তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ডাভোছত ভাৰতৰ প্ৰাধান্যঃ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে ৰপ্তানি নেতৃত্বাধীন বৃদ্ধি আৰু সৰ্বাংগীন উন্নয়নৰ বিষয়ত আলোকপাত কৰে
উদ্যোগৰ নেতাসকলৰ মতে ভাৰত অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ তৃতীয় স্থানত উপবিষ্ট হ’বলৈ সাজু হৈছে: শ্ৰী অশ্বিনী বৈষ্ণৱ
শ্ৰী বৈষ্ণৱে ভাৰতে বিশ্বৰ “ইউজ কেছ কেপিটেল” হোৱাৰ সম্ভাৱনাৰ বিষয়ত আলোকপাত কৰে, বিশ্বজুৰি উদ্যোগসমূহৰ বাবে উদ্ভাৱনীমূলক প্ৰয়োগ সৃষ্টিৰ জৰিয়তে এয়া সম্ভৱ হৈ উঠিব
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতৰ এআই খণ্ডত দক্ষতাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে; বিশ্বৰ প্ৰয়োজনীয় ব্যৱহাৰৰ ক্ষেত্ৰ আৰু এপ্লিকেচন সৃষ্টি কৰিবলৈ এআই সঁজুলিত দক্ষতা থকা ১ মিলিয়ন লোক সৃষ্টিৰ লক্ষ্য
प्रविष्टि तिथि:
24 JAN 2025 5:28PM by PIB Guwahati
ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চত বিশ্বৰ নেতা আৰু উদ্যোগৰ উল্লেখনীয় ব্যক্তিসকলক সম্বোধন কৰি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ, ৰে'লৱে, ইলেক্ট্ৰ'নিকছ আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতৰ সৰ্বাংগীন উন্নয়নৰ দৃষ্টিভংগী আৰু ইয়াৰ উল্লেখযোগ্য বিকাশৰ কাহিনী বিশ্বৰ নেতা আৰু উদ্যোগৰ বিশেষ ব্যক্তিসকলৰ সন্মুখত উপস্থাপন কৰে।
অৰ্থনৈতিক বৃদ্ধিৰ ক্ষেত্ৰত সুষম পন্থা
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে ভাৰতে গ্ৰহণ কৰা অৰ্থনৈতিক বৃদ্ধিৰ সুষম পন্থাৰ বিষয়ত আলোকপাত কৰে আৰু ইয়াৰ জডড়িয়তে উৎপাদন তথা সেৱা দুয়োটাই ৰাষ্ট্ৰৰ উন্নয়নক আগুৱাই নিয়াৰ কথা উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে বহনক্ষম আৰু সৰ্বাংগীন বৃদ্ধিৰ বাবে উভয়ৰে মাজত প্ৰয়োজনীয় সহযোগিতাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি কয়“এয়া কেৱল সেৱাৰ উৎপাদন হ’ব নোৱাৰে; এয়া উৎপাদন আৰু সেৱা একেলগে হ’ব লাগিব ৷ কাৰণ এই দুয়োটা খণ্ড ভাৰতৰ অৰ্থনৈতিক বিকাশৰ কাহিনীৰ অবিচ্ছেদ্য অংগ” ।
ৰপ্তানি-নেতৃত্বাধীন বিকাশৰ পদক্ষেপ
তেওঁ ভাৰতৰ আমদানি বিকল্পৰ বিষয়ত গুৰুত্ব আৰোপৰ পৰা “মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড” পদ্ধতি গ্ৰহণ কৰালৈ পৰিৱৰ্তনৰ বিষয়ত আলোকপাত কৰে। ঘৰুৱাভাৱে ব্যৱহৃত ৯৯% মোবাইল ফোন এতিয়া ভাৰতত নিৰ্মাণ হোৱাৰ লগে লগে বৃদ্ধিৰ পদক্ষেপ ঔষধ, ৰাসায়নিক পদাৰ্থ আৰু কাপোৰৰ দৰে খণ্ডত ৰপ্তানি বৃদ্ধিৰ দিশত স্থানান্তৰিত হৈছে।
ভাৰতৰ ভৱিষ্যত গঢ় দিয়া, উদ্ভাৱনক আগুৱাই নিয়া আৰু সুযোগ সৃষ্টি কৰাত সেৱা খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) বিশেষ ভূমিকাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এআইত প্ৰতিভা বিকাশৰ প্ৰশিক্ষণৰ বিষয়ত বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোকপাত কৰে।
ভাৰত: “বিশ্বৰ ইউজ কেছ কেপিটেল”
