পোষ্ট কৰা হৈছে:
27 JAN 2025 6:48PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে প্ৰয়াগৰাজত চলি থকা মহাকুম্ভৰ ত্ৰিবেণী সংগমত আজি পবিত্ৰ স্নান কৰে।
এক্সত লিখা এটা পোষ্টত শ্ৰী অমিত শ্বাহে প্ৰকাশ কৰে যে সামাজিক সম্প্ৰীতি আৰু সদিচ্ছাৰ প্ৰতীক ‘মহাকুম্ভ’ত শ্ৰদ্ধাৰ সন্তসকলৰ সান্নিধ্যত পবিত্ৰ ত্ৰিবেণী সংগমত স্নান কৰি তেওঁ আৱেগত আপ্লুত হৈছিল। সকলোৰে মংগলৰ বাবে আশীৰ্বাদ বিচাৰি মা গংগা, মা যমুনা, আৰু মা সৰস্বতীক তেওঁ প্ৰাৰ্থনাও কৰে।
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে মহাকুম্ভই দেশবাসীৰ মাজত সনাতন পৰম্পৰাৰ প্ৰতি অধিক ঐক্য আৰু গৌৰৱবোধ গঢ়ি তুলিছে। ত্ৰিবেণী সংগমস্থলীত সপৰিয়ালে পূজা কৰি দেশবাসীৰ সমৃদ্ধি আৰু প্ৰগতিৰ বাবে প্ৰাৰ্থনা জনায়।
শ্ৰী অমিত শ্বাহে মন্তব্য কৰে যে ‘মহাকুম্ভ’ সনাতন সংস্কৃতিৰ নিৰৱচ্ছিন্ন প্ৰবাহৰ এক অনন্য প্ৰতীক। তেওঁ লগতে কয় যে মহাকুম্ভত সমন্বয়ত শিপাই থকা সনাতন জীৱন দৰ্শন সন্নিৱিষ্ট কৰা হৈছে। তেওঁ আৰু কয় যে সনাতন ধৰ্মৰ ভৱিষ্যৎ সমাৱেশ মহাকুম্ভই বিশ্ববাসীক সমতা আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰে। ই কেৱল তীৰ্থযাত্ৰা নহয়, দেশৰ বৈচিত্ৰময় পৰম্পৰা, বিশ্বাস, জ্ঞানৰ অভিসৰণ।
***
Raj Kumar / Vivek / Priyabhanshu / Pankaj