তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰই মহাকাশৰ পৰা মহাকুম্ভ ২০২৫ৰ দৰ্শনীয় দৃশ্য গ্ৰহণ কৰিছে

Posted On: 27 JAN 2025 5:46PM by PIB Guwahati

বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় আৰু মানৱীয় সমাৱেশ মহাকুম্ভ ২০২৫-ক কেৱল ভূমিৰ পৰাই নহয় মহাকাশৰ পৰাও দৃশ্য গ্ৰহণ কৰা হৈছে। দেওবাৰে নিশা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰই (আইএছএছ) মহাকুম্ভৰ মনোমোহা দৃশ্য গ্ৰহণ কৰে। এই ছবিসমূহে অনুষ্ঠানটোৰ মন্ত্ৰমুগ্ধকৰ দৃশ্য প্ৰদৰ্শন কৰিছে, য’ত গংগা নদীৰ পাৰত বিশ্বৰ সৰ্ববৃহৎ মানৱীয় সমাৱেশ পোহৰেৰে উজ্জ্বলভাৱে জিলিকি থকা দেখা পোৱা গৈছে। মহাকাশচাৰী ডন পেটিটে আইএছএছৰ পৰা তোলা এই ছবিসমূহ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত শ্বেয়াৰ কৰে।

 

দৃশ্যসমূহত মহাকুম্ভ মেলাৰ পোহৰৰ ব্য়াপকতা আৰু বিপুল মানুহৰ ভিৰে, গংগা নদীৰ পাৰক এক অনন্য দৃশ্যলৈ ৰূপান্তৰিত কৰা দেখা গৈছে। এই মহাকাশৰ পৰা গ্ৰহণ কৰা দৃশ্যসমূহে পৃথিৱীৰ এই ধৰ্মীয় পৰিঘটনাৰ পৰিসৰক উজলাই তুলিছে।

 

মহাকুম্ভ বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান, য’ত লাখ লাখ ভক্তই গংগা নদীত ডুব গৈ আধ্যাত্মিক শান্তি লাভ কৰে। এতিয়ালৈকে ১৩ কোটিৰো অধিক ভক্তই সংগমস্থলীত স্নান কৰি এই আনন্দময় আৰু ধৰ্মীয় মুহূৰ্তটো অনুভৱ কৰিছে। ইয়াৰ পৰা প্ৰকাশ পোৱা ছবিবোৰে সমগ্ৰ বিশ্বকে আচৰিত কৰি তুলিছে। মহাকাশৰ পৰা লোৱা এই দৃশ্যবোৰে মহাকুম্ভৰ প্ৰতি বিশ্বৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰাটো নিশ্চিত। ডন পেটিটে ছবিসমূহ শ্বেয়াৰ কৰাৰ সময়ত লিখিছে যে ২০২৫ চনৰ মহাকুম্ভ মেলাৰ অবিশ্বাস্য দৃশ্য আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আইএছএছ)ৰ পৰা গ্ৰহণ কৰা হৈছিল। গংগা নদীৰ পাৰত বিশ্বৰ আটাইতকৈ ডাঙৰ মানৱ সংমণ্ডল জিলিকি আছিল।

ডোনাল্ড ৰয় পেটিট

আমেৰিকাৰ মহাকাশচাৰী আৰু ৰাসায়নিক অভিযন্তা ড’নাল্ড ৰয় পেটিট, মহাকাশত জ্যোতিৰ্ফটোগ্ৰাফী আৰু উদ্ভাৱনৰ কামৰ বাবে পৰিচিত। পেটিট মহাকাশত নিৰ্মিত প্ৰথম পেটেণ্টযুক্ত বস্তু ‘জিৰ’-জি কাপ’ৰো উদ্ভাৱক। ৬৯ বছৰ বয়সত তেওঁ নাছাৰ আটাইতকৈ বয়সীয়াল সক্ৰিয় মহাকাশচাৰী।

 

 

******

AD/VM/AA


(Release ID: 2096864) Visitor Counter : 21