এআইৰ ক্ষেত্ৰত তেওঁ ভাৰতৰ বিশ্বৰ “ইউজ কেছ কেপিটেল” হোৱাৰ সম্ভাৱনাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে আৰু ইয়াৰ জড়িয়তে বিশ্বজুৰি উদ্যোগসমূহৰ বাবে উদ্ভাৱনীমূলক প্ৰয়োগ সৃষ্টিৰ বিষয়ত আলোকপাত কৰে । তেওঁ উল্লেখ কৰে যে এআই মডেলসমূহ ক্ৰমান্বয়ে পণ্য হিচাপে পৰিগণিত হৈছে যদিও বিশ্ব উদ্যোগসমূহৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱহাৰৰ ক্ষেত্ৰ, প্ৰয়োগ আৰু সমাধান বিকশিত কৰাৰ দিশত আৰু অধিক গুৰুত্ব দিয়া উচিত। বিশ্বব্যাপী এআইৰ ভৱিষ্যত গঢ় দিয়া ক্ষেত্ৰত ভাৰতৰ সামৰ্থ্যৰ বিষয়ত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে “বিশেষজ্ঞসকলে বিশ্বাস কৰে যে ভাৰতে আই টি সেৱা খণ্ডত সফলতাৰে যিদৰে কাম কৰিছে, ঠিক সেইদৰে ভাৰতে এআই সেৱাৰ ক্ষেত্ৰতো বিশ্বক আগুৱাই নিয়াৰ সম্ভাৱনা আছে।”
এআই দক্ষতা আৰু উদ্ভাৱনৰ বিষয়ত গুৰুত্ব
শ্ৰী অশ্বিনী বৈষ্ণৱে বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ ক্ষেত্ৰত উদীয়মান প্ৰযুক্তিৰ বাবে ভাৰতৰ কৰ্মশক্তিক প্ৰস্তুত কৰিবলৈ চৰকাৰে দক্ষতাৰ বিষয়ত গুৰুত্ব আৰোপ কৰাৰ কথা কয়৷ মন্ত্ৰীগৰাকীয়ে কয়, “আমি কমেও ১০ লাখ লোকক এআই সঁজুলি আৰু দক্ষতাৰে সজ্জিত কৰাৰ এক অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছো, যাৰ ফলত তেওঁলোকে বিশ্বৰ প্ৰয়োজনীয় ইউজ কেছ আৰু এপ্লিকেচন সৃষ্টি কৰিব পাৰিব।”
তেওঁ আন আন খণ্ডতো একেধৰণৰ বৃহৎ পৰিসৰৰ পদক্ষেপ গ্ৰহণ কৰাৰ বিষয়ত আলোকপাত কৰে৷ তেনে খণ্ডসমূহ যেনে টেলিকম উদ্যোগৰ বাবে ছাত্ৰ-ছাত্ৰীক প্ৰস্তুত কৰিবলৈ ১০০খন বিশ্ববিদ্যালয়ত ৫জি লেব স্থাপন কৰা আৰু ২৪০খন বিশ্ববিদ্যালয়ত উন্নত ইডিএ সঁজুলি প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক অৰ্ধপৰিবাহী ডিজাইনৰ প্ৰশিক্ষণ দিয়া আদি। পাঠ্যক্ৰমসমূহক উদ্যোগৰ প্ৰয়োজনীয়তাৰ সৈতে মিলাই চৰকাৰে মূল্য শৃংখলৰ প্ৰতিটো স্তৰতে দক্ষ কৰ্মশক্তি নিশ্চিত কৰিছে, যাৰ ফলাফল ইতিমধ্যে উদ্যোগসমূহৰ মাজত দৃশ্যমান হৈ পৰিছে।
অৰ্ধপৰিবাহী আৰু এআই নেতৃত্ব
শ্ৰী বৈষ্ণৱে অৰ্ধপৰিবাহী আৰু এআই খণ্ডত ভাৰতৰ আৰোহণৰ বিষয়ত আলোকপাত কৰি কয় যে “বেছিভাগ অৰ্ধপৰিবাহী উদ্যোগৰ নেতাই আজি বিশ্বাস কৰে যে ভাৰত অতি সোনকালে অৰ্ধপৰিবাহীৰ ক্ষেত্ৰত শীৰ্ষ তিনিটা স্থানত উপবিষ্ট হ'ব পাৰিব।”
বিশ্বৰ উৎপাদন আৰু প্ৰতিভাৰ কেন্দ্ৰ হিচাপে ভাৰত
বিশ্বব্যাপী কোম্পানীসমূহে ভাৰতৰ প্ৰতি কিয় ক্ৰমান্বয়ে আকৰ্ষিত হৈছে সেই বিষয়ত আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিশ্বাস, প্ৰচুৰ প্ৰতিভা, আৰু ব্যতিক্ৰমী ডিজাইন ক্ষমতাত শিপাই থকা দেশখনৰ “অনন্য সুবিধা”ৰ কথা উল্লেখ কৰে। তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অধীনত ভাৰতৰ নেতৃত্বৰে বিশ্বব্যাপী আস্থাৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে বিষয়টো বিশেষভাবে আলোকপাত কৰি কয় যে কোম্পানীসমূহক কেৱল যোগান শৃংখলেই নহয়, মূল্য শৃংখলো ভাৰতলৈ স্থানান্তৰিত কৰিবলৈ আগ্ৰহী কৰা হৈছে । তেওঁ কয়, “প্ৰায় ২০০০ গ্ল’বেল কেপেবিলিটি চেণ্টাৰে (জিচিচি) উন্নত ডিজাইনৰ বিষয়ত কাম কৰি ভাৰতক গ্ল’বেল মেনুফেকচাৰিঙৰ ক্ষেত্ৰত এক প্ৰধান দেশ কৰি গঢ়ি তুলিবলৈ সাজু হৈছে।”
Dharmendra Tewari/Kshitij Singha/DM
(रिलीज़ आईडी: 2104926)
आगंतुक पटल : 37