ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
শক্তিশালী আৰু উচ্চমানৰ কমন কম্পিউটিং সুবিধাৰে ভাৰতে অতি শীঘ্ৰে সুলভ মূল্যত নিজাকৈ নিৰাপদ আৰু সুৰক্ষিত থলুৱা এআই মডেল মুকলি কৰিবলৈ সাজু হৈছে: শ্ৰী অশ্বিনী বৈষ্ণৱ
প্ৰতি ঘণ্টাত ২.৫ৰ পৰা ৩ ডলাৰ ব্যৱহাৰ কৰা গ্লোবেল মডেল গণনাৰ তুলনাত ভাৰতৰ এ আই মডেল গণনাৰ খৰচ ৪০% চৰকাৰী ৰাজসাহায্যৰ পিছত প্ৰতি ঘণ্টাত ১০০ টকাতকৈও কম হ’ব; আকৰ্ষণীয় ডেৰ বছৰীয়া আৰু বাৰ্ষিক পৰিকল্পনাই ইয়াক অধিক সুলভ কৰি তুলিব
ভাৰতীয় প্ৰেক্ষাপটৰ বাবে ভাৰতীয় ভাষাত একাধিক মূল আৰ্হি চলিত বছৰৰ শেষৰ ফালে সাজু হৈ উঠাৰ সম্ভাৱনা আছে, ই কম খৰচী, দ্ৰুত কম্পিউটিং আৰু তৎকালীন ফলাফলেৰে গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু সামগ্ৰিকভাৱে সকলো লোকক সহায় কৰিব।
আৰম্ভণিতে কৃষি খণ্ড, শিক্ষণৰ ক্ষেত্ৰত অক্ষমতা আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে জড়িত ১৮টা নাগৰিককেন্দ্ৰিক প্ৰয়োগ এই এআই মডেলৰ অংশ হ'ব
সুৰক্ষা প্ৰট’কল পৰীক্ষাৰ পিছত ডিপছিক ভাৰতীয় চাৰ্ভাৰত সংযোগ কৰা হ’ব যাতে ব্যৱহাৰকাৰী, ক’ডাৰ, ডেভেলপাৰসকলে ইয়াৰ মুক্ত উৎস ক’ডৰ পৰা লাভাৱান্বিত হ’ব পাৰে
Posted On:
30 JAN 2025 7:48PM by PIB Guwahati
ভাৰতে সুলভ মূল্যত নিজাকৈ নিৰাপদ আৰু সুৰক্ষিত থলুৱা এআই মডেল মুকলি কৰিবলৈ সাজু হৈছে। ইলেক্ট্ৰ'নিকছ আৰু তথ্য প্ৰযুক্তি, ৰে'লৱে, তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত ইলেক্ট্ৰ'নিক্স নিকেতনত এই কথা ঘোষণা কৰে। সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় এআই মডেলটো এটা সময়োপযোগী পদক্ষেপ, কাৰণ ভাৰত দেশসমূহৰ কমিটিৰ মাজত এক বিশ্বাসযোগ্য দেশ হিচাবে পৰিগণিত হৈছে৷ ই ভাৰতক নৈতিক এআই সমাধানৰ অধিক নিৰ্ভৰযোগ্য প্ৰযুক্তিগত শক্তিশালী হিচাপে আত্মপ্ৰকাশ কৰাত সহায় কৰিব । উচ্চমানৰ সাধাৰণ কম্পিউটিং সুবিধাৰ দ্বাৰা সমৰ্থিত ভাৰত এআই মিছনে এতিয়া ভাৰতীয় ভাষা ব্যৱহাৰ কৰি ভাৰতীয় প্ৰেক্ষাপটৰ বাবে থলুৱা এআই সমাধান লাভ কৰাৰ ওচৰ চাপিছে। তেওঁ কয় যে বিজ্ঞানী, গৱেষক, ডেভেলপাৰ আৰু ক’ডাৰসকলে এই ক্ষেত্ৰত একাধিক মডেলকলৈ কাম কৰি আছে আৰু লক্ষ্যণীয় গতিৰে এই বিষয়ত অগ্ৰসৰ হৈছে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে ভাৰতীয় এআই মডেল ৬ মাহৰ ভিতৰত সাজু হৈ উঠাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে কয় যে “আমাৰ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক চিন্তাধাৰা সৰ্বাংগীন বিকাশৰ বাবে। অৰ্থনৈতিক পিৰামিডৰ তলত থকা লোকসকল অৰ্থনৈতিকভাৱে সবল কৰি তোলাটো নিশ্চিত কৰিবলৈ আধুনিক প্ৰযুক্তি সকলোৰে বাবে সুলভ কৰি তোলাৰ বিষয়ত তেওঁ বিশ্বাস কৰে।”
