তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে ৭৬ সংখ্যক গণতন্ত্ৰ দিৱসৰ কুচকাৱাজৰ বাবে 'মন কি বাত'ৰ বিশেষ আমন্ত্ৰণকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে

আকাশবাণীয়ে প্ৰধানমন্ত্ৰীৰ মন কি বাত কাৰ্যসূচীৰ জৰিয়তে ভাৰত আৰু বিশ্বলৈ বিভিন্ন ব্যক্তিৰ প্ৰেৰণাদায়ক কাহিনী প্ৰদৰ্শন কৰিছে: শ্ৰী অশ্বিনী বৈষ্ণৱ

Posted On: 26 JAN 2025 7:10PM by PIB Guwahati


কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ, ৰেলৱে, আৰু ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে আজি ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে বিশেষ আমন্ত্ৰিত হিচাপে নিৰ্বাচিত হোৱা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কি বাত’ কাৰ্যসূচীৰ বিশিষ্ট অতিথিসকলক সাক্ষাৎ কৰে। 

প্ৰধানমন্ত্ৰীৰ বিশেষ আমন্ত্ৰণত এই অতিথিসকলে কাৰ্তব্য পথত অনুষ্ঠিত গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰে। এইসকল অসাধাৰণ ব্যক্তি আৰু প্ৰতিষ্ঠানৰ প্ৰতিনিধি, যাৰ প্ৰেৰণাদায়ক কামৰ কথা বিগত ১০ বছৰত অল ইণ্ডিয়া ৰেডিঅ’ৰ সন্মানীয় অনুষ্ঠান ‘মন কি বাত’ত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে। এই ব্যক্তিসকলে শিক্ষা, পৰিৱেশ, সমাজ কল্যাণ আৰু উদ্ভাৱন আদি ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে, যাৰ ফলত সমাজত গভীৰ প্ৰভাৱ পৰিছে আৰু দেশৰ লাখ লাখ লোকক অনুপ্ৰাণিত কৰিছে।


আকাশবাণী: পৰিৱৰ্তনৰ অখ্যাত নায়কসকলক লৈ উদযাপন 


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ চিনাকি ‘মন কি বাত’ অনুষ্ঠানত উদযাপন আৰু আলোকপাত কৰা সফলতাৰ কাহিনী, প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমক উলিয়াই অনাত অল ইণ্ডিয়া ৰেডিঅ’ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই প্ৰেৰণাদায়ক কাহিনীসমূহ বিশ্ববাসীৰ সৈতে ভাগ-বতৰা কৰি আকাশবাণীয়ে এই ব্যক্তিসকলৰ ইতিবাচক প্ৰভাৱ আৰু সমাজলৈ আগবঢ়োৱা অৰ্থপূৰ্ণ অৱদান প্ৰদৰ্শনৰ এক মূল স্তম্ভত পৰিণত হৈছে।

এই প্ৰেৰণাদায়ক বীৰসকলক ভাৰতৰ জনসেৱা সম্প্ৰচাৰক অল ইণ্ডিয়া ৰেডিঅ’ৰ ৰেডিঅ’ বিভাগে নতুন দিল্লীৰ মুখ্য কাৰ্যালয় আকাশবাণী ভৱনলৈ আমন্ত্ৰণ জনাইছিল। এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে নিজেই এই অতিথিসকলক সাক্ষাৎ কৰি তেওঁলোকৰ এই প্ৰচেষ্টাৰ শলাগ লৈ কয় যে তেওঁলোকৰ কাম সমাজৰ বাবে প্ৰেৰণাদায়ক। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই ব্যক্তিসকলক তেওঁলোকৰ এই কৃতিত্বৰ বাবে অভিনন্দন জনায়, তেওঁলোকৰ অৱদানক জাতিটোৰ বাবে এক মূল্যৱান সম্পদ বুলি অভিহিত কৰে।


পৰিৱৰ্তনৰ প্ৰেৰণাদায়ক কাহিনীঃ

এই উপলক্ষে ভাষণ দি শ্ৰী অশ্বিনী বৈষ্ণৱে কয়, “ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কি বাত’ কাৰ্যসূচীত বিভিন্ন ব্যক্তিৰ অৱদানৰ ওপৰত আলোকপাত কৰি তেওঁলোকৰ প্ৰচেষ্টাক বিশ্ববাসীৰ আগত দাঙি ধৰাটো সঁচাকৈয়ে আচৰিত কথা।

বিভিন্ন পটভূমিৰ পৰা অহা আৰু অধ্যৱসায়, উদ্ভাৱন আৰু সামাজিক প্ৰভাৱৰ প্ৰেৰণাদায়ক কাহিনীক প্ৰতিনিধিত্ব কৰা আমন্ত্ৰিতসকলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ‘মন কি বাত’ মঞ্চৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে যে তেওঁলোকে তেওঁলোকৰ কামৰ অংশীদাৰিত্ব আৰু লাখ লাখ লোকক অনুপ্ৰাণিত কৰাৰ সুযোগ প্ৰদান কৰে।

তেওঁ আৰু কয় যে এই পদক্ষেপৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে সমাজৰ হকে বিশ্বজুৰি চলি থকা ইতিবাচক আৰু অৰ্থপূৰ্ণ কামক উদযাপন কৰিছে। এই অনুষ্ঠানটোৱে এনে প্ৰেৰণাদায়ক প্ৰচেষ্টাক বিশ্বৰ সৈতে ভাগ-বতৰা কৰাৰ এক অনন্য মঞ্চ প্ৰদান কৰে। আজি ‘মন কি বাত’ কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে সকলোকে মন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে।

‘মন কি বাত’

সমাজলৈ অসাধাৰণ অৱদান আগবঢ়োৱা সাধাৰণ নাগৰিকৰ প্ৰেৰণাদায়ক কাহিনীৰ ওপৰত আলোকপাত কৰি ‘মন কি বাত’ কাৰ্যসূচীত পৰিৱর্তনমূলক পদক্ষেপত পৰিণত হৈছে৷ এই অনুষ্ঠানটো বিগত ১১ বছৰৰ পৰা মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান হিচাপে প্ৰচাৰিত হৈ আছে য’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিমাহে বিভিন্ন ব্যক্তিত্ব আৰু সমগ্ৰ জাতি আৰু বিশ্বৰ প্ৰতি তেওঁলোকৰ অসাধাৰণ অৱদানৰ প্ৰদৰ্শন আগবঢ়াই আহিছে। ‘মন কি বাতে’- শিক্ষা, পৰিৱেশ, সমাজ কল্যাণ আৰু উদ্ভাৱনৰ দৰে ক্ষেত্ৰত অৰ্থপূৰ্ণ কাম কৰা ব্যক্তিসকলৰ কণ্ঠক বৃদ্ধি কৰি ভাৰত আৰু ইয়াৰ বাহিৰৰ লাখ লাখ লোকক অনুপ্ৰাণিত কৰিছে। এই কাৰ্যসূচীয়ে ব্যক্তিগত প্ৰচেষ্টাৰ শক্তিক আলোকপাত কৰাই নহয়, শক্তিশালী, সৰ্বাংগীন আৰু প্ৰগতিশীল জাতি গঢ়ি তোলাৰ দিশতো অৰিহণা যোগায়।


Dharmendra Tewari/Kshitij Singha/DS


(Release ID: 2113312)