প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ২১ ফেব্ৰুৱাৰীত দিল্লীত ৯৮ সংখ্যক অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন উদ্বোধন কৰিব

৭১ বছৰৰ পাছত ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত হ’বলগীয়া মাৰাঠী সাহিত্য সমাৱেশে মাৰাঠী সাহিত্যৰ কালজয়ী প্ৰাসংগিকতাক উদযাপন কৰিব আৰু সমসাময়িক সময়ত ইয়াৰ ভূমিকা অন্বেষণ কৰিব

Posted On: 20 FEB 2025 7:29PM by PIB Guwahati

শেহতীয়াকৈ চৰকাৰে মাৰাঠীক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে। এই কথা আগুৱাই লৈ ভাৰতৰ চহকী সংস্কৃতি আৰু ঐতিহ্যক উদযাপন কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২১ ফেব্ৰুৱাৰীত নতুন দিল্লীৰ বিজ্ঞান ভৱনত সন্ধিয়া প্ৰায় ৪:৩০ বজাত ৯৮ সংখ্যক সৰ্বভাৰতীয় মাৰাঠী সাহিত্য সন্মিলন উদ্বোধন কৰিব। এই উপলক্ষে তেওঁ সভাত ভাষণো দিব। ২১ ফেব্ৰুৱাৰীৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া এই সন্মিলনত পেনেল আলোচনা, গ্ৰন্থ প্ৰদৰ্শনী, সাংস্কৃতিক অনুষ্ঠান আৰু বিশিষ্ট সাহিত্যিকসকলৰ সৈতে মতবিনিময় অধিবেশন অনুষ্ঠিত হ’ব। এই সন্মিলনত মাৰাঠী সাহিত্যৰ কালজয়ী প্ৰাসংগিকতাক উদযাপন কৰা হ’ব আৰু সমসাময়িক সময়ত ইয়াৰ ভূমিকা অন্বেষণ কৰা হ’ব। লগতে ভাষা সংৰক্ষণ, অনুবাদ আৰু সাহিত্যিক ৰচনাৰ ওপৰত ডিজিটেলাইজেশ্যনৰ প্ৰভাৱ আদি বিষয়সমূহো ইয়াত সামৰি লোৱা হ’ব। ৭১ বছৰৰ পাছত ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত হৈ থকা মাৰাঠী সাহিত্য সন্মিলনত পুনেৰ পৰা দিল্লীলৈ ১২০০ জন অংশগ্ৰহণকাৰীক লৈ প্ৰতীকী সাহিত্যিক ৰেল যাত্ৰাও সন্নিবিষ্ট কৰা হৈছে, যাতে সাহিত্যৰ একত্ৰীকৰণৰ মনোভাৱ প্ৰদৰ্শন কৰা হয়। ২৬০০ৰো অধিক কবিতা উপস্থাপন কৰা হ’ব, ৫০খন গ্ৰন্থ মুকলি কৰা হ’ব আৰু ১০০টা কিতাপৰ ষ্টল স্থাপন কৰা হ’ব। ইয়াত দেশৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট পণ্ডিত, সাহিত্যিক, কবি আৰু সাহিত্যপ্ৰেমীসকলে অংশগ্ৰহণ কৰিব।

***

MJPS/VJ/MS


(Release ID: 2107146) Visitor Counter : 24