প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি মাজাৰ্গেছৰ যুদ্ধ সমাধিক্ষেত্ৰ পৰিদৰ্শন

प्रविष्टि तिथि: 12 FEB 2025 4:57PM by PIB Guwahati

 

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে আজি পুৱা মাৰ্চেইলৰ মাজাৰগুৱেছ যুদ্ধ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰি প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰাণ হেৰুৱা ভাৰতীয় জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই শ্বহীদসকলৰ বলিদানক সন্মান জনাই মাল্যাৰ্পণ কৰে।

মাজাৰগেছ যুদ্ধ সমাধিক্ষেত্ৰত ইউৰোপত শান্তিৰ বাবে যুঁজ দিয়া ভাৰতীয় সৈনিকসকলৰ বীৰত্ব আৰু ত্যাগৰ ইতিহাস সংৰক্ষিত হৈ আছে। তেওঁলোকৰ কাহিনীয়ে বহুতকে অনুপ্ৰাণিত কৰি আহিছে। এই সমাধিক্ষেত্ৰই ভাৰত-ফ্ৰান্সৰ সম্পৰ্কক সদায়েই আটোমটোকাৰিকৈ ৰাখি দুয়ো দেশৰ জনসাধাৰণৰ সংযোগক স্মৰণীয় কৰি ৰাখিছে।

 

***

MJPS/SR


(रिलीज़ आईडी: 2102727) आगंतुक पटल : 34
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam