তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
বিশ্বজনীন হৈ পৰিছে বেটল অব বেণ্ডছ! হিন্দী ভাষা, বলীউড, ক্লাছিকেল বা লোকশৈলীত গান গাব পৰা তথা নিজাকৈ বেণ্ড থকা সকলৰ বাবে মুম্বাইৰ ৱেভছত ত কণ্ঠদান কৰি নাম আৰু খ্যাতি অৰ্জন কৰাৰ এক সোণালী সুযোগ
বয়স ১৮ বছৰ আৰু তাৰ ওপৰৰ! আপোনাৰ বেণ্ডৰ ২ মিনিটৰ পৰিবেশন জমা দিয়াৰ সুযোগ নেহেৰুৱাব, আন্তঃৰাষ্ট্ৰীয় বেণ্ডসমূহৰ বাবে বিশ্বব্যাপী পঞ্জীয়নৰ সুবিধা অতি সোনকালে মুকলি কৰা হ'ব।
শীৰ্ষ ৫ টা ভাৰতীয় বেণ্ড বৈৰাগীছ ,ছুফী ৰকাৰ্ছ, চল অব ছুফী এক্স গৌৰাংশ, এমএইচ ৪৩ আৰু শিৱোহাম-এ আন্তৰ্জাতিক বেণ্ডৰ সৈতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব
प्रविष्टि तिथि:
13 FEB 2025 6:18PM
|
Location:
PIB Guwahati
যদি আপোনাৰ বয়স ১৮ বছৰৰ বা তাতোকৈ ওপৰত আৰু সংগীত আপোনাৰ সিৰাত প্ৰবাহিত হৈ আছে , তেন্তে আপোনাৰ বাবে আহিছে বিশ্বৰ মঞ্চত নিজকে জিলিকাই তোলাৰ সুযোগ৷ যদি আপুনি বিশ্বৰ শীৰ্ষ বেণ্ডৰ সৈতে একেলগে যোগদান কৰি চেলিব্ৰিটি হোৱাৰ সপোন দেখে, তেন্তে ৱেভছে আপোনাৰ বাবে লৈ আহিছে আপোনাৰ নাম জিলিকাই তুলিবলৈ এক সোণালী সুযোগ।
ভাৰতত বেটল অব বেণ্ডছৰ অসাধাৰণ সফলতাৰ পিছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, দূৰদৰ্শন তথা ৱেভছে বেটল অব বেণ্ডছ ইণ্টাৰনেশ্যনেল আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে৷ যি ভাৰতৰ মুম্বাইত চলি থকা প্ৰতিযোগিতাখনৰ অংশ হ’ব আৰু ইয়ালৈ সমগ্ৰ বিশ্বৰ পৰা জনপ্ৰিয় মিউজিকেল বেণ্ডক আমন্ত্ৰণ জনোৱা হ'ব।
ৱেভছ চেলেঞ্জ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব গ্ল’বেল বেণ্ডে
আন্তঃৰাষ্ট্ৰীয় বেণ্ডসমূহৰ অংশগ্ৰহণৰ বাবে অতি সোনকালে পঞ্জীয়ন মুকলি হ’ব। সকলো দিশ পৰ্যবেক্ষণ কৰাৰ পিছত শীৰ্ষ ১৩ টা আন্তঃৰাষ্ট্ৰীয় বেণ্ডক প্ৰত্যাহ্বানৰ অংশ হিচাপে নিৰ্বাচিত কৰা হ’ব আৰু এয়া ভাৰতীয় শীৰ্ষ ৫বেণ্ডৰ বেটেল অফ বেণ্ডৰ দ্বাৰা আয়োজন কৰা হ'ব। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকলে হিন্দী ভাষা , বলীউড, ক্লাছিকেল আৰু লোকশৈলীত গান গাব পাৰে, যিসকলৰ নিজা বেণ্ড আছে তেওঁলোকে ইয়াত পঞ্জীয়ন কৰিব পাৰে। চূড়ান্ত শীৰ্ষ ৫ টা আন্তঃৰাষ্ট্ৰীয় বেণ্ড আৰু শীৰ্ষ ৫ টা ভাৰতীয় বেণ্ডে প্ৰতিষ্ঠিত ৱেভছ প্লেটফৰ্মত অনুষ্ঠান পৰিৱেশন কৰাৰ সুযোগ পাব।
শীৰ্ষ ৫ টা বেণ্ডে খিতাপৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব
বেটল অব বেণ্ডছত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু প্ৰতিভাৰ সমাবেশ ঘটিছিল আৰু ইয়াৰ ভিতৰৰে শীৰ্ষ ২৬টা বেণ্ডক প্ৰত্যাহ্বানৰ বাবে নিৰ্বাচিত কৰা হৈছে৷ বেণ্ডসমূহে প্ৰতি সপ্তাহত আমাৰ বিচাৰকসকলে নিৰ্ধাৰণ কৰি দিয়া প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল৷ বেণ্ডসমূহে ফাইনেললৈকে উপনীত হ'বলৈ বলীউড, অৰিজিনেল, ক্লাছিকেল আৰু ফ'ক এণ্ড লিৰিক্স আদি শিতানত অংশ লৈছিল। শীৰ্ষ ৫ টা বেণ্ডে ফাইনেলত স্থান লাভ কৰিছে, যাৰ ভিতৰত বিজয়ী বেণ্ডটো আছিল দ্য বৈৰাগীছ, প্ৰথম ৰানাৰ্ছ আপ আছিল ছুফী ৰকাৰ্ছ আৰু দ্বিতীয় ৰানাৰ্ছ আপ আছিল চল অব ছুফী এক্স গৌৰাংশ৷ শীৰ্ষ ৫ টা বেণ্ডৰ ভিতৰত স্থান দখল কৰা আন দুটা বেণ্ড হৈছে এমএইচ ৪৩ আৰু শিৱোহাম ।
সৃষ্টিশীলতা আৰু সংগীতৰ সমৃদ্ধিক উদযাপন কৰক
এই অনুষ্ঠানটোৱে জনসাধাৰণৰ বাবে এক ৰোমাঞ্চকৰ অভিজ্ঞতা হৈ উঠাৰ বুলি প্ৰতিশ্ৰুতি দিছে, কিয়নো তেওঁলোকে বিভিন্ন ধৰণৰ সংগীত পৰিবেশনৰ সৈতে পৰিচিত হ’ব, যাৰ ফলত ই সংগীতপ্ৰেমীসকলৰ বৈচিত্ৰ্যময় ৰুচিক সঁচা অৰ্থত উদযাপন কৰাৰ এক অনুষ্ঠান হিচাপে পৰিগণিত হ’ব।
বেটল অব বেণ্ডছ ইণ্টাৰনেশ্যনেলৰ লক্ষ্য হৈছে সৃষ্টিশীলতা আৰু সংগীতৰ সীমাবদ্ধতাক দূৰ কৰি সম্প্ৰদায়, উদ্ভাৱন আৰু বৃদ্ধিৰ অনুভূতিক জাগ্ৰত কৰা৷ ৱেভছ হৈছে যুৱ প্ৰতিভাক লালন-পালন কৰাৰ লগতে সমগ্ৰ বিশ্বৰ দৰ্শকক সংগীতৰ অনাবিল অভিজ্ঞতা প্ৰদানৰ বাবে এক অগ্ৰণী মঞ্চ।
এই চেলেঞ্জৰ প্ৰযোজক ছাৰেগামা আৰু পৰিচালক হৈছে বিশিষ্ট পৰিচালক শ্ৰুতি অনিন্দিতা ভাৰ্মা। প্ৰতিভাসম্পন্ন কেতন সিঙে আয়োজন কৰা এই প্ৰত্যাহ্বানৰ বিচাৰক হৈছে ৰাজা হাছান আৰু শ্ৰদ্ধা পণ্ডিত। এই প্ৰত্যাহ্বানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ভাৰতীয় গুৰু যেনে টনি কক্কাৰ, শ্ৰুতি পাঠক, ৰাধিকা চোপ্ৰা, অমিতাভ ভাৰ্মা আদি বহুকেইগৰাকী ব্যক্তি জড়িত হৈ আছে।
