তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ৱেভছ এআই কলা সংস্থাপন প্ৰত্যাহ্বান

১০ ফেব্ৰুৱাৰী ২০২৫ বিয়লি ৪:০৬ বজাত পিআইবি দিল্লীৰ দ্বাৰা

সৃষ্টিশীলতাৰে কৃত্ৰিম বুদ্ধিমত্তাৰ সংযোজনৰ এক অনন্য সুযোগ

Posted On: 10 FEB 2025 4:06PM by PIB Guwahati

 

পাতনি

 

ইণ্ডিয়ান ইণ্টাৰনেট এণ্ড মোবাইল এছ’চিয়েশ্যনে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত আয়োজন কৰা এআই আৰ্ট ইনষ্টলেশ্যন চেলেঞ্জ (ৱেভছ এআই কলা সংস্থাপন প্ৰত্যাহ্বান) হৈছে এক অগ্ৰণী প্ৰতিযোগিতা যিয়ে শিল্পী, ডিজাইনাৰ, আৰু এআই অনুৰাগীসকলক একত্ৰিত কৰি কৃত্ৰিম বুদ্ধিমত্তা তথা  কলাত্মক প্ৰকাশৰ সংমিশ্ৰণৰ সন্ধান  কৰিব । অংশগ্ৰহণকাৰীসকলৰ সৃষ্টিশীলতা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত থকা সীমাবদ্ধতাকঅতিক্ৰম কৰি এআই-চালিত সঁজুলি আৰু কৌশল ব্যৱহাৰেৰে অভিযোজিত নৱতম সৃষ্টি কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। এই প্ৰত্যাহ্বানৰ লক্ষ্য হৈছে বিনিয়োগকাৰী, সহযোগী, আৰু উদ্যোগৰ শীৰ্ষ ব্যক্তিসকলৰ সৈতে সংযোগ গঢ়ি তোলাৰ লগতে কলাৰ ক্ষেত্ৰত এআইৰ পৰিৱৰ্তনশীল সম্ভাৱনাক উজ্জ্বল কৰি তোলা। শিল্প আৰু প্ৰযুক্তিৰ মাজত সেতুবন্ধন কৰি ই ভাৰতক এআই-চালিত সৃষ্টিশীল প্ৰকাশৰ  ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিব।

এই প্ৰত্যাহ্বান ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জৰ অংশ আৰু  বিশ্ব অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট (WAVES)ৰ অধীনত এক ফ্লেগশ্বিপ পদক্ষেপ। যিয়ে মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট (এম এণ্ড ই) উদ্যোগত উদ্ভাৱনৰ বাবে এক বিশ্বজনীন মঞ্চ হিচাপে কাম কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ নেতৃত্বত ই ৭০ হাজাৰৰো অধিক পঞ্জীয়ন লাভ কৰিবলৈ সক্ষম হৈছে  । ৩১খন প্ৰতিযোগিতা আৰম্ভ হোৱাৰ লগে লগে ই সৃষ্টিশীলতা আৰু বিশ্বব্যাপী অংশগ্ৰহণক লাভাৱান্বিত কৰিছে। এখন আগশাৰীৰ মঞ্চ হিচাপে ই সহযোগিতা, বাণিজ্যিক সুযোগ আৰু ভাৰতক  বিশ্বৰ ভিতৰতে  সৃষ্টিশীল কেন্দ্ৰ হিচাপে উত্থান ঘটোৱাৰ দিশে  আগুৱাই লৈ  গৈছে। ২০২৫ চনৰ ১ মে’ৰ পৰা ৪ মে’লৈ মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰ এণ্ড জিঅ’ ৱৰ্ল্ড গাৰ্ডেনত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনে দূৰদৃষ্টিসম্পন্ন  ধাৰণা আৰু উদীয়মান প্ৰতিভাক   এক  বিশেষ মঞ্চ প্ৰদান কৰিব।

 

যোগ্যতা সম্পৰ্কীয়  নিৰ্দেশনা

 কি কি জমা দিব লাগিব-

-সংস্থাপনৰ সম্ভাৱনীয়তা আৰু পাৰস্পৰিক কাৰ্য্যকলাপ প্ৰদৰ্শন কৰা এটা প্ৰ'ট'টাইপ বা মকআপ জমা দিব লাগিব।

-ব্যৱহাৰ কৰা  প্ৰক্ৰিয়া, প্ৰেৰণা, আৰু  এআই  কৌশলৰ ৰূপৰেখা দাঙি ধৰা এটা প্ৰকল্পৰ বিৱৰণ অন্তৰ্ভুক্ত কৰিব লাগিব।

-দৃশ্যমান উপস্থাপন জমা দিব লাগিব , যেনে স্কেচ বা থ্ৰিডি  মডেল।

-ধাৰণাটো ব্যাখ্যা কৰি আৰু যিকোনো প্ৰ'ট'টাইপ বা চিমুলেচন প্ৰদৰ্শনেৰে  এটা চুটি ভিডিঅ' (৫ মিনিটলৈকে) আপলোড কৰিব লাগিব।

 

যোগদানৰ অন্তিম তাৰিখ: ১৫ মাৰ্চ ২০২৫।

 

মূল্যায়নৰ মাপকাঠী

কেতিয়া অযোগ্যতা বিবেচিত হ'ব-

-লেখা বা সমল আদি চুৰি কৰা  বা অকৰ্তৃত্বশীল বিষয়বস্তুৰ ব্যৱহাৰ

-জমা দিয়াৰ নিৰ্ধাৰিত দিন  আৰু যোগ্যতাৰ নিৰ্দেশনা অমান্য কৰা

তথ্যসূত্ৰ: 

  1. https://wavesindia.org/challenges-2025
  2. https://eventsites.iamai.in/Waves/ai-art/
  3. https://pib.gov.in/PressReleasePage.aspx?PRID=2048202

Click here to download PDF


(Release ID: 2101352) Visitor Counter : 24