তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
উৎকৃষ্টতাৰ বঁটা
ভৱিষ্যতক গঢ় দিয়ক, অগ্ৰণী এভিজিচি-এক্সআৰত উৎকৃষ্টতাৰ পৰিচয় দাঙি ধৰক
Posted On:
10 MAR 2025 2:03PM by PIB Guwahati
পাতনি
এএছআইএফএ ইণ্ডিয়াৰ দ্বাৰা আয়োজিত আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত অনুষ্ঠিত হোৱা এৱাৰ্ডছ অৱ এক্সেলেন্স হৈছে শ্ব’ ৰীল আৰু এডফিল্মৰ বাবে এক সন্মানীয় প্ৰতিযোগিতা। যি প্ৰতিযোগিতা এনিমেচন, ভিএফএক্স, গেমিং আৰু আনুষংগিক ক্ষেত্ৰৰ পেছাদাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি আছে। এইবাৰৰ ৱেভছ ছিজন ১ ত অংশগ্ৰহণকাৰীসকলক ভাৰতৰ মনোৰঞ্জন উদ্যোগত সৃষ্টিশীলতা আৰু উৎকৃষ্টতাক সামৰি লোৱা উদ্ভাৱনীমূলক ধাৰণা প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰা হৈছে।
বিশ্ব অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট (WAVES)ৰ প্ৰথম সংস্কৰণ হৈছে সমগ্ৰ মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট (এম এণ্ড ই) খণ্ডৰ অভিসৰণৰ বাবে সাজু হৈ উঠা এক অনন্য হাব আৰু বিশেষ প্লেটফৰ্ম। গ্লোবেল মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট উদ্যোগৰ কেন্দ্ৰবিন্দু হিচাবে ভাৰতক প্ৰতিষ্ঠা কৰা আৰু ভাৰতীয় মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট খণ্ডৰ সৈতে তেওঁলোকৰ প্ৰতিভাৰ সংযোগ ঘটোৱাৰ লক্ষ্যৰে আয়োজন কৰা এই অনুষ্ঠানটো হৈছে এক অগ্ৰণী বিশ্বজনীন অনুষ্ঠান।
২০২৫ চনৰ ১-৪ মে’লৈ মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰ এণ্ড জিঅ’ ৱৰ্ল্ড গাৰ্ডেনত অনুষ্ঠিত হ’ব এই সন্মিলন। চাৰিটা মূল স্তম্ভ—ব্ৰডকাষ্টিং এণ্ড ইনফ’টেনমেণ্ট, এভিজিচি-এক্সআৰ, ডিজিটেল মিডিয়া এণ্ড ইনোভেচন, আৰু ফিল্মছ-ৱেভছে ভাৰতৰ মনোৰঞ্জন উদ্যোগৰ ভৱিষ্যত প্ৰদৰ্শন কৰিবলৈ নেতা, সৃষ্টিকৰ্তা আৰু প্ৰযুক্তিবিদসকলক একত্ৰিত কৰিব।
২০২৫ চনৰ ১-৪ মে’লৈ মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰ এণ্ড জিঅ’ ৱৰ্ল্ড গাৰ্ডেনত অনুষ্ঠিত হ’ব এই সন্মিলন। এই সন্মিলনৰ চাৰিটা মূল স্তম্ভ—ব্ৰডকাষ্টিং এণ্ড ইনফ’টেনমেণ্ট, এভিজিচি-এক্সআৰ, ডিজিটেল মিডিয়া এণ্ড ইনোভেচন, আৰু ফিল্মছ-ৱেভছে ভাৰতৰ মনোৰঞ্জন উদ্যোগৰ ভৱিষ্যতক অধিক উজলাই তুলিবলৈ উদ্যোগটোৰ শীৰ্ষ ব্যক্তি , সমল সৃষ্টিকৰ্তা আৰু প্ৰযুক্তিবিদসকলক একত্ৰিত কৰিব।

ৱেভছ প্ৰতিযোগিতাৰ পিলাৰ ২, এভিজিচি-এক্সআৰ (এনিমেচন, ভিজুৱেল ইফেক্টছ, গেমিং, আৰু কমিক্স - এক্সটেণ্ডেড ৰিয়েলিটি)ৰ এটা মূল উপাদান হৈছে এৱাৰ্ডছ অৱ এক্সেলেন্স প্ৰত্যাহ্বান। আজিলৈকে এই সন্মানীয় অনুষ্ঠানটোৰ বাবে ১২৭৬গৰাকী অংশগ্ৰহণকাৰীয়ে নিজৰ নাম পঞ্জীয়ন কৰিছে। এই কথাই এভিজিচি-এক্সআৰ খণ্ডসমূহৰ প্ৰতি মানুহৰ ব্যাপক আগ্ৰহ আৰু সঁহাৰিৰ কথাই প্ৰতিফলিত কৰিছে।
নিৰ্দেশনা
ৱেভছ এৱাৰ্ডছ অৱ এক্সেলেন্সত অংশগ্ৰহণৰ বাবে মূল নিৰ্দেশনাসমূহ ইয়াত উল্লেখ কৰা হ'ল:
পঞ্জীয়ন প্ৰক্ৰিয়া
এনিমেচন, ভিএফএক্স, গেমিং বা আনুষংগিক কাৰ্যসূচীত নামভৰ্তি কৰা পেছাদাৰী আৰু ছাত্ৰ-ছাত্ৰী উভয়ৰে বাবে এই প্ৰতিযোগিতা মুকলি আছিল। অংশগ্ৰহণকাৰীসকলক তেওঁলোকে কৰা শ্ৰেষ্ঠ কাম জমা দিবলৈ কোৱা হৈছিল—সেয়া এনিমেচনেই হওক, চুটি ছবিয়েই হওক, গেম ডিজাইনেই হওক বা ভিএফএক্স ছিকুৱেন্সেই হওক। ২০২৫ চনৰ ২৮ ফেব্ৰুৱাৰীত এই প্ৰতিযেোগিতাৰ বাবে প্ৰৱেশ বন্ধ হৈছিল আৰু ইয়াত কোনো প্ৰৱেশ মাচুলৰ প্ৰয়োজন নাছিল।
প্ৰতিযোগিতাৰ শ্ৰেণীসমূহ
ষ্টুডেণ্ট শ্ব’ ৰীল আৰু প্ৰফেচনেল এড ফিল্মছ শীৰ্ষক দুটা শাখাত এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে।
প্ৰতিযোগিতাৰ বাবে মূল তাৰিখ
প্ৰতিযোগিতাখনৰ বাবে গুৰুত্বপূৰ্ণ সময়সীমা ইয়াত উল্লেখ কৰা হ’ল:
● আবেদন দাখিলৰ শেষ তাৰিখ- ২৮.০২.২০২৫
● আবেদনৰ পৰীক্ষণ - ০১.০৩.২০২৫ - ০৮.০৩.২০২৫
● জুৰীৰ পৰ্যালোচনা- ০৯.০৩.২০২৫ - ২৯.০৩.২০২৫
● চূড়ান্ত ফলাফল ঘোষণাৰ দিন- ০১.০৪.২০২৫
● বিজয়ীসকলৰ মাজত প্ৰচাৰ- ০২.০৪.২০২৫ - ০৫.০৪.২০২৫
●বঁটা প্ৰদান অনুষ্ঠান- ০১.০৫.২০২৫ - ০৪.০৫.২০২৫
মূল্যায়নৰ মাপকাঠী আৰু জুৰী
উৎকৃষ্টতাৰ বঁটাৰ বাবে অনুষ্ঠিত প্ৰতিযোগিতাত বিশিষ্ট জুৰীয়ে সৃষ্টিশীলতা, মৌলিকতা, আৰু বাধ্যতামূলক গল্প কথনৰ বিষয়ত ভিত্তি কৰি সিদ্ধান্ত গ্ৰহণ কৰিব। এই মূল মাপকাঠীসমূহে এভিজিচি-এক্সআৰ খণ্ডৰ আটাইতকৈ উদ্ভাৱনীমূলক আৰু প্ৰভাৱশালী কামসমূহক স্বীকৃতি প্ৰদানেৰে উজ্জ্বল কৰি তুলিব।
