বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

যুৱ, প্ৰগতিশীল আৰু প্ৰযুক্তিৰে সমৃদ্ধ জনসংখ্যাক ব্যৱহাৰ কৰি ভাৰতে এনে এক কৰ্মবাহিনী সৃষ্টি কৰাৰ সম্ভাৱনা আছে যি কৰ্মবাহিনীয়ে তেওঁলোকৰ কামৰ মান আৰু উৎপাদনশীলতা বৃদ্ধি কৰিবলৈ এআই ব্যৱহাৰ কৰিব পাৰে - অৰ্থনৈতিক সমীক্ষা ২০২৪-২৫

প্ৰতিষ্ঠানসমূহক সক্ষম কৰি তোলা, প্ৰতিষ্ঠানসমূহৰ বীমা কৰা আৰু প্ৰতিষ্ঠানসমূহক মধ্যম তথা উচ্চ-দক্ষতাৰ চাকৰিৰ দিশত আমাৰ কৰ্মবাহিনীক আগবঢ়াই অনাত সহায় কৰাৰ বাবে সামাজিক আন্তঃগাঁথনিৰ অন্তৰ্ভুক্ত কৰাৰ পোষকতা

অৰ্থনৈতিক সমীক্ষা ২০২৪-২৫-এ ভাৰতত অভিগ্ৰহণৰ বাবে এক ব্যৱহাৰিক, নিৰ্ভৰযোগ্য, পৰিমাপযোগ্য আৰু দক্ষ কৃত্ৰিম বুদ্ধিমত্তাৰ আৰ্হিৰ পোষকতা কৰিছে

কামৰ ভৱিষ্যত 'বৰ্ধিত বুদ্ধিমত্তা'ৰ চৌদিশে আবৰ্তিত হৈ আছে, য'ত কৰ্মবাহিনীয়ে মানৱ আৰু যন্ত্ৰৰ ক্ষমতা দুয়োটাই একত্ৰিত কৰিছে - অৰ্থনৈতিক সমীক্ষা ২০২৪-২৫

স্বয়ংক্ৰিয়কৰণে ভাবুকি মাতি আনিব পৰা ভাৰতৰ বাবে মুখ্যতঃ হৈছে সেৱা-মুখী অৰ্থনীতি

উদ্ভাৱনক সামগ্ৰিক বিকাশৰ দিশত পৰিচালিত কৰিবলৈ চৰকাৰৰ মাজত ত্ৰিপাক্ষিক সংহতি দ্ৰুতগতিৰে বৃদ্ধি পাইছে

Posted On: 31 JAN 2025 2:09PM by PIB Guwahati

 

কৃত্ৰিম বুদ্ধিমত্তাই (এআই) এক নতুন যুগ আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি বহন কৰিছে, য'ত বিভিন্ন ক্ষেত্ৰত অৰ্থনৈতিকভাৱে প্ৰয়োজনীয় কামৰ এক বৃহৎ অংশ স্বয়ংক্ৰিয়  হৈছে, কিন্তু একে সময়তে ইয়াৰ ফলত বৃহৎ পৰিমাণৰ শ্ৰমিক কৰ্মহীন  হ'ব পাৰে, বিশেষকৈ  মধ্য আৰু নিম্ন-পৰ্যায়ৰ মজুৰিৰ ক্ষেত্ৰত, কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰীয়ে উত্থাপন কৰা অৰ্থনৈতিক সমীক্ষা ২০২৪-২৫-ত এই অভিমত প্ৰকাশ কৰা হৈছে।

 

এআই গ্ৰহণৰ ক্ষেত্ৰত ভাৰতৰ বাবে বিপদাশংকা আৰু সুযোগ

 

অৰ্থনৈতিক সমীক্ষা ২০২৪-২৫-ত কোৱা হৈছে যে বেংক অব ইংলেণ্ডৰ প্ৰাক্তন মুখ্য অৰ্থনীতিবিদ এণ্ড্ৰিউ হালডেনে দেখুওৱাৰ দৰে পূৰ্বৰ ঔদ্যোগিক আৰু প্ৰযুক্তিগত বিপ্লৱবোৰ বেদনাদায়ক আছিল, যাৰ বিশেষত্ব হৈছে ব্যাপক অৰ্থনৈতিক দুৰ্দশা, স্থানচ্যুতসকলৰ বাবে ভয়ংকৰ  নিবনুৱা সমস্যা আৰু আয়ৰ অসমতা বৃদ্ধি।

 

এই পৰিপ্ৰেক্ষিতত, অৰ্থনৈতিক জৰীপে উল্লেখ কৰিছে, নীতি নিৰ্ধাৰক হিচাপে স্বয়ংক্ৰিয়কৰণ সন্দৰ্ভত এনে ফলাফলৰ আশংকাসমূহক  অতি গুৰুত্বসহকাৰে ল'ব লাগিব, বিশেষকৈ ভাৰতৰ দৰে দেশৰ বাবে এয়া অতি প্ৰয়োজনীয় কথা। ভাৰতৰ অৰ্থনীতি মুখ্যতঃ সেৱা-মুখী, ইয়াৰ তথ্য প্ৰযুক্তি কৰ্মবাহিনীৰ এক বৃহৎ অংশ নিম্ন-মূল্য-সংযোজন সেৱাত নিয়োজিত। এই ভূমিকাবোৰ বিশেষকৈ স্বয়ংক্ৰিয়কৰণৰ প্ৰতি অসুৰক্ষিত, কিয়নো কোম্পানীবোৰে ব্যয় হ্ৰাস কৰিবলৈ শ্ৰমিকৰ সলনি প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰে।

ভাৰতত এআই প্ৰবাহৰ সুবিধা  গ্ৰহণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা

 

অৰ্থনৈতিক সমীক্ষাত উল্লেখ কৰা হৈছে যে সৃষ্টিশীল-ধ্বংসৰ নেতিবাচক প্ৰভাৱ হ্ৰাস কৰিবলৈ এক সামূহিক সামাজিক প্ৰচেষ্টাৰ প্ৰয়োজন, যাৰ ভিতৰত আছে পৰিৱেশ সুৰক্ষাৰ বাবে নতুন সামাজিক আন্তঃগাঁথনি সৃষ্টি কৰা। য'ত উদ্ভাৱনে সামগ্ৰিক বিকাশক আগুৱাই লৈ যায়। জৰীপত  লগতে কোৱা হৈছে  ভাৰতে চৰকাৰ, ব্যক্তিগত খণ্ড আৰু শিক্ষাৰ মাজত ত্ৰিপাক্ষিক সংহতিৰ জৰিয়তে শক্তিশালী প্ৰতিষ্ঠান সৃষ্টিৰ ক্ষেত্ৰত দ্ৰুত গতিত কাম কৰিব লাগিব।

এআই-ৰ সুবিধা গ্ৰহণৰ  পদক্ষেপবোৰৰ ভিতৰত অৰ্থনৈতিক জৰীপে সামাজিক আন্তঃগাঁথনিৰ অপৰিহাৰ্যতাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। যাৰ ভিতৰত আছে প্ৰতিষ্ঠানসমূহ, বীমা কৰা প্ৰতিষ্ঠান আৰু ষ্টিৱাৰ্ডিং প্ৰতিষ্ঠানবোৰক আমাৰ কৰ্মবাহিনীৰ বাবে মধ্যম আৰু উচ্চ-দক্ষতাৰ চাকৰিৰ দিশত উন্নীত কৰাত সহায় কৰা, য'ত এআই-য়ে তেনে প্ৰতিষ্ঠানক  সলনি কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ প্ৰচেষ্টা বৃদ্ধিহে কৰিব পাৰে। কিন্তু এই প্ৰতিষ্ঠানবোৰ আগবঢ়াই অনাৰ  একক লক্ষ্যৰ বাবে বৃহৎ পৰিমাণৰ বৌদ্ধিক আৰু বিত্তীয় সম্পদ একত্ৰিত কৰাৰ প্ৰয়োজনীয়তা আছে আৰু সেয়া হৈছে এক সময় সাপেক্ষ প্ৰক্ৰিয়া।

 

 

অৰ্থনৈতিক জৰীপে উল্লেখ কৰিছে যে কিছুমান প্ৰত্যাহ্বান আছে যাক ব্যাপকভাৱে গ্ৰহণ  কৰাৰ আগতে এআই বিকাশকসকলে সেইবোৰ অতিক্ৰম কৰিব লাগিব। সেইবোৰৰ ভিতৰত, প্ৰথমতে, ব্যৱহাৰিকতা আৰু নিৰ্ভৰযোগ্যতা হৈছে মুখ্য সমস্যা । যাক এআইৰ বিকাশকসকলে সমাধান কৰিব লাগিব। দ্বিতীয়তে, এআই-ক পৰিমাপৰ বাবে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ প্ৰয়োজন, যাক নিৰ্মাণ কৰিবলৈ সময় লাগিব। আৰু শেষত, এআই মডেলবোৰে প্ৰদৰ্শনৰ সৈতে আপোচ নকৰাকৈ দক্ষতা লাভৰ লক্ষ্য স্থিৰ কৰিব লাগিব।

*****

NB/AD/VM/HP/NBJ/KB


(Release ID: 2098123) Visitor Counter : 10