প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মাৰ্চেইলত ভাৰতৰ ‘কনচুলেট জেনেৰেল’ যুটীয়াভাৱে উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে

Posted On: 12 FEB 2025 4:58PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্স গণৰাজ্যৰ মহামহিম ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নে আজি মাৰ্চেইলত নতুনকৈ স্থাপন কৰা ভাৰতৰ ‘কনচুলেট জেনেৰেল’টো যুটীয়াকৈ উদ্বোধন কৰে।


প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি মেক্ৰ'নৰ দ্বাৰা ‘কনচুলেট জেনেৰেল’ৰ উদ্বোধন ভাৰত আৰু ফ্ৰান্সৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে এক গুৰুত্বপূৰ্ণ ঘটনা হিচাপে পৰিগণিত হৈছে। উদ্বোধনী অনুষ্ঠানত ৰাষ্ট্ৰপতি মেক্ৰনৰ উপস্থিতি এক বিশেষ সংকেত আছিল আৰু প্ৰধানমন্ত্ৰীয়ে ইয়াক গভীৰভাৱে প্ৰশংসা কৰিছে। ঐতিহাসিক অনুষ্ঠানটো চাবলৈ ‘কনচুলেট’ত সমবেত হোৱা ভাৰতীয় প্ৰবাসী সদস্যসকলে দুয়োগৰাকী নেতাক উষ্ম আদৰণি জনায়।

২০২৩ চনৰ জুলাইত প্ৰধানমন্ত্ৰীৰ ফ্ৰান্স ভ্ৰমণৰ সময়ত মাৰ্চেইলত ‘কনচুলেট জেনেৰেল’ খোলাৰ সিদ্ধান্ত ঘোষণা কৰা হৈছিল। ফ্ৰান্সৰ দক্ষিণৰ চাৰিটা ফৰাচী প্ৰশাসনিক অঞ্চল - প্ৰভেন্স আলপছ কোটে ডি'আজুৰ, কৰ্চিকা, অক্সিটেনি আৰু অভাৰ্গনে-ৰ'ন-আলপছত ‘কনচুলেট জেনেৰেল’ৰ কনচুলাৰ অধিকাৰ থাকিব।

ফ্ৰান্সৰ এই অঞ্চলটো বাণিজ্য, উদ্যোগ, শক্তি আৰু বিলাসী পৰ্যটনৰ সমাৰ্থকৰ দৰে আৰু অৰ্থনৈতিক, সাংস্কৃতিক আৰু ভাৰতৰ মানুহৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আছে। ফ্ৰান্সৰ দ্বিতীয় সৰ্বাধিক জনবহুল চহৰখনত স্থাপিত নতুন ‘কনচুলেট জেনেৰেল’য়ে ‘ভাৰত-ফ্ৰান্স বহুমুখী কৌশলগত অংশীদাৰিত্ব’ক অধিক শক্তিশালী কৰিব।

 

 

***

MJPS/SR/KB


(Release ID: 2102724) Visitor Counter : 16