তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ইলেক্ট্ৰনিক সংগীত প্ৰযোজক আৰু ডিজেৰ মনোযোগ আকৰ্ষণ: ৱেভছ ২০২৫ প্ৰত্যাহ্বান বাছত উঠিবলৈ শেষ ফোন!

‘ৰেজোনেট: দ্য ইডিএম চেলেঞ্জ’ৰ বাবে পঞ্জীয়নৰ সময়সীমা ২০২৫ চনৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে

ইলেক্ট্ৰনিক সংগীতৰ ক্ষেত্ৰত আপোনাৰ প্ৰতিভা প্ৰদৰ্শন কৰি বিশ্ব মঞ্চত জিলিকি উঠাৰ সুযোগ নেহেৰুৱাব!

प्रविष्टि तिथि: 05 MAR 2025 4:26PM by PIB Guwahati

 

 

বিশ্ব অডিঅ' আৰু ভিডিঅ' মনোৰঞ্জন শীৰ্ষ সন্মিলন (WAVES) ২০২৫ এ উচ্চাকাংক্ষী ডিজে, প্ৰযোজক, আৰু ইলেক্ট্ৰনিক ক্ষেত্ৰৰ  সংগীত শিল্পীসকলক ইলেক্ট্ৰনিক সংগীত আৰু ডিজে শিল্পকলাৰ ক্ষেত্ৰত নিজৰ প্ৰতিভাক উজ্জ্বল ৰূপত  প্ৰদৰ্শন কৰিবলৈ এক মঞ্চ প্ৰদান কৰিছে! গতিকে, যদি আপোনাৰ এজন ইলেক্ট্ৰনিক সংগীত প্ৰযোজক আৰু ডিজেৰ প্ৰতিভা আছে, তেন্তে বিশ্ব অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট (WAVES) ২০২৫ হৈছে আপোনাৰ প্ৰতিভা প্ৰদৰ্শনৰ চূড়ান্ত মঞ্চ।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে (আই এণ্ড বি) ভাৰতীয় সংগীত উদ্যোগ (আই এম আই)ৰ সহযোগত ‘ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ’ৰ অংশ হিচাপে “ৰিজ’নেট: দ্য ই ডি এম চেলেঞ্জ”ৰ আয়োজন কৰিছে৷ যিয়ে দৃশ্য, শ্ৰাব্য আৰু মনোৰঞ্জনৰ জগতখনত আপোনাৰ সৃষ্টিশীল প্ৰতিভা আৰু উদ্ভাৱন প্ৰদৰ্শনৰ এক ৰোমাঞ্চকৰ সুযোগ প্ৰদান কৰিছে। ইলেক্ট্ৰনিক ডান্স মিউজিক (ইডিএম) সৃষ্টি আৰু প্ৰযোজনা কৰাৰ পূৰ্বৰ অভিজ্ঞতা থকা যিকোনো দেশৰ শিল্পী, সুৰকাৰ, সংগীতজ্ঞ, আৰু পৰিবেশকৰ বাবে এই প্ৰতিযোগিতা মুকলি আছে। এই প্ৰত্যাহ্বানৰ দ্বাৰা ভাৰতৰ সংগীত সংযোজন, ইলেক্ট্ৰনিক সংগীত আৰু ডিজে কৰা শিল্পকলাৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে দেশৰ  মৰ্যাদা শক্তিশালী কৰিব বিচৰা হৈছে। প্ৰতিযোগিতাখনৰ বিষয়বস্তু হৈছে ‘ৰেজোনেট: দ্য ইডিএম চেলেঞ্জ’,  যিয়ে গ্ল’বেল সংগীত শৈলীৰ ব্যৱহাৰৰ বিষয়ত গুৰুত্ব আৰোপ কৰি এক সংহত আৰু সাংস্কৃতিকভাৱে সমৃদ্ধ সংগীতৰ টুকুৰা সৃষ্টি কৰে।

 

এই সংগীতৰ ধাৰাটোৰ  প্ৰতি সঁহাৰি বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত  ইডিএম চেলেঞ্জৰ পঞ্জীয়নৰ সময়সীমা আনুষ্ঠানিকভাৱে ২০২৫ চনৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে।

 

যোগ্যতাৰ মাপকাঠীৰ বিষয়ে বিতংভাৱে জানিবলৈ ইয়াত ক্লিক কৰক।

 

পঞ্জীয়ন কৰিবলৈ, https://indianmi.org/resonate-the-edm-challenge/ ত ক্লিক কৰক।

 

 

 

এয়া হৈছে ইলেক্ট্ৰনিক সংগীতৰ অনুৰাগী আৰু পৰিবেশকসকলৰ বাবে বিশ্বব্যাপী ইলেক্ট্ৰনিক নৃত্য সংগীত জগতত নিজৰ নাম উজলাই তোলাৰ এক সোণালী সুযোগ। গতিকে, ৱেভছ ২০২৫ ত ‘ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ’ পদক্ষেপৰ অধীনত এই যুগান্তকাৰী প্ৰতিযোগিতাৰ অংশ হ’বলৈ এই চূড়ান্ত সুযোগৰ সৰ্বোত্তম ব্যৱহাৰ কৰক।