এ আই আৰ্হি প্ৰায় ১০০০০ জিপিইউৰ গণনাৰ সুবিধাৰ সৈতে আৰম্ভ হৈছে। অতি সোনকালে বাকী ৮৬৯৩ টা জিপিইউতো ইয়াক সংযোগ কৰা হ'ব। ইয়াৰ দ্বাৰা আৰম্ভণিতে গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু ইয়াৰ বিকাশৰ সৈতে জৰিতসকল বহুলাংশে উপকৃত হ’ব। মিছনত অংশগ্ৰহণ কৰা কাৰিকৰী অংশীদাৰসকলে মিছনটোৱে কম্পিউটিঙৰ ক্ষেত্ৰ খনত প্ৰৱেশৰ উদ্দেশ্য পূৰণ কৰাৰ ক্ষমতাৰ বিষয়ত গভীৰ আস্থা প্ৰকাশ কৰিছে৷ তেওঁলোকে লগতে এয়া প্ৰতিযোগিতামূলক দৃষ্টিভংগীৰে চাইছে। প্ৰতি ঘণ্টাত ২.৫ৰ পৰা ৩ ডলাৰ ব্যৱহাৰ কৰা গ্ল’বেল মডেল গণনাৰ তুলনাত ভাৰতৰ এআই মডেল গণনাৰ খৰচ চৰকাৰী ৰাজসাহায্যৰ পিছত ৪০% হৈ পৰিব, এয়া প্ৰতি ঘণ্টাত ১০০ টকাতকৈও কম হ’ব। ডেৰ বছৰীয়া আৰু বাৰ্ষিক পৰিকল্পনাই ইয়াক আৰু অধিক সুলভ কৰি তুলিব।
ভাৰত এআই মিছন আৰম্ভ হোৱাৰ ১০ মাহৰ ভিতৰতে ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে আৰু প্ৰায় ১৮,৬৯৩টা গ্রাফিক প্ৰচেছিং ইউনিট, জিপিইউৰ হাই এণ্ড কমন কম্পিউটিং সুবিধা সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ই মুক্ত উৎস মডেল ডিপচিক( DeepSeek) ৰ প্ৰায় নগুণ আৰু ChatGPT ৰ প্ৰায় দুই তৃতীয়াংশ। সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে নিৰাপত্তা সম্পৰ্কীয় পৰীক্ষাৰ পিছত ডিপচিক ভাৰতীয় চাৰ্ভাৰত সংযোগ কৰিব পৰা যাব৷ ইয়াৰ ফলত ক’ডাৰ, ডেভেলপাৰ আৰু ডিজাইনাৰসকলে ইয়াৰ মুক্ত উৎস ক’ডৰ সুবিধা ল’ব পাৰিব৷
এআই মডেলৰ সুৰক্ষা আৰু নৈতিক ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰে বিশেষ অগ্ৰাধিকাৰ দিছে। এই প্ৰতিশ্ৰুতিৰ কথা প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে ভাৰতে টেকন’-লিগেল পন্থা গ্ৰহণ কৰি এ আই ছেফটি ইনষ্টিটিউট স্থাপন কৰিছে।
এই ক্ষেত্ৰত সুৰক্ষা সম্পৰ্কীয় মূল প্ৰকল্পসমূহৰ ভিতৰত আছে এলগৰিথমিক দক্ষতাৰ নীতিগত অডিটিঙৰ লগতে তথ্যৰ গোপনীয়তা নিশ্চিত কৰাৰ বাবে একেলগে ৮টা পদক্ষেপ অনুসৰণ কৰা।
মেচিন আনলাৰ্নিং (আই আই টি যোধপুৰ)
কৃত্ৰিম তথ্য উৎপাদন (আইআইটি ৰুৰকী)
এআই পক্ষপাতিত্ব প্ৰশমন কৌশল (এনআইটি ৰায়পুৰ)
ব্যাখ্যাযোগ্য এআই কাঠামো (ডিফেন্স ইনষ্টিটিউট অৱ এডভান্সড টেকন'লজি, পুনে আৰু মাইনক্ৰাফ্ট প্ৰযুক্তি)
গোপনীয়তা বৃদ্ধিৰ কৌশল (আই আই টি দিল্লী, আই আই টি দিল্লী, আই আই টি ধৰৱাড এণ্ড টেলিকম ইঞ্জিনিয়াৰিং চেণ্টাৰ, টি ই চি)
এ আই নৈতিক প্ৰমাণীকৰণ কাঠামো (আই আই আই টি দিল্লী আৰু টি ই চিত বিকশিত কৰা হৈছে সঁজুলি আদি)
এ আই এলগৰিথম অডিটিং ফ্ৰেমৱৰ্ক (প্ৰকাশ নামৰ চিভিক ডাটা লেবছৰ দ্বাৰা বিকশিত কৰা হৈছে সঁজুলি )
এআই গভৰ্নেন্স টেষ্টিং ফ্ৰেমৱৰ্ক (অমৃতা বিদ্যাপীঠম আৰু টেলিকম ইঞ্জিনিয়াৰিং চেণ্টাৰ)
কমন কম্পিউট ফেচিলিটি হৈছে ডেম’ক্ৰেটিক এআই ডেভেলপমেণ্টৰ শক্তিশালী ভেটি
ইণ্ডিয়া এ আই মিছনৰ অধীনত কম সময়ৰ ভিতৰতে বিশ্বৰ মান অতিক্ৰম কৰি এক বিশাল কম্পিউটিং আন্তঃগাঁথনি গঢ়ি তোলা হৈছে। এই সুবিধাত এতিয়া ১৮,৬৯৩টা জিপিইউ আছে, য'ত ১২,৮৯৬টা এইচ১০০, ১,৪৮০টা এইচ২০০, আৰু ৭,২০০টা এমআই ২০০ ৩০০ ইউনিট আছে, যিয়ে নিৰ্ধাৰিত প্ৰাৰম্ভিক লক্ষ্য ১০,০০০ জিপিইউক বহু পৰিমাণে অতিক্ৰম কৰিছে। এই ক্ষমতা লাভ কৰিবলৈ ৰাখিবলৈ ২,০০০ জিপিইউত ডিপডিকৰ প্ৰশিক্ষণ দিয়া হৈছে, আনহাতে ChatGPT ৰ ২৫,০০০ জিপিইউৰ প্ৰয়োজন আছিল। এই বিশাল কম্পিউটিং শক্তিয়ে গৱেষণা, মডেল সম্পৰ্কীয় প্ৰশিক্ষণ, নৈতিক এআই এলগৰিথম বিকাশত সহায় কৰাৰ লগতে ভাৰতৰ এআই পৰিৱেশতন্ত্ৰত উদ্ভাৱনক লাভাৱান্বিত কৰিছে৷
সকলো অংশীদাৰৰ বাবে সুলভতা নিশ্চিত কৰি এটা সাধাৰণ গণনা মঞ্চ সৃষ্টি কৰা হৈছে। ইতিমধ্যে প্ৰায় ১০,০০০ জিপিইউ উপলব্ধ হৈছে আৰু কাৰিকৰী অংশীদাৰসকলে বিশ্বমানৰ এআই সমাধানৰ এই মিছনৰ ক্ষমতাৰ বিষয়ত আস্থা প্ৰকাশ কৰিছে। অনুমোদনৰ পিছত এই সুবিধা অতি সোনকালে ব্যাপক ব্যৱহাৰৰ বাবে কাৰ্যক্ষম কৰি তোলা হ’ব।
ক্লাউডত এআই সেৱাৰ এম্পেনেলিং
ভাৰত চৰকাৰে ২০২৪ চনৰ মাৰ্চ মাহত ১০৩৭২ কোটি টকাৰ বাজেট ব্যয়ৰে ইণ্ডিয়াএআই অভিযানত অনুমোদন জনাইছিল।ইয়াৰ উদ্দেশ্য আছিল বৰ্তমানৰ এআই পৰিৱেশতন্ত্ৰৰ ব্যৱধান দূৰ কৰা আৰু এআই প্ৰযুক্তি তথা ইয়াৰ প্ৰয়োগৰ বিকাশৰ কেন্দ্ৰ হিচাপে ভাৰতৰ উত্থান বাস্তৱায়িত কৰি তোলা । ইণ্ডিয়াএআই মিছন ৭টা মূল স্তম্ভৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে আৰু ইয়াৰ ভিতৰত এটা মূল স্তম্ভ হৈছে এআই কম্পিউট আন্তঃগাঁথনিৰ বাবে ১০,০০০ জিপিইউৰ উপলব্ধতা সক্ষম কৰি তোলা। এই উদ্দেশ্যৰ দিশত ইণ্ডিয়াএআই স্বতন্ত্ৰ ব্যৱসায়িক বিভাগ (আই বি ডি)ৰ জৰিয়তে ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ২০২৪ চনৰ ১৬ আগষ্টত এআই সেৱাসমূহ ক্লাউডত এম্পেনেল কৰিবলৈ আৰু শিক্ষাবিদসকলক সেৱাসমূহ আগবঢ়াবলৈ অনুৰোধ জনাইছিল ৷ এম এছ এম ই, ষ্টাৰ্টআপ, গৱেষণাৰ সৈতে জৰিতসকল , চৰকাৰ, ৰাজহুৱা খণ্ডৰ সংস্থা আৰু অন্যান্য সংস্থাসমূহে ইণ্ডিয়াএআইৰ দ্বাৰা অনুমোদিত চিপিপি পৰ্টেলৰ দ্বাৰা উপকৃত হৈছে।
