প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে টাটছুও ইয়াছুনাগা নেতৃত্বাধীন জাপানৰ ব্যৱসায়িক প্ৰতিনিধি দলক সাক্ষাৎ কৰে

प्रविष्टि तिथि: 05 MAR 2025 7:47PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টাটছুও ইয়াছুনাগাৰ নেতৃত্বত জাপানৰ ব্যৱসায়িক প্ৰতিনিধি দল এটাক সাক্ষাৎ কৰে। তেওঁ মন্তব্য কৰে যে ভাৰতত তেওঁলোকৰ সম্প্ৰসাৰণ পৰিকল্পনা আৰু ‘মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ৰ প্ৰতি অটল দায়বদ্ধতাই তেওঁক উৎসাহিত কৰিছে।

তেওঁ এক্সত এটা পোষ্টত লিখিছেঃ “আজি টাটছুও ইয়াছুনাগা ডাঙৰীয়াৰ নেতৃত্বত জাপানী ব্যৱসায়িক প্ৰতিনিধি দলটোক সাক্ষাৎ কৰি আনন্দিত হৈছো। ভাৰতত তেওঁলোকৰ সম্প্ৰসাৰণ পৰিকল্পনা আৰু ‘মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ৰ প্ৰতি অটল প্ৰতিশ্ৰুতিৰ দ্বাৰা মই উৎসাহিত হৈছো। আমাৰ বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰ জাপানৰ সৈতে অৰ্থনৈতিক সহযোগিতা গভীৰ কৰাৰ বাবে আগ্ৰহী।”

***

MJPS/SR/MS


(रिलीज़ आईडी: 2110311) आगंतुक पटल : 28
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , Malayalam , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Kannada