 

“ৰেজোনেট: দ্য ইডিএম চেলেঞ্জ”ৰ গ্ৰেণ্ড ফাইনেলৰ বিষয়ে:

 

২০২৫ চনৰ ১-৪ মে’ৰ ভিতৰত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া এই চেলেঞ্জৰ গ্ৰেণ্ড ফিনালেত শীৰ্ষ ১০ গৰাকী চূড়ান্ত প্ৰতিযোগীয়ে ইলেক্ট্ৰনিক সংগীত উদ্যোগৰ বিশিষ্ট ব্যক্তিৰ  সন্মুখত অনুষ্ঠান পৰিৱেশন কৰাৰ সুযোগ পাব। এই অতুলনীয় সুযোগৰ জড়িয়তে তেওঁলোকে দৰ্শক, সমল সৃষ্টিকৰ্তা, সংগীত প্ৰযোজক, আৰু উদ্যোগৰ বিশেষ ব্যক্তিসকলৰ দ্বাৰা অতুলনীয় স্বীকৃতি লাভ কৰিব। সেয়েহে চূড়ান্ত প্ৰতিযোগীসকলে ভাৰতৰ সৃষ্টিশীল ক্ষেত্ৰৰ অংশ হিচাপে আগন্তুক শিল্পীৰ লগতে বিশিষ্ট সমল সৃষ্টিকৰ্তাৰ সৈতেও সহযোগিতা আৰু নেটৱৰ্ক গঢ়ি তোলাৰ সুযোগ পাব।

 

ঘড়ীটো টিক টিক কৰি ঘূৰি আছে, আৰু সময়বোৰ  কমি গৈছে! কেন্দ্ৰীয় তথ্য মন্ত্ৰালয়ে প্ৰদান কৰা এই সুযোগৰ হাতৰ পৰা ওলাই যাবলৈ  নিদিব।

 

পৃথিৱীখনে আপোনাৰ কথা শুনিবলৈ সাজু। সেয়ে আপুনি সাজু হৈছেনে?

 

অধিক বিৱৰণৰ বাবে, যোগাযোগ কৰক - wavesatinfo@indianmi.org

 

‘ৰেজোনেট: দ্য ইডিএম চেলেঞ্জ’ত পঞ্জীয়ন কৰিবলৈ QR ক'ড স্কেন কৰক

 

ৱেভছ ২০২৫ ৰ বিষয়ে:

 

ভাৰত চৰকাৰে মহাৰাষ্ট্ৰৰ মুম্বাইত ২০২৫ চনৰ ১ মে’ৰ পৰা ৪ মে’লৈ আয়োজন কৰিব মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট (এম এণ্ড ই) খণ্ডৰ বাবে এক মাইলৰ খুঁটি স্বৰূপ অনুষ্ঠান (WAVES)।

 

আপুনি এজন উদ্যোগ পেছাদাৰী, বিনিয়োগকাৰী,সমল সৃষ্টিকৰ্তা, বা উদ্ভাৱক  যিয়েই হওক, শীৰ্ষ সন্মিলনে সংযোগ, সহযোগিতা, উদ্ভাৱন আৰু সংগীত আৰু মনোৰঞ্জনৰ জগতখনত অৰিহণা যোগাবলৈ এখন  চূড়ান্ত বিশ্বজনীন মঞ্চ প্ৰদান কৰিব।

 

ৱেভছে  ভাৰতৰ সৃষ্টিশীল শক্তিক বৃদ্ধি কৰিবলৈ সাজু হৈছে৷ এই অনুষ্ঠানে  সমল সৃষ্টি, বৌদ্ধিক সম্পত্তি আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে ভাৰতৰ  স্থান শক্তিশালী কৰিব। গুৰুত্ব দিয়া উদ্যোগ আৰু খণ্ডসমূহৰ ভিতৰত আছে সম্প্ৰচাৰ, প্ৰিন্ট মিডিয়া, টেলিভিছন, ৰেডিঅ', চলচ্চিত্ৰ, এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং, কমিক্স, শব্দ আৰু সংগীত, বিজ্ঞাপন, ডিজিটেল মিডিয়া, ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, জেনেৰেটিভ এআই, অগমেণ্টেড ৰিয়েলিটি (এ আৰ), ভাৰ্চুৱেল ৰিয়েলিটি (ভি আৰ), আৰু এক্সটেণ্ডেড ৰিয়েলিটি (এক্সআৰ)।

 

কিবা প্ৰশ্ন আছে নেকি? ইয়াত উত্তৰ বিচাৰি পাওক

 

আহক, আমাৰ লগত সংগীতৰ এই মহাসমুদ্ৰত সাঁতোৰক ! ৱেভছৰ বাবে এতিয়াই পঞ্জীয়ন কৰক (শীঘ্ৰে আহি আছে!)।


(रिलीज़ आईडी: 2108714) आगंतुक पटल : 44
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Punjabi , Gujarati , Tamil , Telugu