প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পৰাক্ৰম দিৱসক লৈ প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ লিখিত ৰূপ

Posted On: 23 JAN 2025 2:25PM by PIB Guwahati

আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকীৰ এই শুভ ক্ষণত সমগ্ৰ দেশে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। নেতাজী সুভাষ বাবুক শ্ৰদ্ধাৰে সোঁৱৰিছো। নেতাজীৰ জন্মস্থানত এইবাৰৰ পৰাক্ৰম দিৱসৰ বৃহৎ উদযাপন। ইয়াৰ বাবে মই ওড়িশাৰ জনসাধাৰণ আৰু ওড়িশা চৰকাৰক অভিনন্দন জনাইছো। কটকত নেতাজীৰ জীৱনৰ সৈতে জড়িত এক বিশাল প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। এই প্ৰদৰ্শনীত নেতাজীৰ জীৱনৰ লগত জড়িত বহু ঐতিহ্য একেলগে সংৰক্ষণ কৰা হৈছে। বহু চিত্ৰশিল্পীয়ে নেতাজীৰ জীৱনৰ ঘটনাৰ ছবি কেনভাছত অংকন কৰিছে। এই সকলোবোৰৰ সমান্তৰালকৈ নেতাজীৰ আধাৰত বহু গ্ৰন্থও সংগ্ৰহ কৰা হৈছে। নেতাজীৰ জীৱন যাত্ৰাৰ এই সকলোবোৰ উত্তৰাধিকাৰে মোৰ ডেকা ভাৰতক এক নতুন শক্তি প্ৰদান কৰিব।

বন্ধুসকল,

আজি যেতিয়া আমাৰ দেশ এখন উন্নত ভাৰতৰ সংকল্প সাধনত নিয়োজিত হয়, তেতিয়া আমি নেতাজী সুভাষৰ জীৱনৰ পৰা অহৰহ প্ৰেৰণা লাভ কৰো। নেতাজীৰ জীৱনৰ আটাইতকৈ ডাঙৰ লক্ষ্য আছিল-আজাদ হিন্দ। নিজৰ সংকল্প সাধনৰ বাবে তেওঁ মাত্ৰ এটা মাপকাঠীত নিজৰ সিদ্ধান্ত পৰীক্ষা কৰিছিল-আজাদ হিন্দ। ধনী পৰিয়ালত জন্মগ্ৰহণ কৰা নেতাজীয়ে অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ইচ্ছা কৰিলে ব্ৰিটিছ শাসনৰ জ্যেষ্ঠ বিষয়া হৈ আৰামদায়ক জীৱন যাপন কৰিব পাৰিলেহেঁতেন, কিন্তু স্বাধীনতাৰ বাবে তেওঁ কষ্টকৰ পথ বাছি লৈছিল, প্ৰত্যাহ্বান বাছি লৈছিল, দেশ-বিদেশত বিচৰণ কৰাটো পছন্দ কৰিছিল। নেতাজী সুভাষে আৰামৰ জীৱনৰ মাজত নিজকে আৱদ্ধ কৰি ৰখা নাছিল। একেদৰে, আজি আমি সকলোৱে নিজৰ আৰামৰ জীৱনৰ পৰা ওলাই আহি এখন উন্নত ভাৰত গঢ়িব লাগিব। আমি নিজকে বিশ্বব্যাপী শ্ৰেষ্ঠ কৰি তুলিব লাগিব, আমি উৎকৃষ্টতা বাছি ল’ব লাগিব, আমি দক্ষতাৰ ওপৰত গুৰুত্ব দিব লাগিব।

বন্ধুসকল,

নেতাজীয়ে দেশৰ স্বাধীনতাৰ বাবে আজাদ হিন্দ ফৌজ গঠন কৰিছিল, ইয়াত দেশৰ প্ৰতিটো অঞ্চলৰ সকলো শ্ৰেণীৰ সাহসী পুৰুষ-মহিলা অন্তৰ্ভুক্ত আছিল। সকলোৰে ভাষা বেলেগ বেলেগ যদিও অনুভৱটো আছিল এক-দেশৰ স্বাধীনতা। এই ঐক্য আজি উন্নত ভাৰতৰ বাবে এক বৃহৎ শিক্ষা। তেতিয়া আমি স্বৰাজৰ বাবে একত্ৰিত হৈছিলো, আজি আমি উন্নত ভাৰতৰ বাবে একত্ৰিত হ’ব লাগিব। আজি দেশৰ লগতে বিশ্বৰ সকলো ঠাইতে ভাৰতৰ প্ৰগতিৰ অনুকূল পৰিবেশ। এই একবিংশ শতিকাক আমি কেনেকৈ ভাৰতৰ শতিকা হিচাপে গঢ়ি তুলিছো সেয়া চাবলৈ বিশ্বই ভাৰতৰ ফালে চাই আছে আৰু এনে এক গুৰুত্বপূৰ্ণ সময়ছোৱাত আমি নেতাজী সুভাষৰ প্ৰেৰণাৰে ভাৰতৰ ঐক্যৰ ওপৰত গুৰুত্ব দিব লাগিব। দেশক দূৰ্বল কৰিব বিচৰা, দেশৰ ঐক্য ভংগ কৰিব বিচৰাসকলৰ প্ৰতিও আমি সাৱধান হ’ব লাগিব।

