প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশিষ্ট হৃদ শল্য চিকিৎসক ডাঃ কে এম চেৰিয়ানৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
26 JAN 2025 3:41PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰখ্যাত হৃদ শল্য চিকিৎসক ডাঃ কে এম চেৰিয়ানৰ মৃত্যুত শোক প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এক্স হেণ্ডেলত এটা পোষ্টত উল্লেখ কৰা হৈছে যে:
“আমাৰ দেশৰ অন্যতম বিশিষ্ট চিকিৎসক ডাঃ কে এম চেৰিয়ানৰ মৃত্যুত মৰ্মাহত হৈছো। হৃদ ৰোগ ক্ষেত্ৰখনত তেওঁৰ অৱদান সদায় কীৰ্তিচিহ্নস্বৰূপ হৈ ৰ’ব, বহুতৰে জীৱন ৰক্ষা কৰাই নহয়, ভৱিষ্যতৰ চিকিৎসক সমাজকো তেখেতৰ কীৰ্তিৰাজিয়ে প্ৰেৰণা দি যাব। প্ৰযুক্তি আৰু উদ্ভাৱনৰ ওপৰত তেওঁৰ গুৰুত্ব সদায় শিৰোন্নত হৈ থাকিব। এই শোকাকুল সময়ত তেওঁৰ পৰিয়াল, আত্মীয় স্বজনৰ দূখৰ সমভাগী হৈছোঁ: প্ৰধানমন্ত্ৰী @narendramodi”
***
MJPS/SR
(ৰিলিজ আই ডি : 2096995)
অতিথি কক্ষ : 47
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam