প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰত শক্তি সপ্তাহত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

Posted On: 11 FEB 2025 11:35AM by PIB Guwahati

 

কেন্দ্ৰীয় কেবিনেটৰ মাননীয় সদস্য, মহামহিম, ৰাষ্ট্ৰদূত, বিশিষ্ট চিইঅ’, সন্মানীয় অতিথি, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰ লোক আৰু মহিলাসকল,

ভাৰত শক্তি সপ্তাহত ভাগ ল’বলৈ দেশৰ লগতে বিশ্বৰ ভিন্ন প্ৰান্তৰপৰা যশোভূমিত সমবেত হোৱা সকলোকে শুভেচ্ছা জনাইছোঁ! আপোনাসৱ কেৱল এই শক্তি সপ্তাহৰ অংশগ্ৰহণকাৰীয়েই নহয়, বৰঞ্চ ভাৰতৰ শক্তি উচ্চাকাংক্ষাৰ একো-একোগৰাকী অবিচ্ছেদ্য অংগ। আপোনালোক সকলোকে আৰু বিশেষকৈ বহিঃৰাষ্ট্ৰৰপৰা অহা অতিথিসকলক উষ্ম আদৰণি জনাইছোঁ।

বন্ধুসকল,

আজি বিশ্বৰ প্ৰতিজন বিশেষজ্ঞই কৈছে যে একবিংশ শতিকাটো ভাৰতৰ। ভাৰতে কেৱল নিজৰ বিকাশেই নহয়, বৰঞ্চ বিশ্বৰ বিকাশকো পৰিচালিত কৰিছে। এই ক্ষেত্ৰত আমাৰ শক্তি খণ্ডই এটি উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। ভাৰতৰ শক্তি উচ্চাকাংক্ষা পাঁচটা স্তম্ভ আধাৰিতঃ আমাৰ হাতত সম্পদ আছে, যাক আমি ব্যৱহাৰ কৰি আছোঁ। দ্বিতীয়তে, আমি আমাৰ মেধাৱী মনক নতুনত্বৰ বাবে উৎসাহিত কৰিছোঁ। তৃতীয়তে, আমাৰ হাতত অৰ্থনৈতিক শক্তি আৰু ৰাজনৈতিক সুস্থিৰতা আছে। চতুৰ্থতে, ভাৰতৰ কৌশলগত ভূগোলে শক্তি বাণিজ্যক অধিক আকৰ্ষণীয় আৰু সহজ কৰি তোলে। আৰু পঞ্চমতে, ভাৰত বিশ্ব বহনক্ষমতাৰ প্ৰতি দায়বদ্ধ। এই কাৰকসমূহে ভাৰতৰ শক্তি খণ্ডত নতুন সুযোগ মুকলি কৰিছে।

বন্ধুসকল,

এখনি ‘বিকশিত ভাৰত’ (উন্নত ভাৰত)ৰ বাবে অহা দুটা দশক অতিশয় গুৰুত্বপূৰ্ণ আৰু অহা পাঁচ বছৰত আমি একাধিক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰিম। আমাৰ একাধিক শক্তি লক্ষ্য ২০৩০ৰ সময়সীমাৰে সংগতিপূৰ্ণ। ২০৩০ৰ ভিতৰত আমি ৫০০ গিগাৱাট নবীকৰণযোগ্য শক্তি ক্ষমতা সংযোজনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। ভাৰতীয় ৰেলৱেয়ে ২০৩০ৰ ভিতৰত নেট শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আমাৰ লক্ষ্য হৈছে ২০৩০ৰ ভিতৰত বছৰি পাঁচ মিলিয়ন মেট্ৰিক টন সেউজ হাইড্ৰ’জেন উৎপাদন কৰা। এই লক্ষ্যসমূহ অভিলাষী যেন লাগিব পাৰে, কিন্তু বিগত দশকত ভাৰতৰ কৃতিত্বই আমাক আত্মবিশ্বাস প্ৰদান কৰিছে যে আমি এয়া সম্পন্ন কৰিম।

বন্ধুসকল,

যোৱা ১০ বছৰত ভাৰত দশম সৰ্ববৃহৎ অৰ্থনীতিৰপৰা পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিলৈ ৰূপান্তৰিত হৈছে। এই সময়ছোৱাত আমি আমাৰ সৌৰশক্তি উৎপাদন ক্ষমতা ৩২ গুণ বৃদ্ধি কৰিছোঁ। আজি ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ সৌৰশক্তি উৎপাদনকাৰী ৰাষ্ট্ৰ। আমাৰ অজীৱাশ্ম ইন্ধন শক্তিৰ ক্ষমতা তিনিগুণ বৃদ্ধি পাইছে। পেৰিছ চুক্তিৰ লক্ষ্য নিৰ্ধাৰিত সময়ৰ আগতেই পূৰণ কৰা জি-২০ৰ প্ৰথমখন দেশ হৈছে ভাৰত। ভাৰতে কেনেকৈ আগতীয়াকৈ লক্ষ্যত উপনীত হয়, তাৰ এটা উদাহৰণ হ’ল ইথানল মিশ্ৰণ। বৰ্তমান ভাৰতে ১৯ শতাংশ ইথানলৰ মিশ্ৰণ অব্যাহত ৰাখিছে, যাৰ ফলত বৈদেশিক মুদ্ৰাৰ সঞ্চয়, কৃষকৰ বাবে যথেষ্ট ৰাজহ আহৰণ আৰু কাৰ্বন ডাই-অক্সাইডৰ (CO2) নিৰ্গমন যথেষ্ট হ্ৰাস পাইছে। আমি ২০২৫ৰ অক্টোবৰৰ পূৰ্বে ২০ শতাংশ ইথানল মেণ্ডেট লাভৰ পথত আগবাঢ়িছোঁ। ভাৰতৰ জৈৱ ইন্ধন উদ্যোগ দ্ৰুত বিকাশৰ বাবে সাজু হৈছে। আমাৰ বহনক্ষম ফিডষ্টক ক্ষমতা ৫০০ নিযুত মেট্ৰিক টন। ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ অধীনত গ্ল’বেল বাঅ’ফুৱেলছ এলায়েন্স প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ সম্প্ৰসাৰণ অব্যাহত আছে। ইয়াত ২৮ খন ৰাষ্ট্ৰ আৰু ১২ টা আন্তঃৰাষ্ট্ৰীয় সংস্থাই যোগদান কৰিছে। এই পদক্ষেপে আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰিতকৰণেৰে উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰিছে।

বন্ধুসকল,

ভাৰতে ইয়াৰ হাইড্ৰ’কাৰ্বন সম্পদৰ সম্ভাৱনা সম্পূৰ্ণৰূপে অন্বেষণ কৰিবলৈ সংস্কাৰ সাধন অব্যাহত ৰাখিছে। বৃহৎ আৱিষ্কাৰ আৰু গেছৰ আন্তঃগাঁথনিৰ ব্যাপক সম্প্ৰসাৰণৰ ফলশ্ৰুতিত আমাৰ গেছ খণ্ড সম্প্ৰসাৰিত হৈছে। ইয়াৰ ফলত আমাৰ শক্তি মিশ্ৰণত প্ৰাকৃতিক গেছৰ অংশ বৃদ্ধি পাইছে। বৰ্তমান ভাৰত চতুৰ্থ সৰ্ববৃহৎ শোধন কেন্দ্ৰ আৰু ইয়াৰ শোধন ক্ষমতা ২০ শতাংশ বৃদ্ধিৰ বাবে কাম অব্যাহত আছে।

বন্ধুসকল,

আমাৰ পলসুৱা অৱবাহিকাত অসংখ্য হাইড্ৰ’কাৰ্বন সম্পদ আছে। ইতিমধ্যে এনে একাধিক চিনাক্ত হৈছে যদিও আন কেইবাটাও অন্বেষণ নোহোৱাকৈয়ে আছে। ভাৰতৰ আপষ্ট্ৰীম খণ্ডক অধিক আকৰ্ষণীয় কৰি তুলিবলৈ চৰকাৰে মুকলি একৰ অনুজ্ঞাপত্ৰ নীতি (OALP) প্ৰৱৰ্তন কৰিছে। এক্সক্লুছিভ ইকনমিক জ’ন মুকলি কৰাই হওঁক বা একক উইণ্ড’ ক্লিয়াৰেন্স ব্যৱস্থা স্থাপনেই হওঁক, চৰকাৰে এই খণ্ডটোক ব্যাপক সহায় আগবঢ়াইছে। তৈলক্ষেত্ৰ নিয়ন্ত্ৰণ আৰু উন্নয়ন আইনখনৰ সংশোধনীৰ পিছত এতিয়া অংশীদাৰসকল নীতিৰ সুস্থিৰতা, বৰ্ধিত পট্টা আৰু উন্নত বিত্তীয় চৰ্তৰপৰা লাভৱান হৈছে। চৰকাৰৰ এই সংস্কাৰে সামুদ্ৰিক অঞ্চলত তেল আৰু গেছ সম্পদৰ অন্বেষণ আৰু উৎপাদনক সহজ কৰাৰ লগতে কৌশলগত পেট্ৰলিয়াম মজুত পৰিচালনাৰ কামো সহজ কৰি তুলিব।

বন্ধুসকল,

অসংখ্য আৱিষ্কাৰ আৰু ভাৰতত পাইপলাইনৰ আন্তঃগাঁথনি সম্প্ৰসাৰিত হোৱাৰ ফলশ্ৰুতিত প্ৰাকৃতিক গেছৰ যোগান বৃদ্ধি পাইছে। ফলত অনাগত বছৰসমূহত প্ৰাকৃতিক গেছৰ ব্যৱহাৰো বৃদ্ধি পাব। ইয়াৰ পৰিপ্ৰেক্ষিতত এই খণ্ডত আপোনাসৱৰ বাবে অসংখ্য বিনিয়োগৰ সুযোগ সৃষ্টি হ’ব।