বন্ধুসকল,

ভাৰতৰ ঐতিহ্যক লৈ নেতাজী সুভাসে অত্যন্ত গৌৰৱ কৰিছিল। তেওঁ প্ৰায়ে ভাৰতৰ চহকী গণতান্ত্ৰিক ইতিহাসৰ বিষয়ে আলোচনা কৰিছিল আৰু ইয়াৰ পৰা প্ৰেৰণা লোৱাৰ পোষকতা কৰিছিল। আজি ভাৰত দাসত্বৰ মানসিকতাৰ পৰা ওলাই আহিছে। ইয়াৰ ঐতিহ্যক লৈ গৌৰৱ কৰাৰ সমান্তৰালকৈ ইয়াৰ বিকাশ ঘটিছে। মোৰ সৌভাগ্য যে আজাদ হিন্দ চৰকাৰৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে লালকিল্লাত ত্ৰিৰংগ উত্তোলন কৰাৰ সুযোগ পাইছো। সেই ঐতিহাসিক অনুষ্ঠানটো মই কেতিয়াও পাহৰিব নোৱাৰো। নেতাজীৰ উত্তৰাধিকাৰৰ পৰা প্ৰেৰণা লৈ আমাৰ চৰকাৰে ২০১৯ চনত দিল্লীৰ লালকিল্লাত নেতাজী সুভাসৰ প্ৰতি উৎসৰ্গিত সংগ্ৰহালয় নিৰ্মাণ কৰিছিল। সেই বছৰতে আৰম্ভ কৰা হৈছিল সুভাষ চন্দ্ৰ বসু দুৰ্যোগ ব্যৱস্থাপনা বঁটা। ২০২১ চনত চৰকাৰে সিদ্ধান্ত লৈছিল যে নেতাজীৰ জন্ম বাৰ্ষিকী এতিয়া পৰক্ৰম দিৱাস হিচাপে পালন কৰা হ’ব। ইণ্ডিয়া গেটৰ ওচৰত নেতাজীৰ বিশাল প্ৰতিমূৰ্তি স্থাপন, আন্দামান দ্বীপটোৰ নাম নেতাজীৰ নামেৰে ৰখা, গণৰাজ্য দিৱসৰ পেৰেডত আই এন এৰ জোৱানক শ্ৰদ্ধাঞ্জলি জনোৱাটো চৰকাৰৰ এই আৱেগৰ প্ৰতীক।

বন্ধুসকল,

যোৱা ১০ বছৰত দেশখনেও দেখুৱাইছে যে দ্ৰুত উন্নয়নে সাধাৰণ মানুহৰ জীৱন সহজ কৰি তোলে আৰু লগতে সামৰিক শক্তিও বৃদ্ধি কৰে। যোৱা দশকত ২৫ কোটি ভাৰতীয়ক দৰিদ্ৰতাৰ পৰা উলিয়াই অনা হৈছে, এয়া এক বৃহৎ সফলতা। আজি গাঁও হওক বা চহৰ হওক, সকলোতে আধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে, ইয়াৰ লগতে ভাৰতীয় সেনাৰ শক্তিও অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে।আজি বিশ্বৰ মঞ্চত ভাৰতৰ ভূমিকা বাঢ়িছে, ভাৰতৰ কণ্ঠ বাঢ়িছে, সেই দিনটো বেছি দূৰত নহয় যেতিয়া ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে পৰিগণিত হ’ব। আমি নেতাজী সুভাষৰ পৰা অনুপ্ৰাণিত হৈ এটা লক্ষ্য আৰু এটা উদ্দেশ্যৰে উন্নত ভাৰতৰ বাবে অবিৰতভাৱে কাম কৰি যাব লাগিব আৰু এয়াই হ’ব নেতাজীৰ প্ৰতি আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি। আকৌ এবাৰ আপোনালোক সকলোলৈ শুভেচ্ছা থাকিল, ধন্যবাদ!

***

MJPS/VJ/MS


(Release ID: 2100300) Visitor Counter : 28