প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

অষ্ট্ৰিয়াৰ ফেডাৰেল চেঞ্চেলৰ হিচাপে শপত গ্ৰহণ কৰা মাননীয় শ্ৰীযুত খ্ৰীষ্টিয়ান ষ্টকাৰক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 04 MAR 2025 11:47AM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰিয়াৰ ফেডাৰেল চেঞ্চেলৰ হিচাপে শপত গ্ৰহণ কৰা মাননীয় শ্ৰীযুত খ্ৰীষ্টিয়ান ষ্টকাৰক অভিনন্দন জনাইছে। তেওঁ কয় যে ভাৰত-অষ্ট্ৰিয়াৰ উন্নত অংশীদাৰীত্বই অনাগত বছৰবোৰত স্থিৰ অগ্ৰগতি লাভ কৰিবলৈ সাজু হৈছে।

 

শ্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত লিখিছেঃ

 

"অষ্ট্ৰিয়াৰ ফেডাৰেল চেঞ্চেলৰ হিচাপে শপত গ্ৰহণ কৰাৰ বাবে মাননীয় খ্ৰীষ্টিয়ান ষ্টকাৰক আন্তৰিক অভিনন্দন জনাইছো। ভাৰত-অষ্ট্ৰিয়াৰ উন্নত অংশীদাৰীত্বই অনাগত বছৰবোৰত স্থিৰ অগ্ৰগতি লাভ কৰিবলৈ সাজু হৈছে। আমাৰ পাৰস্পৰিক লাভজনক সহযোগিতাক উচ্চতাৰ শিখৰলৈ লৈ যোৱাৰ উদ্দ্যেশ্যৰে মই আপোনালোকৰ সৈতে কাম কৰিবলৈ আগ্ৰহী।@_CStocker"

 

***

 

MJPS/SR/MK


 


(ৰিলিজ আই ডি : 2108021) অতিথি কক্ষ : 55