বন্ধুসকল,

বৰ্তমান ভাৰতে মেক ইন ইণ্ডিয়া আৰু স্থানীয় যোগান শৃংখলক সুদৃঢ়কৰণত অধিক গুৰুত্ব আৰোপ কৰিছে। ভাৰতত পিভি মডিউলকে প্ৰমুখ্য কৰি ভিন্ন ধৰণৰ হাৰ্ডৱেৰ নিৰ্মাণৰ বিপুল সুযোগ আছে। আমি স্থানীয় উৎপাদনক সক্ৰিয়ভাৱে সমৰ্থন কৰি আছো। যোৱা দশকত ভাৰতৰ সৌৰ পিভি মডিউল নিৰ্মাণ ক্ষমতা ২ জিৱাটৰপৰা প্ৰায় ৭০ জিৱাটলৈ বৃদ্ধি পাইছে। প্ৰডাকচন-লিংকড ইনচেন্টিভ (PLI) আঁচনিয়ে এই খণ্ডটোক অধিক আকৰ্ষণীয় কৰি তুলিছে, যাৰ ফলত অধিক কাৰ্য্যক্ষম সৌৰ পিভি মডিউলৰ উৎপাদন বৃদ্ধি পাইছে।

বন্ধুসকল,

বেটাৰী আৰু সংৰক্ষণ ক্ষমতা খণ্ডত উদ্ভাৱন আৰু উৎপাদন উভয়ৰে অপৰিসীম সুযোগ আছে। ভাৰত দ্ৰুতগতিত বৈদ্যুতিক গতিশীলতাৰ দিশে অগ্ৰসৰ হৈছে। ইমান বৃহৎ দেশৰ চাহিদা পূৰণ কৰিবলৈ আমি বেটাৰী উৎপাদন আৰু সংৰক্ষণ ক্ষমতাৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিব লাগিব। সেয়ে এইবাৰৰ বাজেটত সেউজ শক্তিক সমৰ্থন কৰিবলৈ কেইবাটাও ঘোষণা সন্নিবিষ্ট কৰা হৈছে। ইভি আৰু ম’বাইল ফোনৰ বেটাৰী নিৰ্মাণৰ সৈতে জড়িত ভিন্ন উপাদানত চৰকাৰে বেছিক কাষ্টম ডিউটি আঁতৰ কৰিছে, ইয়াত ক’বাল্ট পাউদাৰ, লিথিয়াম-আয়ন বেটাৰী ৱাষ্ট, সীহ আৰু জিংক আদি গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ আদিও আছে। ভাৰতত এক শক্তিশালী যোগান শৃংখল স্থাপনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খনিজ অভিযানে এটি মূল ভূমিকা পালন কৰিব। ইয়াৰ উপৰিও আমি নন-লিথিয়াম বেটাৰী বাতাবৰণৰ বিকাশৰ প্ৰসাৰ ঘটাইছোঁ। এইবাৰৰ বাজেটত পাৰমাণৱিক শক্তি খণ্ডকো উদ্দীপনা যোগোৱা হৈছে। শক্তিৰ প্ৰতি বিনিয়োগে যুৱক-যুৱতীসকলৰ বাবে নতুন চাকৰিৰ সুযোগ সৃষ্টিৰে সেউজ নিয়োগ প্ৰশস্ত কৰিছে।

বন্ধুসকল,

ভাৰতৰ শক্তি খণ্ডক সুদৃঢ় কৰিবলৈ আমি জনসাধাৰণৰ শক্তিৰে ইয়াক সবলীকৰণ কৰিছোঁ। আমি সাধাৰণ পৰিয়াল আৰু কৃষকসকলক শক্তি প্ৰদানকাৰী কৰি তুলিছোঁ। যোৱা বছৰ আমি আৰম্ভ কৰিছিলোঁ পিএম সূৰ্য্যঘৰ মুফ্ট বিজুলী যোজনা। এই আঁচনিৰ পৰিসৰ কেৱল শক্তি উৎপাদনতে সীমাবদ্ধ নহয়। বৰঞ্চ ই সৌৰ খণ্ডত নতুন দক্ষতাক লালন-পালন, নতুন সেৱা ব্যৱস্থা গঢ়া আৰু আপোনাসৱৰ বাবে বিনিয়োগৰ সুযোগ বৃদ্ধি কৰিছে।

বন্ধুসকল,

আমাৰ প্ৰকৃতিক সমৃদ্ধকৰণৰ সমান্তৰালকৈ আমাৰ বিকাশক উদ্দীপনা যোগাৱা শক্তি সমাধানৰ বাবে ভাৰত অংগীকাৰবদ্ধ। মোৰ বিশ্বাস যে এই শক্তি সপ্তাহে উক্ত দিশত সুনিৰ্দিষ্ট পথৰ সূচনা কৰিব। আশাকৰোঁ, আপোনালোক সকলোৱে ভাৰতত উদ্ভৱ হোৱা প্ৰতিটো সুযোগ অন্বেষণ কৰিব। মই আপোনালোকক আন্তৰিক শুভেচ্ছা জনাইছোঁ।

ধন্যবাদ।


***

MJPS/VJ/SKS/SB
 


(Release ID: 2104985) Visitor Counter : 12