প্ৰয়োজনীয়তা পূৰণ হ’ব।

এই প্ৰকল্পৰ কাৰ্যকৰীকৰণে ৰাষ্ট্ৰীয় ঘাইপথ-১৯, ৰাষ্ট্ৰীয় ঘাইপথ-৩১৯, ৰাষ্ট্ৰীয় ঘাইপথ-৯২২, ৰাষ্ট্ৰীয় ঘাইপথ-১৩১জি, আৰু ৰাষ্ট্ৰীয় ঘাইপথ-১২০কে ধৰি মূল পৰিবহণ কৰিডৰৰ সৈতে সংযোগ স্থাপন কৰি ঔৰংগাবাদ, কাইমুৰ, আৰু পাটনাৰ সৈতে মসৃণ যাতায়াত নিশ্চিত কৰিব। তদুপৰি ইয়াৰ জৰিয়তে বিহাৰে দুটা বিমানবন্দৰ ক্ৰমে পাটনাৰ জয় প্ৰকাশ নাৰায়ণ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু নিৰ্মীয়মান বিহিতা বিমানবন্দৰ, চাৰিটা প্ৰধান ৰে’ল ষ্টেচন ক্ৰমে ছাছাৰাম, আৰাহ, দানাপুৰ, পাটনা, আৰু এটা আভ্যন্তৰীণ জল টাৰ্মিনেল (পাটনা)ৰ সুবিধা লাভ কৰিব। ইয়াৰ দ্বাৰা পাটনা ৰিং ৰোডলৈও প্ৰত্যক্ষ প্ৰৱেশ ব্যৱস্থাৰ উন্নতি ঘটিব, যাৰ ফলত সামগ্ৰী স্থানান্তৰণ আৰু যাত্ৰীসকলৰ ক্ষীপ্ৰ তথা সুচল পৰিবহন সম্ভৱ হ’ব।

এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠাৰ পিছত পাটনা-আৰাহ-ছাছাৰাম কৰিডৰে আঞ্চলিক অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ বিবেচিত হ’ব, যাৰ ফলত লক্ষ্ণৌ, পাটনা, ৰাঁচী, আৰু বাৰাণসীৰ মাজত সংযোগ বৃদ্ধি পাব। এই প্ৰকল্পই আন্তঃগাঁথনিৰ উন্নতি, কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি, আৰু বিহাৰৰ আৰ্থ-সামাজিক উন্নয়নক প্ৰসাৰিত কৰি আত্মনিৰ্ভৰ ভাৰতৰ চৰকাৰৰ দৃষ্টিভংগীক সমৰ্থন কৰে। ইয়াৰ দ্বাৰা ৪৮ লাখ মানৱ দিনৰ নিয়োগ সৃষ্টি হোৱাৰো সম্ভাৱনা আছে আৰু ই পাটনাৰ আশে-পাশে থকা উন্নয়নশীল অঞ্চলসমূহত বিকাশ, উন্নয়ন, আৰু সমৃদ্ধিৰ নতুন পথ মুকলি কৰিব।

কৰিডৰৰ মানচিত্ৰ

 

প্ৰকল্পৰ সবিশেষ:

বৈশিষ্ট

সবিশেষ

প্ৰকল্পৰ নাম

৪-লেন গ্ৰীণফিল্ড আৰু ব্ৰাউনফিল্ড পাটনা-আৰাহ-ছাছাৰাম কৰিডৰ

কৰিড’ৰ

পাটনা-আৰাহ-ছাছাৰাম (ৰাষ্ট্ৰীয় ঘাইপথ-119A)

দৈৰ্ঘ্য (কিলোমিটাৰ)

১২০.১০

মুঠ নিৰ্মাণ ব্যয় (কোটিত)

২৯৮৯.০৮

ভূমি অধিগ্ৰহণ ব্যয় (কোটিত)

৭১৮.৯৭

মুঠ মুলধনী ব্যয় (কোটিত)

৩,৭১২.৪০

পদ্ধতি

হাইব্ৰীড এনুইটি মোড (HAM)

প্ৰধান প্ৰধান পথৰ সংযোগ

ৰাষ্ট্ৰীয় ঘাইপথ নং- NH-19, NH-319, NH-922, NH-131G, NH-120

ৰাজ্যিক ঘাইপথ নং - SH-2, SH-81, SH-12, SH-102

অৰ্থনৈতিক / সামাজিক / পৰিবহনৰ দিশ সংযোগী

বিমানবন্দৰ: জয় প্ৰকাশ নাৰায়ণ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (পাটনা), বিহিতা বিমানবন্দৰ (নিৰ্মীয়মান), ৰে’ল ষ্টেচন: ছাছাৰাম, আৰাহ, দানাপুৰ, পাটনা আভ্যন্তৰীণ জল টাৰ্মিনেল: পাটনা

সংযোগী প্ৰধান চহৰবোৰ

পাটনা, আৰহ, ছাছাৰাম

সংস্থাপন সৃষ্টিৰ সম্ভাৱনা

২২ লাখ ব্যক্তি-দিন (প্ৰত্যক্ষ) আৰু ২৬ লাখ ব্যক্তি-দিন (পৰোক্ষ)

২০২৫ বিত্তীয় বৰ্ষত বাৰ্ষিক গড় দৈনিক পথব্যৱহাৰকাৰী (AADT)

আনুমানিক ১৭,০০০-২০,০০০ যাত্ৰীবাহী গাড়ী ইউনিট (পিচিইউ)

***

MJPS/SKS


(Release ID: 2116309) Visitor Counter : 38