ক্লাউড সেৱা প্ৰদানকাৰী (চিএছপি), পৰিচালিত সেৱা প্ৰদানকাৰী (এমএছপি), আৰু ডাটা চেণ্টাৰ সেৱা প্ৰদানকাৰীকে ধৰি ১৯ জন নিবিদাকাৰীয়ে প্ৰস্তাৱ দাখিল কৰে। প্ৰাক অৰ্হতাৰ মাপকাঠী অনুসৰি প্ৰাৰম্ভিক পৰীক্ষণৰ অন্তত ১৩ জন নিবিদাকাৰীক কাৰিকৰী মূল্যায়ন সমিতিৰ সন্মুখত তেওঁলোকৰ প্ৰস্তাৱ উপস্থাপন কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়। কাৰিকৰী মূল্যায়ন অনুসৰি দহজন নিবিদাকাৰীক বিত্তীয় নিবিদা মুকলিৰ বাবে যোগ্য বুলি গণ্য কৰা হয়। ২০২৫ চনৰ ২২ জানুৱাৰীত কাৰিকৰীভাৱে অৰ্হতাসম্পন্ন ১০ গৰাকী নিবিদাকাৰীলৈ বিত্তীয় নিবিদা মুকলি কৰা হয়।
১.চি এম এছ কম্পিউটাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড
২.চিট্ৰলছ(Ctrls) ডাটাচেণ্টাৰছ লিমিটেড
৩.ই টু ই নেটৱৰ্কছ লিমিটেড
৪.জিঅ’ প্লেটফৰ্মছ লিমিটেড
৫.লোকুজ এণ্টাৰপ্ৰাইজ ছলিউচনছ লিমিটেড
৬.নেক্সটজেন ডাটাচেণ্টাৰ আৰু ক্লাউড টেকন'লজিছ প্ৰাইভেট লিমিটেড
৭.অৰিয়েণ্ট টেকন’লজিছ লিমিটেড
৮.টাটা কমিউনিকেচনছ লিমিটেড
৯.ভেনচিস্কো টেকন’লজিছ লিমিটেড
১০.যোটা ডাটা চাৰ্ভিচেছ প্ৰাইভেট লিমিটেড
এই নিবিদাকাৰীসকলে ইণ্টেল গৌডি ২, এএমডি এমআই৩০০এক্স, এমআই৩২৫ এক্স, এনভিডিয়া এইচ১০০ (পিচিআইই, এনভিএল আৰু এছএক্সএম), এনভিডিয়া এইচ২০০ (পিচিআইই, এনভিএল আৰু এছএক্সএম), এনভিডিয়া এ১০০, এনভিডিয়া, এল৪০এছ, এনভিডিয়া এল৪, এডব্লিউএছ ইনফেৰেন্সিয়া২ আৰু এডব্লিউএছ ট্ৰানিয়াম শাখাত নিবিদা দাখিল কৰিছিল । নিবিদাকাৰীসকলে এনভিডিয়া আৰু এএমডিৰ ৮টা জিপিইউ মডিউলো আগবঢ়াইছে।
এম্পেনেলমেণ্টৰ চৰ্ত অনুসৰি, কম্পিউট ইউনিটৰ এটা বিশেষ শ্ৰেণীৰ বাবে এল ১ হাৰ উদ্ধৃত কৰা নিবিদাকাৰীয়ে প্ৰথমে এম্পেনেলিং কৰিব আৰু কম্পিউট ইউনিটৰ সেই শ্ৰেণীৰ আন সকলো নিবিদাকাৰীয়ে এল ১ বিডৰ সৈতে সংগতি ৰাখিবলৈ সন্মত হ’লে এম্পেনেলমেণ্টৰ বাবে যোগ্য হ’ব। সৰ্বনিম্ন নিবিদাকাৰী, প্ৰতিটো এআই গণনা শ্ৰেণীত আগবঢ়োৱা এল ১ নিবিদাৰ মূল্য আৰু প্ৰদান কৰা শতাংশত ৰেহাই আদি বজাৰ মূল্যৰ তুলনাত ঘণ্টাৰ পিছত ঘণ্টা, মাহেকীয়া, ৬ মাহেকীয়া আৰু বছৰেকীয়া ভিত্তিত সূচী ক আৰু খৰ পৰিশিষ্ট ১ ত দিয়া ধৰণে আদায় দিয়া হ'ব৷
ষ্ট’ৰেজ আৰু নেটৱৰ্ক সেৱাৰ বাবে আগবঢ়োৱা এল ১ নিবিদাকাৰীৰ মূল্য টেবুল চি এণ্ড ডিত পৰিশিষ্ট ২ত দিয়া হৈছে। নিবিদাকাৰীসকলে তেওঁলোকৰ বজাৰ মূল্যৰ তুলনাত ৰেহাই মূল্যত এ আই প্লেটফৰ্ম আৰু অন্যান্য সেৱাও প্ৰদান কৰিবলৈ সন্মত হৈছে৷ ।
ইণ্ডিয়া এআই সুৰক্ষা প্ৰতিষ্ঠান স্থাপন
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এআইৰ প্ৰত্যহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ ইণ্ডিয়া এআই মিছনৰ সুৰক্ষিত আৰু বিশ্বাসযোগ্য স্তম্ভৰ অধীনত ইণ্ডিয়া এআই সুৰক্ষা প্ৰতিষ্ঠান স্থাপন কৰাৰ কথা ঘোষণা কৰে। ইণ্ডিয়াএআই ছেফটি ইনষ্টিটিউটে একাডেমী, ষ্টাৰ্টআপ, উদ্যোগ আৰু চৰকাৰী মন্ত্ৰালয়/বিভাগকে ধৰি সকলো প্ৰাসংগিক অংশীদাৰৰ সৈতে এআইৰ প্ৰসংগত সুৰক্ষা, সুৰক্ষা আৰু বিশ্বাস নিশ্চিত কৰাৰ দিশত কাম কৰিব। প্ৰতিষ্ঠানটোৱে ভাৰতীয় ডাটাছেটৰ ওপৰত ভিত্তি কৰি আৰু ভাৰতৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, আৰু ভাষিক বৈচিত্ৰ্যৰ সৈতে প্ৰসংগক্ৰমে থলুৱা ভিত্তিক গৱেষণা আৰু উন্নয়নক আগুৱাই নিব। ইণ্ডিয়াএআই মিছনে ইনকিউবেট কৰা এই প্ৰতিষ্ঠানটো বিভিন্ন গৱেষণা আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ সৈতে হাব আৰু স্প’ক মডেলত স্থাপন কৰা হ’ব, ব্যক্তিগত খণ্ডৰ অংশীদাৰসকলে এই পদক্ষেপত যোগদান কৰি ইণ্ডিয়াএআই মিছনৰ নিৰাপদ আৰু বিশ্বাসযোগ্য স্তম্ভৰ অধীনত প্ৰকল্প গ্ৰহণ কৰিব। নিৰাপদ আৰু বিশ্বাসযোগ্য স্তম্ভৰ অধীনত ইণ্ডিয়াএআই মিছনে প্ৰথমে আগ্ৰহ প্ৰকাশ কৰাৰ বিপৰীতে আঠটা দায়িত্বশীল এআই প্ৰকল্প নিৰ্বাচন কৰিছে। এই প্ৰকল্পসমূহ পৰিশিষ্ট ৩ ত তালিকাভুক্ত কৰা হৈছে।
ইয়াৰ উপৰি ইণ্ডিয়াএআইয়ে ভাৰতীয় একাডেমিক ইনষ্টিটিউট/সংগঠন, স্বায়ত্তশাসিত সংস্থা, আৰ এণ্ড ডি ইনষ্টিটিউট/সংগঠন, ষ্টাৰ্টআপ আৰু কোম্পানীসমূহৰ বাবে মুকলি আগ্ৰহ প্ৰকাশৰ দ্বিতীয় ৰাউণ্ড (ইঅ’আই) আৰম্ভ কৰিছে। দ্বিতীয় ৰাউণ্ডৰ অধীনত সামৰি লোৱা বিষয়সমূহৰ ভিতৰত আছে:
i ৱাটাৰমাৰ্কিং আৰু লেবেলিং
ii. নৈতিক এআই কাঠামো
iii. এআই ৰিস্ক এচেছমেণ্ট এণ্ড মেনেজমেণ্ট
iv. চাপ পৰীক্ষা সঁজুলি
v. ডিপ-ফেক ধৰা পেলোৱা সঁজুলি
এই পদক্ষেপৰ লক্ষ্য হৈছে ইয়াৰ কম খৰচী, দ্ৰুত কম্পিউটিং ক্ষমতা আৰু ইয়াৰ তৎকালীন ফলাফলৰ দ্বাৰা গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণক উপকৃত কৰা। ভাৰতীয় এআই মডেলে উদ্ভাৱনক প্ৰসাৰিত কৰাত সহায় কৰিব আৰু সামগ্ৰিকভাৱে জনসাধাৰণৰ বাবে প্ৰযুক্তিগত সুবিধাসমূহ লাভ কৰাৰ বাবে ইয়াৰ ঔদ্যোগিক ব্যৱহাৰকে ধৰি নাগৰিককেন্দ্ৰিক উন্নত শাসন সঁজুলি বিকশিত কৰাত সহায় কৰিব৷
