প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নতুন দিল্লী ৰে’লৱে ষ্টেচনত পদপিষ্ট হৈ প্ৰাণ হেৰুৱালে বহু লোকে, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
16 FEB 2025 7:18AM by PIB Guwahati
নতুন দিল্লী ৰে’লৱে ষ্টেচনত পদপিষ্ট হৈ বহু লোকৰ প্ৰাণ হানি হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে। লগতে প্ৰধানমন্ত্ৰীয়ে উক্ত দুৰ্ঘটনাত আহত হোৱা লোকসকলৰ আশু আৰোগ্যও কামনা কৰে।
এই সন্দৰ্ভত আজি এক্সত এটা পোষ্টযোগে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে -
“নতুন দিল্লী ৰে’লৱে ষ্টেশ্যনত পদপিষ্ট হৈ প্ৰাণহানি হোৱা ঘটনাত গভীৰ আঘাত পাইছো। উক্ত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছোঁ। একেটা দুৰ্ঘটনাতে আহত লোকসকলৰ শীঘ্ৰে আশু আৰোগ্য কামনা কৰিলোঁ। এই দুৰ্ঘটনাত প্ৰভাৱিত সকলো লোককে সাহায্যাৰ্থে বিভাগীয় কৰ্তৃপক্ষই উন্মুখতাৰে কাম কৰি আছে।”
***
MJPS/ST
(रिलीज़ आईडी: 2104008)
आगंतुक पटल : 47
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam