কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
azadi ka amrit mahotsav

কেবিনেটে মহাৰাষ্ট্ৰৰ জেএনপিএ বন্দৰৰ (পাগোটে)ৰ পৰা আৰম্ভ কৰি চক (২৯.২১৯ কিলোমিটাৰ)লৈকে ৬-লেনৰ প্ৰৱেশ নিয়ন্ত্ৰিত গ্ৰীণফিল্ড হাইৱে’ বিঅ’টি (টোল) মুডত নিৰ্মাণত অনুমোদন জনায়

Posted On: 19 MAR 2025 4:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীয়ে মহাৰাষ্ট্ৰৰ জেএনপিএ বন্দৰৰ (পাগোটে)ৰ পৰা আৰম্ভ কৰি চক (২৯.২১৯ কিলোমিটাৰ)লৈকে ৬-লেনৰ প্ৰৱেশ নিয়ন্ত্ৰিত গ্ৰীণফিল্ড হাই স্পীড ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত অনুমোদন জনাইছে। এই প্ৰকল্পটো বিল্ড, অপাৰেট এণ্ড ট্ৰেন্সফাৰ (BOT) মুডত মুঠ ৪৫০০.৬২ কোটি টকা মূলধনী ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব।

ভাৰতৰ গুৰু আৰু লঘু বন্দৰসমূহৰ সৈতে সংযোগী পথ আন্তঃগাঁথনিৰ উন্নয়ন হৈছে পিএম গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ নীতিৰ অধীনত সংহত আন্তঃগাঁথনি পৰিকল্পনাৰ অন্যতম কেন্দ্ৰবিন্দু। জেএনপিএ বন্দৰত কন্টেইনাৰৰ পৰিমাণ বৃদ্ধি আৰু নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উন্নয়নৰ লগে-লগে অঞ্চলটোত ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ বৃদ্ধিৰ প্ৰয়োজনীয়তা আহি পৰিছে।

বৰ্তমান পালাস্পে ফাটা, ডি-পইন্ট, কালাম্বোলি জংচন, পানভেলৰ দৰে নগৰীয়া অঞ্চলসমূহত ব্যাপক যানজঁটৰ বাবে জেএনপিএ বন্দৰৰ পৰা ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু মুম্বাই – পুনে এক্সপ্ৰেছৱেৰ আৰ্টিৰেল জিকিউ অংশলৈ যান-বাহনেৰে যাবলৈ ২-৩ ঘন্টা সময় লাগে। ২০২৫ত নৱী মুম্বাই বিমানবন্দৰ কাৰ্য্যকৰী হোৱাৰ পিছত প্ৰত্যক্ষ সংযোগৰ প্ৰয়োজনীয়তা অধিক বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

সেই অনুসৰি এই প্ৰকল্পটো উক্ত সংযোগৰ প্ৰয়োজনীয়তা পূৰণ তথা জেএনপিএ বন্দৰ আৰু নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সংযোগী লজিষ্টিক দক্ষতাৰ অগ্ৰগতি সাধনৰ বাবে ডিজাইন কৰা হৈছে।

এই প্ৰকল্প জেএনপিএ বন্দৰ (ৰাষ্ট্ৰীয় ঘাইপথ ৩৪৮) (পাগোটে গাঁও)ৰ পৰা আৰম্ভ হৈ মুম্বাই-পুনে ঘাইপথ (ৰাষ্ট্ৰীয় ঘাইপথ ৪৮)ত শেষ হোৱাৰ লগতে মুম্বাই পুনে এক্সপ্ৰেছৱে আৰু মুম্বাই গোৱা ৰাষ্ট্ৰীয় ঘাইপথ (ৰাষ্ট্ৰীয় ঘাইপথ ৬৬)কো সংযোগ কৰিব।

পাহাৰীয়া ভূখণ্ডত ঘাট অংশৰ পৰিৱৰ্তে বাণিজ্যিক বাহনৰ সুচল চলাচলৰ বাবে সহয়াদ্ৰীৰ মাজেৰে পাৰ হৈ যোৱা দুটা সুৰংগৰ ব্যৱস্থা কৰা হৈছে, যাৰ ফলত বৃহৎ কন্টেইনাৰ ট্ৰাকৰ সুচল গতি আৰু সহজ আহ-যাহ নিশ্চিত হ’ব।

নতুন ৬ লেনৰ গ্ৰীণ ফিল্ড প্ৰজেক্ট কৰিডৰে উন্নত বন্দৰ সংযোগেৰে নিৰাপদ আৰু কাৰ্য্যক্ষমভাৱে মালৰ সৰবৰাহত সহায় কৰিব। এই প্ৰকল্পই মুম্বাই আৰু পুনে তথা ইয়াৰ আশে-পাশে থকা উন্নয়নশীল অঞ্চলসমূহৰ বিকাশ, উন্নয়ন আৰু সমৃদ্ধিৰ নতুন পথ মুকলি কৰিব।

কৰিডৰৰ মানচিত্ৰ

image.png 

*****

MJPS/BM/SB
 


(Release ID: 2112943) Visitor Counter : 19