ভাৰতৰ নিজা এআই মডেল: স্থানীয় প্ৰয়োজনীয়তাৰ বাবে নিৰ্মিত
যোৱা ডেৰ বছৰত ভাৰতে নিজৰ মৌলিক এআই মডেলক সমৰ্থন কৰিবলৈ এক শক্তিশালী এআই পৰিৱেশ তন্ত্ৰৰ কাঠামো বিকশিত কৰি আহিছে। এই আৰ্হিটোৱে ভাৰতীয় ভাষিক আৰু প্ৰসংগভিত্তিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ লগতে পক্ষপাতিত্বসমূহ দূৰ কৰিব, সৰ্বাংগীনতা নিশ্চিত কৰিব আৰু ন্যায় ভিত্তিক পৰিচালনাক প্ৰসাৰিত কৰিব। অগ্ৰণী ডেভেলপাৰ আৰু গৱেষকসকলে ৮ৰ পৰা ১০ মাহৰ ভিতৰত একাধিক মৌলিক আৰ্হি সম্পূৰ্ণ কৰাৰ দিশত কাম কৰি আছে৷ তেওঁলোকে এইক্ষেত্ৰত খৰচৰ দিশত বহনক্ষম আৰু সময়োপযোগী বিকাশ লাভ কৰিবলৈ এলগৰিথমিক দক্ষতাৰ সহায় লৈছে।
বিশেষজ্ঞসকলৰ মতে ভাৰতৰ এআই মডেলে দেশৰ বৈচিত্ৰ্যপূৰ্ণ প্ৰয়োজনীয়তা পূৰণ কৰিব, ভাৰতীয় ব্যৱহাৰকাৰীৰ বাবে নিৰ্মিত উচ্চ পৰ্যায়ৰ উদ্ভাৱন সক্ষম কৰি তুলিব৷
নাগৰিকৰ উপকাৰৰ বাবে এআইৰ ব্যৱহাৰ
ভাৰত এআই মিছনে কৃষি, স্বাস্থ্যসেৱা, বতৰৰ পূৰ্বাভাস আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দৰে জটিল খণ্ডত এআইৰ প্ৰয়োগ বিকশিত কৰাত গুৰুত্ব আৰোপ কৰিছে। সমাজৰ সুবিধাৰ বাবে এআইক ব্যৱহাৰ কৰিবলৈ এই ডমেইনসমূহত আঠাইশটা প্ৰয়োগৰ ক্ষেত্ৰ চিনাক্ত কৰা হৈছে। এই পদক্ষেপে জলবায়ু পৰিৱৰ্তন, শিক্ষণৰ ক্ষেত্ৰত অক্ষমতা আৰু কৃষি প্ৰযুক্তিৰ সমাধানৰ দৰে প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিব, যাৰ ফলত এআইয়ে লাখ লাখ লোকৰ কল্যাণ সাধনত অৰিহণা যোগোৱাটো নিশ্চিত কৰিব।
এআই উন্নয়নৰ বাবে সুলভ মূল্যৰ কম্পিউটৰ সুবিধা
ভাৰতৰ কম্পিউটৰ সুবিধা অতি প্ৰতিযোগিতামূলক গতিত আছে। প্ৰতি জিপিইউ ঘণ্টাৰ খৰচ প্ৰায় ১১৫.৮৫ টকা , যিটো প্ৰতি ঘণ্টাত বিশ্বব্যাপী থকা ডলাৰৰ হিচাবত ২,৫–৩ তকৈ যথেষ্ট কম। হাই-এণ্ড কম্পিউটিং প্ৰতি ঘণ্টাত ১৫০ টকাত উপলব্ধ হ’ব, ৪০% চৰকাৰী ৰাজসাহায্যৰ জৰিয়তে সাধাৰণ কম্পিউট প্ৰৱেশৰ বাবে খৰচ প্ৰতি ঘণ্টাত ১০০ টকাতকৈ কম হাৰত এয়া উপলব্ধ কৰিব পৰা যাব৷ এই ব্যয়সাধ্যতাই গণতান্ত্ৰিক এআইৰ প্ৰৱেশ নিশ্চিত কৰি ষ্টাৰ্টআপ আৰু গৱেষকসকলক শক্তিশালী কৰি তুলিব৷
এই পদক্ষেপে প্ৰতিযোগিতামূলক ছমাহ আৰু বাৰ্ষিক গণনা হাৰত পেকেজ আগবঢ়াইছে। এই সুবিধাই ডাভোছত স্বীকৃতিকে ধৰি আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা লাভ কৰিছে, যিয়ে বিশ্বাসযোগ্য বিশ্ব এআই হাব হিচাপে ভাৰতৰ স্থিতি শক্তিশালী কৰি তুলিছে।
ভাৰতৰ মৌলিক এআই মডেল নিৰ্মাণৰ বাবে প্ৰস্তাৱৰ আহ্বান
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতীয় ডাটাছেট ব্যৱহাৰ কৰি অত্যাধুনিক এআই মডেল তৈয়াৰ কৰাত সহযোগিতা কৰিবলৈ ষ্টাৰ্টআপ, গৱেষক, আৰু উদ্যোগীসকলক আমন্ত্ৰণ জনাই ইণ্ডিয়াএআই মিছনৰ অধীনত মূল এআই মডেলৰ বিকাশত সহায় কৰিবলৈ এটা কল ফৰ প্ৰপ’জেলছো আৰম্ভ কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে বিভিন্ন খণ্ডৰ ভাৰত-নিৰ্দিষ্ট প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ থলুৱা এআই আৰ্হি স্থাপন কৰা, যিবোৰ বৃহৎ বহুমুখী আৰ্হি, বৃহৎ ভাষা আৰ্হি (এল এল এম), বা ক্ষুদ্ৰ ভাষা আৰ্হি (এছ এল এম) হ’ব পাৰে। এই এআই মডেলসমূহক ভাৰতীয় ডাটাছেটসমূহৰ বিষয়ত প্ৰশিক্ষণ দিব লাগিব, ভাষিক, সাংস্কৃতিক, আৰু প্ৰসংগভিত্তিক প্ৰাসংগিকতা নিশ্চিত কৰিব লাগিব। উদ্দেশ্য হৈছে স্বাস্থ্যসেৱা, শিক্ষা, কৃষি, জলবায়ু, আৰু শাসনৰ দৰে খণ্ডসমূহৰ মাজত প্ৰভাৱশালী এআই সমাধান সৃষ্টি কৰা।
প্ৰস্তাৱসমূহৰ মূল্যায়ন কেইবাটাও মূল মাপকাঠীৰ ওপৰত ভিত্তি কৰি কৰা হ’ব, য’ত দলীয় সামৰ্থ্য, যিয়ে এআই/এমএলৰ বিশেষজ্ঞতা, পূৰ্বৰ অভিজ্ঞতা, আৰু উচ্চ প্ৰভাৱৰ প্ৰকল্পসমূহ সম্পন্ন কৰাৰ ক্ষমতাৰ মূল্যায়ন কৰে। উদ্ভাৱন, ডাটাছেট কৌশল, আৰ্হি স্থাপত্য, আৰু বহনক্ষমতা পৰিকল্পনাৰ বাবে পদ্ধতি আৰু কৌশল পৰ্যালোচনা কৰা হ’ব। সময়সীমা আৰু মাইলৰ খুঁটিসমূহে স্পষ্ট উপাদানৰ সৈতে বাস্তৱসন্মত উন্নয়নৰ সময়সূচী উপস্থাপন কৰিব লাগিব। ব্যৱহাৰৰ ক্ষেত্ৰখন সৃষ্টিশীলতা, সম্ভাৱনীয়তা আৰু সমাজত প্ৰভাৱ পেলাব পৰা প্ৰয়োগৰ দিশৰ পৰা বিচাৰ কৰি চোৱা হ'ব। এইক্ষেত্ৰত নৈতিক অনুসৰণৰ বাবে ডিপিডিপি আইন, আইটি আইন, আৰু পক্ষপাতিত্ব প্ৰশমন কৌশল মানি চলাৰ প্ৰয়োজন হ’ব। উদ্যোগৰ মাপকাঠী, দীৰ্ঘম্যাদী অভিযোজন ক্ষমতা আৰু বাণিজ্যিক জীৱনমুখীতাৰ ওপৰত ভিত্তি কৰি বহনক্ষমতাৰ দিশসমূহ পৰীক্ষা কৰা হ’ব। শেষত, বাজেটৰ ন্যায্যতা, পুঁজিৰ উৎস আৰু খৰচ-বহনক্ষমতাৰ ক্ষেত্ৰত বিত্তীয় দিশৰ মূল্যায়ন কৰা হ’ব।
পুঁজি আৰু সমৰ্থন ব্যৱস্থাসমূহৰ ভিতৰত প্ৰত্যক্ষ পুঁজি, যিয়ে মাইলৰ খুঁটি ভিত্তিক বিতৰণৰ সৈতে অনুদান আৰু এআই গণনা ক্ৰেডিট প্ৰদান কৰে৷ লগতে ইকুইটি ভিত্তিক বিনিয়োগ, য'ত পাৰস্পৰিক চুক্তিৰ জৰিয়তে অতিৰিক্ত পুঁজি প্ৰদান কৰা হয়। ইয়াত সহ-বিত্তীয় বিকল্পও আছে, যাৰ ফলত সংস্থাসমূহে ভেঞ্চাৰ কেপিটেলিষ্ট, এঞ্জেল বিনিয়োগকাৰী, অলাভজনক সংস্থা বা ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ অনুদানৰ দ্বাৰা অতিৰিক্ত ধন লাভ কৰিব পাৰে। প্ৰস্তাৱসমূহ জমা দিয়াৰ সময়ৰ ভিত্তিত গ্ৰহণ কৰা হ’ব আৰু প্ৰথমে অহাজনৰ কথা প্ৰথমে বিবেচনা কৰাৰ পদ্ধতিৰে মূল্যায়ন কৰা হ’ব।
ভৱিষ্যতৰ ৰোডমেপ আৰু বহনক্ষমতা
ইণ্ডিয়া এ আই মিছন দীৰ্ঘম্যাদী বহনক্ষমতাৰ সৈতে চাৰি বছৰীয়া দফাৰ অধীনত কাম কৰিব। ভাৰতে অৰ্ধপৰিবাহী যাত্ৰাত আগবাঢ়ি যোৱাৰ লগে লগে চৰকাৰে স্পষ্টতা আৰু পদ্ধতিগত পৰিকল্পনাৰে নিজৰ পৰিৱেশতন্ত্ৰৰ কৌশলগত বিকাশ সাধন কৰি আছে। অৰ্ধপৰিবাহী অভিযানত ৩০ বিলিয়ন ডলাৰতকৈ অধিক বিনিয়োগৰ সৈতে ভাৰতে এআই আকাংক্ষা পূৰণ কৰিবলৈ বহল প্ৰযুক্তিগত দৃষ্টিভংগী গ্ৰহণ কৰিছে৷
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ডিপচিক আৰু অন্যান্য কাঠামোগত আৰ্হিসমূহ ভাৰতীয় চাৰ্ভাৰত সংযোগ কৰা হ'ব, , যিটো পূৰ্বৰ এলএলএ এমএ (LLaMA) ৰ পদক্ষেপৰ দৰেই হ'ব । তেওঁ লগতে কয়, এআইৰ প্ৰকৃত প্ৰভাৱ চেটবট আৰু ইমেজ জেনেৰেচনৰ বাহিৰেও ই ঔদ্যোগিক প্ৰয়োগত নিহিত হৈ আছে; ই বাস্তৱ জগতৰ প্ৰত্যাহ্বানসমূহ সামৰি ল'ব যেনে-
তেল খনন ৰিগৰ অৱস্থা
সুসংহত ৰে'লৱে টিকটিং
কৃষিৰ বাবে মাটিৰ স্বাস্থ্য নিৰীক্ষণ
বতৰ আৰু ঘূৰ্ণীবতাহৰ ভৱিষ্যদ্বাণী
এই মিছনে বাস্তৱ সময়ৰ সঁজুলিৰ প্ৰয়োগেৰে ডিপ-ফেক ৱপ্ৰশমন আৰু শক্তিশালী এআই বিপদ ব্যৱস্থাপনা কৌশলক অধিক শক্তিশালী কৰি তুলিব৷ এনে পদক্ষেপৰ জৰিয়তে এআই সুৰক্ষাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হ'ব। ষ্টেনফৰ্ডে ভাৰতক এআই শিক্ষাৰ ক্ষেত্ৰত শীৰ্ষ ৰাষ্ট্ৰৰ ভিতৰত স্থান দিছে৷ ভাৰতৰ ২৪০খন বিশ্ববিদ্যালয় এআই পাঠ্যক্ৰম আৰু ১০০খন বিশ্ববিদ্যালয়ত ৫জি লেবৰে সজ্জিত।
গণতান্ত্ৰিক, সৰ্বাংগীনতা, ব্যয়সাধ্যতা, আৰু উদ্ভাৱনৰ বিষয়ত গুৰুত্ব আৰোপ কৰি ভাৰতে সমাজ আৰু ঔদ্যোগিক বিকাশৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ ভৱিষ্যত গঢ় দি বিশ্বব্যাপী এআই শক্তিশালী দেশ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে।
ইলেক্ট্ৰ'নিকছ আৰু তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী জিতিন প্ৰসাদ, মেইটৱাইৰ অতিৰিক্ত সচিব আৰু ইণ্ডিয়াএআইৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত অভিষেক সিং ডাঙৰীয়াই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। কবিতা ভাটিয়া, চি অ’ অ’, ইণ্ডিয়াএআই, শ্ৰী নন্দ কুমাৰুম, পি এণ্ড চি ই অ’, নেজিডি এণ্ড চিইঅ’, ডিআইচি আৰু মেইটৱাইৰ জ্যেষ্ঠ বিষয়াসকলো অনুষ্ঠানত উপস্থিত থাকে৷ ।
(Release ID: 2097814)
Visitor Counter : 6