অধিক তথ্যৰ আৰু অনুষ্ঠানৰ বিষয়ে জানিবলৈ তথা পঞ্জীয়ন কৰিবলৈ, অনুগ্ৰহ কৰি ৱেভছৰ অফিচিয়েল ৱেবছাইট www.wavesindia.org চাওক ৷
অংশগ্ৰহণৰ প্ৰক্ৰিয়া
অংশগ্ৰহণ কৰিবলৈ বেণ্ডসমূহে (এজন কণ্ঠশিল্পীকে ধৰি সৰ্বাধিক ৫ জন সদস্য) নিজৰ সংগীত প্ৰদৰ্শন কৰি দূৰদৰ্শনৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে এটা মৌলিক দৃশ্য-শ্ৰাব্যৰ পৰিবেশন দাখিল কৰিব লাগিব। পৰিবেশনত বৰ্তমানৰ কোনো গীত বা ৰচনাৰ ছাপ থাকিব নালাগিব।
ভিডিঅ' জমা দিয়াৰ প্ৰক্ৰিয়া:
বেণ্ডসমূহে আধুনিক আৰু পৰম্পৰাগত লোক উপাদানসমূহৰ মিশ্ৰণ ঘটাই সৃষ্টি কৰা মৌলিক সংগীতৰ এটা ভিডিঅ' (সৰ্বোচ্চ ২ মিনিট, ৩০০এমবি, এমপি৪ ফৰ্মেট) জমা দিব লাগিব।
“ৱেভছ ইণ্ডিয়া” শিতানৰ অধীনত দূৰদৰ্শনৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে “Battle of Bands” নিৰ্বাচন কৰি আপলোড কৰক আৰু পঞ্জীয়নৰ নিৰ্দেশনা অনুসৰণ কৰক।
পঞ্জীয়ন
বেণ্ডৰ নাম, চহৰ, যোগাযোগৰ তথ্য, বেণ্ডৰ সদস্য, ছ’চিয়েল মিডিয়া লিংক আৰু পাৰফৰমেন্স লিংক আদিৰ সবিশেষৰ সৈতে পঞ্জীয়ন প্ৰ-পত্ৰ পূৰণ কৰক।
চৰ্তাৱলী:
প্ৰথমতে জমা দিয়া ভিডিঅ’ বাছনিৰ বাবে বিবেচনা কৰা হয়।
ভিডিঅ’বোৰৰ ক্ষেত্ৰত নিৰ্দেশনা মানি চলিব লাগিব; নিৰ্দেশনা অমান্য হ’লে তেনে ভিডিঅ’ অযোগ্য ঘোষণা কৰা হ’ব।
তথ্য জমা দিয়াৰ পিছত অংশগ্ৰহণকাৰীসকলে প্ৰচাৰমূলক ব্যৱহাৰৰ বাবে গোপনীয়তাৰ অধিকাৰ ত্যাগ কৰিব লাগিব।
ৱেভছৰ বিষয়ে
বিশ্ব অডিঅ’ ভিজুৱেল আৰু মনোৰঞ্জন সন্মিলনৰ উদ্বোধনী সংস্কৰণ (WAVES) ১ মে’ৰ পৰা ৪ মে’, ২০২৫লৈ অনুষ্ঠিত হ’ব। ৱেভছ ২০২৫ ত মিডিয়া আৰু মনোৰঞ্জন উদ্যোগৰ বাবে অগ্ৰণী বিনিয়োগৰ গন্তব্যস্থান হিচাপে ভাৰতৰ ভূমিকাক শক্তিশালী কৰি তুলি তুলিব পৰাকৈ যুগান্তকাৰী ঘোষণা আৰু পদক্ষেপসমূহ সন্নিবিষ্ট কৰা হ’ব।
रिलीज़ आईडी:
2104016
| Visitor Counter:
50