পোষ্ট কৰা হৈছে:
16 MAR 2025 9:36PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহৰ অধ্যক্ষতাত আজি গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত তিনিখন নতুন অপৰাধ আইন ৰূপায়ণৰ অগ্ৰগতিৰ মূল্যায়ন সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকতে গৃহমন্ত্ৰীগৰাকীয়ে চি আই ডি, অসমে প্ৰস্তুত কৰি উলিওৱা 'New Criminal Laws: Standard Operating Procedures and Rules' শীৰ্ষক এখন গ্ৰন্থও মুকলি কৰে।

এই বৈঠকত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ আৰক্ষী, কাৰাগাৰ, আদালত, বিচাৰ, আৰু ফৰেনছিক সম্পৰ্কীয় বিভিন্ন নতুন বিধান কাৰ্যকৰীকৰণ আৰু বৰ্তমানৰ অৱস্থা বা স্থিতিৰ পৰ্যালোচনা কৰা হয়। বৈঠকত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, আৰু ছিকিমৰ মুখ্যমন্ত্ৰীৰ লগতে মণিপুৰৰ ৰাজ্যপালো উপস্থিত থাকে। লগতে বৈঠকত কেন্দ্ৰীয় গৃহ সচিব, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্য সচিবসকল, আৰু আৰক্ষী সঞ্চালক প্ৰধানসকল, আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰোৰ সঞ্চালক প্ৰধান, ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰো (এনচিআৰবি)ৰ সঞ্চালক আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ লগতে ৰাজ্য চৰকাৰৰ অন্যান্য উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে।

বৈঠক সম্বোধন কৰি কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ নাগৰিকসকলৰ বাবে এক ক্ষীপ্ৰ আৰু স্বচ্ছ ন্যায় ব্যৱস্থা নিশ্চিত কৰাৰ বাবে সদাপ্ৰতিশ্ৰুতিবদ্ধ। তেওঁ আইন-শৃংখলা শক্তিশালী কৰিবলৈ অপৰাধ শীঘ্ৰে পঞ্জীয়ন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
শ্ৰী অমিত শ্বাহে মন্তব্য কৰে যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে নতুন অপৰাধমূলক আইনসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা তীব্ৰতৰ কৰাৰ প্ৰয়োজন। তেওঁ লগতে কয় যে এই আইনসমূহ সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’লেই অঞ্চলটোৰ আইন-শৃংখলাত এক উল্লেখযোগ্য পৰিৱৰ্তন আহিব, তদুপৰি যিকোনো গোচৰত এফআইআৰ পঞ্জীয়ন হোৱাৰ তিনি বছৰৰ ভিতৰত উচ্চতম ন্যায়ালয়ে ন্যায় প্ৰদান কৰাটো নিশ্চিত কৰিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে সন্ত্ৰাসবাদ, গণনিগ্ৰহ, সংগঠিত অপৰাধৰ সৈতে জড়িত গোচৰ পঞ্জীয়নত কোনো ধৰণৰ ৰাজনৈতিক হস্তক্ষেপ হ’ব নালাগে। তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যকে ১০০% আৰক্ষী কৰ্মীয়ে নতুন অপৰাধমূলক আইন সম্পৰ্কে প্ৰশিক্ষণ লাভ কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়।
শ্ৰী অমিত শ্বাহে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলক প্ৰতিমাহে এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি এই সংশ্লিষ্ট আইনসমূহৰ কাৰ্যকৰীকৰণৰ মূল্যায়ন কৰিবলৈ অনুৰোধ জনায়। লগতে তেওঁ ৰাজ্যসমূহৰ আৰক্ষী সঞ্চালক প্ৰধানসকল আৰু ৰাজ্যসমূহৰ মুখ্য সচিবসকলক প্ৰতি ১৫ দিনৰ মূৰে মূৰে এখনকৈ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিবলৈও নিৰ্দেশ দিয়ে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে প্ৰশাসন তৃণমূল পৰ্যায়ত উপনীত হ’ব লাগিব, আৰু আৰক্ষী থানাসমূহক জনসাধাৰণে ন্যায়প্ৰাপ্তিৰ স্থান হিচাপে পৰিগণিত হ’ব লাগে। তেওঁ জোৰ দি কয় যে নতুন আইন তিনিখন ১০০% কাৰ্যকৰী কৰিলেহে এই লক্ষ্যত উপনীত হ’ব পৰা যাব। ইফালে, ৬৬% গোচৰত নিৰ্ধাৰিত ৬০-৯০ দিনৰ সময়সীমাৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰাটো নিশ্চিত কৰাৰ বাবে অসম চৰকাৰক অভিনন্দন জনোৱাৰ লগতে আন ৰাজ্যসমূহক এই পন্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ এই ক্ষেত্ৰত অগ্ৰগতিৰ অবিৰাম নিৰীক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। গৃহমন্ত্ৰীগৰাকীয়ে ই-সাক্ষ্য ৰূপায়ণৰ অতীব প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰি পৰ্যাপ্ত সংখ্যক বৈজ্ঞানিক বিষয়া অবিহনে ফৰেনছিক বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা সম্পূৰ্ণ সন্তোষজনক চাৰ্জশ্বীট দাখিল কৰাটো সম্ভৱ নহ’ব বুলিও উল্লেখ কৰে। ইয়াৰ উপৰিও তেওঁ "ট্ৰাইল ইন এবচেন্সিয়া" বিধান ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়, যিয়ে পলাতক অপৰাধীক দেশলৈ ঘূৰাই অনাত সহায় কৰিব।
শ্ৰী অমিত শ্বাহে কয় যে ডিৰেক্টৰ অৱ প্ৰজিকিউশ্যনক শক্তিশালী কৰিলে জনসাধাৰণৰ ন্যায় সুনিশ্চিত কৰাত সহজ হ’ব। তেওঁ লগতে আঙুলিয়াই দিয়ে যে দীৰ্ঘদিন ধৰি উত্তৰ-পূবৰ আৰক্ষীয়ে মূলতঃ বিদ্ৰোহ নিৰ্মূলত যুঁজ দি থাকিবলগীয়া হৈছিল। কিন্তু এতিয়া অঞ্চলটোত বিদ্ৰোহ প্ৰায় নিৰ্মূল হোৱাৰ লগে লগে আৰক্ষীয়ে জনসাধাৰণৰ জীৱন, সম্পত্তি, আৰু মৰ্যাদা ৰক্ষাৰ দিশত মনোযোগ স্থানান্তৰিত কৰিব লাগে বুলি দোহাৰে গৃহমন্ত্ৰীগৰাকীয়ে। শ্ৰী শ্বাহে লগতে দোহাৰে যে প্ৰায় ৪৫ মাহ ধৰি চলা থকা এক বিস্তৃত আৰু বিশদ আলোচনা প্ৰক্ৰিয়াৰ অন্তত মোডী চৰকাৰে তিনিখন নতুন আইন প্ৰৱৰ্তন কৰিছিল।
*****
RK/VV/PR/PS