প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইউৰোপীয় পৰিষদৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে সভাপতি কোষ্টাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

দুয়োগৰাকী নেতাই ভাৰত-ইউৰোপীয় সংঘৰ কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰে

পাৰস্পৰিকভাৱে লাভজনক ভাৰত- ইউৰোপীয় সংঘৰ এফটিএ আগতীয়াকৈ সমাপ্ত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত

Posted On: 07 JAN 2025 8:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী আজি নৰেন্দ্ৰ মোদীয়ে ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ’ কোষ্টাক সাক্ষাৎ কৰে।

সভাপতি কোষ্টাক ইউৰোপীয় পৰিষদৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জনায়।

বিগত দশকত ভাৰত-ইউৰোপীয় সংঘৰ কৌশলগত অংশীদাৰিত্বত হোৱা গুৰুত্বপূৰ্ণ অগ্ৰগতি লক্ষ্য কৰি দুয়োগৰাকী নেতাই বাণিজ্য, প্ৰযুক্তি, বিনিয়োগ, সেউজ শক্তি আৰু ডিজিটেল স্থানকে ধৰি সম্পৰ্কক অধিক শক্তিশালী কৰাৰ দিশত ঘনিষ্ঠভাৱে কাম কৰিবলৈ সন্মত হয়।

তেওঁলোকে পাৰস্পৰিকভাৱে লাভজনক ভাৰত-ইউৰোপীয় সংঘৰ এফটিএ আগতীয়াকৈ সমাপ্ত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।

পাৰস্পৰিক সুবিধাজনক সময়ত ভাৰতত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী ভাৰত-ইউৰোপীয় সংঘৰ সন্মিলনৰ বাবে নেতাসকলে আগ্ৰহী বুলি কয়।

তেওঁলোকে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বৈশ্বিক উন্নয়নৰ সন্দৰ্ভত মত বিনিময় কৰে। নেতাসকলে ভৱিষ্যতে যোগাযোগ অব্যাহত ৰাখিব বুলি কয়।

***

MJPS/ST/DB


(Release ID: 2097019) Visitor Counter : 29