প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২১ আৰু ২২ ফেব্ৰুৱাৰীত নতুন দিল্লীত ছ’ল লিডাৰশ্বিপ কনক্লেভ আয়োজন কৰাৰ বাবে স্কুল অৱ আলটিমেট লিডাৰশ্বিপক প্ৰশংসা কৰিছো, এই মঞ্চত বিভিন্ন শ্ৰেণীৰ লোকক একত্ৰিত কৰি নেতৃত্বৰ সৈতে জড়িত দিশসমূহৰ ওপৰত আলোচনা কৰা হয়ঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
18 FEB 2025 8:45PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ ফেব্ৰুৱাৰী, ২০২৫ত নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ছ’ল (স্কুল অফ আলটিমেট লিডাৰশ্বিপ) লিডাৰশ্বিপ কনক্লেভত অংশগ্ৰহণ কৰিব। শ্ৰী মোদীয়ে কয় যে এই মঞ্চত বিভিন্ন শ্ৰেণীৰ লোকক একত্ৰিত কৰি নেতৃত্বৰ সৈতে জড়িত দিশসমূহৰ বিষয়ে আলোচনা কৰা হয়। বক্তাসকলে তেওঁলোকৰ প্ৰেৰণাদায়ক জীৱন যাত্ৰা আৰু মূল বিষয়সমূহৰ ওপৰত দৃষ্টিভংগী শ্বেয়াৰ কৰিব, যিয়ে বিশেষকৈ যুৱ দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিব বুলি শ্ৰী মোদীয়ে লগতে কয়।
শ্ৰী মোদীয়ে এক্সৰ পোষ্টত লিখে;
‘২১ আৰু ২২ ফেব্ৰুৱাৰীত নতুন দিল্লীত ছ’ল লিডাৰশ্বিপ কনক্লেভ আয়োজন কৰাৰ বাবে স্কুল অৱ আলটিমেট লিডাৰশ্বিপক প্ৰশংসা কৰিছো। এই মঞ্চত বিভিন্ন শ্ৰেণীৰ লোকসকলক একত্ৰিত কৰি নেতৃত্বৰ সৈতে জড়িত দিশসমূহৰ বিষয়ে আলোচনা কৰা হয়। বক্তাসকলে তেওঁলোকৰ প্ৰেৰণাদায়ক জীৱন যাত্ৰা আৰু মূল বিষয়সমূহৰ ওপৰত দৃষ্টিভংগী শ্বেয়াৰ কৰিব, যিয়ে বিশেষকৈ যুৱ দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিব।
২১ ফেব্ৰুৱাৰী, শুকুৰবাৰে মইও কনক্লেভত যোগদান কৰিম।
@LeadWithSoul”
***
MJPS/ST/DB
(रिलीज़ आईडी: 2104601)
आगंतुक पटल : 49
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
Gujarati
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada