তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
মুম্বাইত অনুষ্ঠিত হ’ব ৱেভছ ২০২৫ শীৰ্ষ সন্মিলন: মহাৰাষ্ট্ৰৰ মুখ্য সচিব আৰু কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিবৰ উপস্থিতিত উচ্চ পৰ্যায়ৰ বৈঠক
ৱেভছ ২০২৫ শীৰ্ষ সন্মিলনৰ সফলতাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰৰ হৈ মুখ্য সচিব সুজাতা সৌনিকে দিলে সম্পূৰ্ণ সমৰ্থনৰ প্ৰতিশ্ৰুতি
শীৰ্ষ সন্মিলন মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট খণ্ডৰ বাবে এক বিশ্বজনীন মঞ্চ : তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজু
Posted On:
07 MAR 2025 5:05PM by PIB Guwahati
মুম্বাইত অনুষ্ঠিত হ’ব ৱেভছ ২০২৫ শীৰ্ষ সন্মিলন, যিটো অনুষ্ঠানে ভাৰতক বিশ্বৰ সমল সৃষ্টিকৰ্তা অৰ্থনীতিৰ আগশাৰীৰ দেশত স্থান দিবলৈ সাজু হৈছে। মহাৰাষ্ট্ৰ চৰকাৰৰ মুখ্য সচিব শ্ৰীমতী সুজাতা সৌনিক আৰু ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৰ সহযোগত আজি ০৭ মাৰ্চ ২০২৫ তাৰিখে ৱেভছ ২০২৫ ৰ সফল ৰূপায়ণৰ বাবে বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়।এই বৈঠকত আতিথ্য আৰু লজিষ্টিকছৰ দ্বাৰা অনুষ্ঠানটোক এক বিশেষ অনুষ্ঠান হিচাবে হিচাপে সফল কৰি তুলিবলৈ বিভিন্ন দিশ আলোচনা কৰা হয়।
মহাৰাষ্ট্ৰ চৰকাৰৰ মুখ্য সচিব শ্ৰীমতী সুজাতা সৌনিকে এই বিশ্ব সন্মিলনৰ বাবে ৰাজ্যিক পৰ্যায়ৰ সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়ে। শীৰ্ষ সন্মিলনৰ সফলতাৰ বাবে প্ৰশাসনৰ প্ৰতিটো বিভাগে সমন্বয়ৰে নিৰৱচ্ছিন্নভাৱে কাম কৰিব বুলিও উল্লেখ কৰে।

বৈঠকত ভাষণ আগবঢ়াই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৱে কয়, "এই সন্মিলন সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডৰ বাবে এক বিশ্বব্যাপী মঞ্চ হিচাবে পৰিগণিত হ'ব। এই সন্মিলনৰ মূল লক্ষ্য হৈছে ভাৰতীয় সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডক বিশ্বব্যাপী সংবাদ মাধ্যমৰ সমকক্ষ কৰি তুলি ইয়াৰ সংযোগ বৃদ্ধিৰে উন্নয়ন সাধন কৰা।"
বৈঠকত যৌথ সমন্বয় সমিতি গঠন আৰু লজিষ্টিক তথা প্ৰচাৰৰ ব্যৱস্থা আদি মূল বিষয়সমূহ সামৰি লোৱা হয়। বৈঠকত এক বিস্তৃত আউটৰিচ পৰিকল্পনাও প্ৰস্তুত কৰা হয়। বৈঠকত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে বিশ্বৰ এই উদ্যোগৰ বিশিষ্ট ব্যক্তি আৰু উদ্যোগৰ প্ৰতিনিধিক আমন্ত্ৰণ জনোৱাৰ বিষয়তো আলোচনা কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো প্ৰতিনিধিৰ বাবে নিৰাপত্তা, জৰুৰীকালীন সেৱা আৰু নিৰৱচ্ছিন্ন সংযোগ নিশ্চিত কৰাৰ বিষয়ত বিষয়াসকলে বিশেষ গুৰুত্ব আৰোপ কৰে। উল্লেখ্য এজন নিষ্ঠাবান জ্যেষ্ঠ ন’ডেল বিষয়াই অনুষ্ঠানটোৰ সফল পৰিচালনাৰ বাবে সমন্বয় সম্পৰ্কীয় প্ৰচেষ্টাসমূহ তদাৰক কৰিব।

ভাৰত চৰকাৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰ উভয়ৰে জ্যেষ্ঠ বিষয়াসকলে লজিষ্টিক, আতিথ্য, সাংস্কৃতিক কাৰ্য্যকলাপ আৰু প্ৰশাসনিক সহযোগিতাৰ মাজত নিৰৱচ্ছিন্ন সমন্বয় স্থাপন কৰি ইভেণ্ট মেনেজমেণ্ট আৰু বিশ্বব্যাপী অংশগ্ৰহণৰ উচ্চতম মান নিশ্চিত কৰিবলৈ বৈঠকত গুৰুত্ব আৰোপ কৰে।
বৈঠকত পিআইবিৰ মুখ্য সঞ্চালক প্ৰধান শ্ৰী. ধীৰেন্দ্ৰ ওঝা, কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ সঞ্চালক প্ৰধান শ্ৰী যোগেশ বাৱেজা, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব সঞ্জীৱ শংকৰ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব চি চেন্থিল ৰাজন, শ্ৰী অজয় নাগভূষণ আৰু প্ৰেছ তথ্য ব্যুৰো, ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম, সৰ্বভাৰতীয় ৰেডিঅ’, দূৰদৰ্শন, আৰু ৱেভছ কাউন্সিলৰ ন’ডেল বিষয়াসকলে অংশগ্ৰহণ কৰে। বৈছকত উপস্থিত থকা মহাৰাষ্ট্ৰ চৰকাৰৰ বিষয়াসকলৰ ভিতৰত আছিল বৃহন মুম্বাই পৌৰ নিগমৰ পৌৰ আয়ুক্ত, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব, পৰ্যটন বিভাগৰ প্ৰধান সচিব আৰু এম আই ডি চিৰ মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ জ্যেষ্ঠ বিষয়াসকল।
বৈঠকৰ পিছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব আৰু জ্যেষ্ঠ বিষয়াসকলে ৱেভছ ২০২৫ৰ বাবে প্ৰস্তুতি সম্পৰ্কীয় যাৱতীয় সকলো দিশৰ পৰ্যালোচনা কৰে।
এই যুগান্তকাৰী শীৰ্ষ সন্মিলনৰ বিষয়ত চকু ৰাখক, য’ত উদ্যোগৰ বিশিষ্ট ব্যক্তিসকলে একত্ৰিত হৈ ডিজিটেল আৰু সৃষ্টিশীল অৰ্থনীতিৰ ভৱিষ্যত গঢ়ি তুলিব। https://wavesindia.org/ ৰ দ্বাৰা প্ৰকাশিত
* * *
ৱেভছৰ বিষয়ে
ভাৰত চৰকাৰে মহাৰাষ্ট্ৰৰ মুম্বাইত ২০২৫ চনৰ ১ মে’ৰ পৰা ৪ মে’লৈ আয়োজন কৰিব মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট (এম এণ্ড ই) খণ্ডৰ বাবে এক মাইলৰ খুঁটি স্বৰূপ অনুষ্ঠান (WAVES)।
আপুনি এজন উদ্যোগ পেছাদাৰী, বিনিয়োগকাৰী, সমল সৃষ্টিকৰ্তা বা উদ্ভাৱক যিয়েই হওক, শীৰ্ষ সন্মিলনে সংযোগ, সহযোগিতা, উদ্ভাৱন আৰু এম এণ্ড ই খণ্ডত অৰিহণা যোগাবলৈ বিশ্বব্যাপী মঞ্চ এখন প্ৰদান কৰিছে।
WAVES এ ভাৰতৰ সৃষ্টিশীল শক্তিক বৃদ্ধি কৰিবলৈ সাজু হৈছে, কন্টেন্ট সৃষ্টি, বৌদ্ধিক সম্পত্তি, আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে ইয়াৰ স্থান বৃদ্ধি কৰিব। এই অনুষ্ঠানত গুৰুত্ব দিয়া উদ্যোগ আৰু খণ্ডসমূহৰ ভিতৰত আছে সম্প্ৰচাৰ, প্ৰিন্ট মিডিয়া, টেলিভিছন, ৰেডিঅ', চলচ্চিত্ৰ, এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং, কমিক্স, শব্দ আৰু সংগীত, বিজ্ঞাপন, ডিজিটেল মিডিয়া, ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, জেনেৰেটিভ এআই, অগমেণ্টেড ৰিয়েলিটি (এ আৰ), ভাৰ্চুৱেল ৰিয়েলিটি (ভি আৰ), আৰু এক্সটেণ্ডেড ৰিয়েলিটি (এক্সআৰ)।
কিবা প্ৰশ্ন আছে নেকি? ইয়াত উত্তৰ বিচাৰি পাওক
আহক, আমাৰ সৈতে একেলগে এই মহাযাত্ৰাৰ সহযোগী হওঁক! ৱেভছৰ বাবে এতিয়াই পঞ্জীয়ন কৰক (অতিশীঘ্ৰে আহি আছে!)।
(Release ID: 2110357)
Visitor Counter : 4