সৃষ্টিশীলতা আৰু মৌলিকতা (২৫%)
উদ্ভাৱন: কাহিনী, চৰিত্ৰ আৰু ধাৰণাটোৰ ক্ষেত্ৰত প্ৰকল্পটো কিমান অনন্য আৰু সৃষ্টিশীল সেয়া বিচাৰ কৰা হ'ব।
মূল ধাৰণা: এনিমেচন কৌশল বা গল্প কথনৰ নতুন পদ্ধতি বা নতুন দৃষ্টিভংগী।
কাৰিকৰী দক্ষতা (২৫%)
এনিমেচনৰ মান: এনিমেচনৰ মসৃণতা, তৰলতা আৰু কাৰিকৰী নিষ্পাদন আদি বিচাৰ কৰা হ'ব।
সঁজুলিসমূহৰ ব্যৱহাৰ: ছফ্টৱেৰ আৰু প্ৰযুক্তিৰ ফলপ্ৰসূ ব্যৱহাৰ, যেনে ২ ডি/থ্ৰিডি এনিমেচন, দৃশ্যমান প্ৰভাৱ বা কম্পোজিটিং আদি।
শব্দ আৰু সংগীত: শব্দ ডিজাইন, স্ক'ৰ আৰু এনিমেচনৰ সৈতে সমন্বয়ৰ মান বিচাৰ কৰি চোৱা হ'ব।
গল্প কথন আৰু আখ্যান (২০%)
কাহিনীভাগ আৰু চৰিত্ৰৰ বিকাশ: কাহিনীভাগৰ স্পষ্টতা আৰু গভীৰতা তথা চৰিত্ৰসমূহ কিমান সুন্দৰভাবে বিকাশিত কৰা হৈছে সেয়া চোৱা হ'ব।
কাহিনীৰ গতি : আখ্যানটোৱে কিমান ভালদৰে আগবাঢ়ি গৈছে আৰু দৰ্শকক আকৰ্ষিত কৰিব পাৰে সেয়া চোৱা হ'ব।
শিল্পকলা ডিজাইন (১৫%)
দৃশ্য শৈলী: ৰং, পটভূমি, চৰিত্ৰৰ ডিজাইনৰ ব্যৱহাৰকে ধৰি কলাত্মক দিশৰ নান্দনিক আবেদন আৰু সংহতি।
সামগ্ৰিক শিল্পকলা: দৃশ্যগত ডিজাইনে এনিমেচন আৰু আখ্যানক কিমান ভালদৰে প্ৰতিফলিত কৰিছে।
আৱেগিক প্ৰভাৱ (১৫%)
দৰ্শকক ধৰি ৰাখিব পৰাৰ গুণ : প্ৰকল্পটোৱে দৰ্শকৰ মাজত আৱেগিকভাৱে কিমানখিনি ভাবৰ অনুৰণন ঘটাইছে সেয়া চোৱা হ'ব।
দৰ্শকৰ সংযোগ: অনুভৱ, দৰ্শকক আলোড়িত কৰাৰ ক্ষমতা আৰু সমগ্ৰ সময়ছোৱাত দৰ্শকৰ মনোযোগ কিদৰে বজাই ৰাখিব পাৰিছে সেয়া চোৱা হ'ব।
পুৰষ্কাৰ
এৱাৰ্ডছ অৱ এক্সেলেন্সৰ শীৰ্ষ ২০টা বিজয়ী প্ৰকল্পই লাভ কৰিব ট্ৰফী, বিশ্বব্যাপী স্বীকৃতি আৰু অনন্য পুৰস্কাৰ! ২০২৫ চনৰ মে' মাহত মুম্বাইত ৱেভছ ২০২৫ ত অংশগ্ৰহণ কৰিবলৈ বিজয়ীসকলে বিনামূলীয়া পৰিবহণ, ভ্ৰমণ আৰু থকাৰ সুবিধা লাভ কৰিব।
পৰ্যালোচনা: ০১.০৩.২৫ৰ পৰা ৩১.০৩.২৫লৈ
মনোনয়ন ঘোষণা: ১০.০৪.২৫
বিজয়ীক সম্বৰ্ধনা: ০১-০৪ মে’২৫ তাৰিখে মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত
উপসংহাৰ
ৱেভছ এৱাৰ্ডছ অৱ এক্সেলেন্সে এভিজিচি-এক্সআৰ খণ্ডসমূহৰ সৃষ্টিশীলতা আৰু উদ্ভাৱনক উদযাপন কৰে, যিয়ে ছাত্ৰ-ছাত্ৰী আৰু পেছাদাৰী উভয়ৰে বাবে এক বিশ্বব্যাপী মঞ্চ প্ৰদান কৰিব। এনিমেচন, ভিএফএক্স, গেমিং আৰু আনুষংগিক ক্ষেত্ৰত উৎকৃষ্টতাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি এই প্ৰতিযোগিতাই শ্ৰেষ্ঠ প্ৰতিভাক উজ্জ্বল কৰি তুলিব আৰু বিজয়ীসকলক অনন্য পুৰস্কাৰ, স্বীকৃতি, তথা মুম্বাইত অনুষ্ঠিত হ'বলগীয়া ৱেভছ ২০২৫ত অংশগ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰিব।
তথ্য সূত্ৰ
https://x.com/asifaindia2000/status/1896833935440802088
https://x.com/asifaindia2000/status/1847538472858316826/photo/1
https://www.asifaindia.com/waoe/#1728304705577-afa80e8f-ef3e
অনুগ্ৰহ কৰি পিডিএফ ফাইলৰ বাবে ইয়াত চাওক
ৱেভছৰ বিষয়ে
ভাৰত চৰকাৰে মহাৰাষ্ট্ৰৰ মুম্বাইত ২০২৫ চনৰ ১ মে’ৰ পৰা ৪ মে’লৈ আয়োজন কৰিব মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট (এম এণ্ড ই) খণ্ডৰ বাবে এক মাইলৰ খুঁটি স্বৰূপ অনুষ্ঠান (WAVES)।
আপুনি এজন উদ্যোগ পেছাদাৰী, বিনিয়োগকাৰী, সমল সৃষ্টিকৰ্তা বা উদ্ভাৱক যিয়েই হওক, শীৰ্ষ সন্মিলনে সংযোগ, সহযোগিতা, উদ্ভাৱন আৰু এম এণ্ড ই খণ্ডত অৰিহণা যোগাবলৈ বিশ্বব্যাপী মঞ্চ এখন প্ৰদান কৰিছে।
ৱেভছে ভাৰতৰ সৃষ্টিশীল শক্তিৰ বিকাশ সাধন কৰিবলৈ সাজু হৈছে, কন্টেন্ট সৃষ্টি, বৌদ্ধিক সম্পত্তি, আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে ইয়াৰ স্থান বৃদ্ধি কৰিব। এই অনুষ্ঠানত গুৰুত্ব দিয়া উদ্যোগ আৰু খণ্ডসমূহৰ ভিতৰত আছে সম্প্ৰচাৰ, প্ৰিন্ট মিডিয়া, টেলিভিছন, ৰেডিঅ', চলচ্চিত্ৰ, এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং, কমিক্স, শব্দ আৰু সংগীত, বিজ্ঞাপন, ডিজিটেল মিডিয়া, ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, জেনেৰেটিভ এআই, অগমেণ্টেড ৰিয়েলিটি (এ আৰ), ভাৰ্চুৱেল ৰিয়েলিটি (ভি আৰ), আৰু এক্সটেণ্ডেড ৰিয়েলিটি (এক্সআৰ)।
কিবা প্ৰশ্ন আছে নেকি? ইয়াত উত্তৰ বিচাৰি পাওক
আহক, আমাৰ সৈতে একেলগে এই মহাযাত্ৰাৰ সহযোগী হওঁক! ৱেভছৰ বাবে এতিয়াই পঞ্জীয়ন কৰক।
(Release ID: 2110346)
Visitor Counter : 5
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Nepali
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada