সাংস্কৃতিক মন্ত্ৰালয়
কোটি কোটি ভক্তৰ সমাৱেশ, এক পবিত্ৰ উদ্দেশ্যৰ অনুৰণন
মহা কুম্ভৰ অভিজ্ঞতা
Posted On:
23 JAN 2025 9:19PM by PIB Guwahati
পাতনি
প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ উৎসৱ ভাৰতৰ ভৱিষ্যৎ আৰু আধ্যাত্মিক সজীৱতাৰ প্ৰমাণ হিচাপে থিয় দিছে। এইবাৰ ২০২৫ চনৰ ২৩ জানুৱাৰীলৈকে মহাকুম্ভ উৎসৱে ১০ কোটিতকৈ অধিক ভক্ত আৰু দৰ্শনাৰ্থী প্ৰয়াগৰাজলৈ আকৰ্ষণ কৰিছে ।কেৱল মকৰ সংক্ৰান্তিৰ উৎসৱ (১৪ জানুৱাৰী ২০২৫)ত, এদিনতে ৩.৫ কোটি ভক্তই পবিত্ৰ ত্ৰিৱেণী সংগমত পূণ্য স্নান কৰিছে । ২০২৫ চনৰ মহা কুম্ভ মেলাত মুঠ ৪৫ কোটি ভক্তৰ সমাগম ঘটিব বুলি আশা কৰা হৈছে। ভাৰতৰ লগতে ফিনলেণ্ড, গায়ানা, মালয়েছিয়া , মৰিচাছ, ছিংগাপুৰ, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, ট্ৰিনিদাদ , ট’বাগো, ইউ এ ইৰ পৰা অহা ভক্তসলেও মহা কুম্ভৰ ঐতিহ্য আৰু আধ্যাত্মিক তাৎপৰ্য অনুভৱ কৰিবলৈ সক্ষম হৈছে।
এই বিশাল সংখ্যক তীৰ্থযাত্ৰীক আদৰিবলৈ আৰু তেোঁলোকক সুন্দৰভাবে পৰিচালনা কৰিবলৈ ৰাজ্য চৰকাৰে সকলো ব্যৱস্থা নিখুঁতভাবে কৰিছে। অত্যাধুনিক প্ৰযুক্তি, উন্নত আন্তঃগাঁথনি আৰু বহনক্ষম পৰিকল্পনাৰ সৈতে এক অভূতপূৰ্ব প্ৰস্তুতিৰে ভক্তসকলক আদৰা হৈছে। এইবাৰৰ মহা কুম্ভৰ ইভেণ্ট মেনেজমেণ্টে বিশ্বব্যাপী এই মেলাক সাংস্কৃতিক বিনিময়ৰ ক্ষেত্ৰত পৰিণত কৰিছে। পবিত্ৰ শ্বাহী স্নানৰ পৰা আৰম্ভ কৰি অনন্য আখাৰা শোভাযাত্ৰালৈকে, ডিজিটেল প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি বৃহৎ পৰিসৰৰ বহনক্ষমতাৰ পদক্ষেপলৈকে, মহা কুম্ভ ২০২৫-এ অতীত আৰু ভৱিষ্যতৰ এক সুসম সংযোজন ঘটাইছে।
মহা কুম্ভৰ প্ৰধান আকৰ্ষণ
প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা মহা কুম্ভ মেলা ২০২৫ত বিশ্বাস, সংস্কৃতি, আৰু উদ্ভাৱনৰ এক সজীৱ মহোৎসৱত পৰিণত হৈছে। এই মেলাৰ আকৰ্ষণৰ এক কেন্দ্ৰবিন্দু হৈছে "তেজাছ পেণ্ডেল "। এই পেণ্ডেৱ এইচ এ এল তেজাছ যুঁজাৰু জেটৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ উচ্চতা ৮৫ ফুট । আধ্যাত্মিক আৰু যুদ্ধ পৰম্পৰাৰ ৰক্ষক হিচাপে গণ্য কৰা আখাৰাসমূহৰ জৰিয়তে ভাৰতৰ চহকী ঐতিহ্যকো কুম্ভ মেলাত প্ৰতিফলিত কৰা হৈছে। এই অনুষ্ঠানত "এক জিলা, এক সামগ্ৰী" প্ৰদৰ্শনীৰ জৰিয়তে শিল্পীসকলক নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ এক মঞ্চ প্ৰদান কৰিছে। ইয়াৰ লগতে কলাগ্ৰামত ভাৰতীয় শিল্পকলা, খাদ্য, আৰু সংস্কৃতিৰ এক জীৱন্ত সংগ্ৰহালয় স্থাপন কৰা হৈছে।
"প্ৰয়াগ মহাত্ম্যম" আৰু "সমুদ্ৰ মন্থন"ৰ প্ৰাচীন কাহিনীক চিত্ৰিত কৰি দৰ্শকৰ হৃদয় আকৰ্ষণ কৰিব পৰা গৈছে। ইয়াৰ লগতে আছে এক মন্ত্ৰমুগ্ধকৰ ড্ৰোন শ্ব'। তদুপৰি শংকৰ মহাদেৱন, মোহিত চৌহান, কৈলাশ খেৰ আৰু বহু বিখ্যাত শিল্পীয়ে কুম্ভমেলাত মনোমোহা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিছে। ২০২৫ চনৰ ২৪ ফেব্ৰুৱাৰীলৈকে এনেবোৰ অনুষ্ঠানে ভক্তসকলক আধ্যাত্মিকভাৱে সমৃদ্ধিশালী পৰিৱেশত সময় পাৰ কৰাৰ সুযোগ প্ৰদান কৰিব।
স্নানৰ মুখ্য তাৰিখ আৰু ইয়াৰ তাৎপৰ্য্য
মহা কুম্ভৰ অন্তৰ্নিহিত অৰ্থ ইয়াৰ পবিত্ৰ স্নান ৰীতি (শ্বাহী স্নান)ত নিহিত হৈ আছে। মহা কুম্ভ ২০২৫ত আগন্তুক শ্বাহী স্নানসমূহৰ দিন তথা স্থানসমূহ হ’ল এনেধৰণৰ -
তাৰিখ স্নানৰ কাৰণ তাৎপৰ্য্য
২৯ জানুৱাৰী, ২০২৫
মৌনি অমাৱস্যা
(দ্বিতীয় শ্বাহী স্নান)
মৌনি অমাৱস্যা এটি অতি তাৎপৰ্য্যৰে স্নানৰ দিন। কিয়নো এই দিনটোত পবিত্ৰ নদীত স্নান কৰিলে পূণ্য অৰ্জন হয় বুলি বিশ্বাস কৰা হয়। প্ৰথম ঋষি হিচাবে পৰিচিত পূজনীয় ঋষভ দেৱে দীৰ্ঘদিনীয়া মৌন ব্ৰত ভংগ কৰি সংগমৰ পবিত্ৰ জলত নিজকে বিলীন কৰাৰ এক গভীৰ পৰিঘটনাৰ স্মৃতিত এই স্নান কৰা হয়। ফলত মৌনি অমাৱস্যাৰ স্নানৰ বাবে কুম্ভমেলালৈ বৃহৎ সংখ্যক তীৰ্থযাত্ৰীক আকৰ্ষণ কৰিছে। এই দিনটোক ভক্তি আৰু শুদ্ধিৰ এক গুৰুত্বপূৰ্ণ দিন হিচাবে বিবেচনা কৰা হয়।
৩ ফেব্ৰুৱাৰী, ২০২৫
বসন্ত পঞ্চমী
(তৃতীয় শ্বাহী স্নান)
বসন্ত পঞ্চমী হৈছে ঋতুৰ পৰিৱৰ্তনৰ প্ৰতীক আৰু হিন্দু পৌৰাণিক কাহিনীত জ্ঞানৰ দেৱী সৰস্বতীৰ আগমনক ই প্ৰতিনিধিত্ব কৰে।
১২ ফেব্ৰুৱাৰী, ২০২৫
মাঘী পূৰ্ণিমা
মাঘী পূৰ্ণিমা গুৰু বৃহস্পতিৰ সৈতে সম্পৰ্কিত আৰু এই দিনটোত হিন্দু দেৱতা গন্ধৰ্বই স্বৰ্গৰ পৰা পবিত্ৰ সংগমলৈ নামি আহে বুলি বিশ্বাসৰ কৰা হয়।
২৬ ফেব্ৰুৱাৰী, ২০২৫
মহা শিৱৰাত্ৰী
মহা শিৱৰাত্ৰীয়ে কল্পবাসীৰ চূড়ান্ত পবিত্ৰ স্নানৰ দিনটোক চিহ্নিত কৰে। এই দিনটো ভগৱান শংকৰৰ সৈতে জড়িত হৈ আছে। এই দিনটোত সংগমত স্নান কৰিলে পূণ্য হয় বুলি বিশ্বাস কৰা হয়।
মহা কুম্ভ ২০২৫ৰ আন্তঃগাঁথনি আৰু বিভিন্ন ব্যৱস্থা
প্ৰয়াগৰাজৰ মহাকুম্ভত চৰকাৰী সংস্থাসমূহে ভক্তসকলক বিশ্বমানৰ সুবিধা প্ৰদানৰ বাবে সহযোগিতা কৰিছে, য’ত অন্তৰ্ভুক্ত হৈছে:
নিৰাপত্তা আৰু ভিৰ নিয়ন্ত্ৰণ ব্যৱস্থাপনা: উন্নত চোৰাংচোৱাগিৰি, ড্ৰোনৰ জৰিয়তে নিৰীক্ষণ আৰু সুসমন্বিত আইন প্ৰয়োগকাৰী সংস্থাৰ উপস্থিতিত নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰা হৈছে, ৫০,০০০ৰো অধিক আৰক্ষী (পেৰা মিলিটাৰীকে ধৰি), ১৪,০০০ হোমগাৰ্ড, আৰু ২,৭৫০ এআই ভিত্তিক চিচিটিভি কেমেৰা ইয়াত স্থাপন কৰা হৈছে। সুৰক্ষা আৰু দুৰ্যোগ প্ৰতিৰোধৰ প্ৰস্তুতিৰ বাবে এখন অত্যাধুনিক মাল্টি ডিজাষ্টাৰ ৰেচপন্স বাহনো ইয়াত ৰখা হৈছে।
ৰাজহুৱা আন্তঃগাঁথনিঃ মূল প্ৰকল্পসমূহৰ ভিতৰত আছে ১৪টা নতুন উৰণীয়া সেতু, ৯টা স্থায়ী ঘাট, ৭টা নতুন বাছ আস্থান আৰু ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ অস্থায়ী ঘাট। ২০০ৰো অধিক পথ নতুনকৈ নিৰ্মাণ বা উন্নীত কৰা হৈছে।
নেভিগেচন: দৰ্শকক পথ প্ৰদৰ্শন কৰিবলৈ প্ৰায় ৮০০টা বহুভাষিক চিহ্ন স্থাপন কৰা হৈছে।
স্বাস্থ্য আৰু অনাময়: স্বাস্থ্য সেৱা আগবঢ়াবলৈ ৬,০০০ খন বিচনা, ৪৩খন চিকিৎসালয়ৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ উপৰি অনুষ্ঠানৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ ১০,২০০ অনাময় কৰ্মী আৰু ১,৮০০ গংগা সেৱাদুত নিয়োগ কৰা হৈছে।
থকাৰ ব্যৱস্থাঃ মহা কুম্ভ নগৰক অস্থায়ী চহৰলৈ ৰূপান্তৰিত কৰা হৈছে। য’ত ছুপাৰ ডিলাক্স সুবিধাৰ থকাৰ ব্যৱস্থাকে ধৰি হাজাৰ হাজাৰ তম্বু আৰু আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে।
আকাশবাণীৰ কুম্ভাৱনীঃ ভক্ত আৰু তীৰ্থযাত্ৰীসকলক অৱগত কৰি ৰখাৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে মহা কুম্ভ নগৰত আকাশবাণীৰ কুম্ভাৱনী নিউজ বুলেটিন পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হৈছে।
নতুন ইলেক্ট্ৰিক বাছ: ইয়াত পূৰ্বে ১০-১৫খন ইলেক্ট্ৰিক বাছ নিয়োগ কৰা হয়; মৌনি অমাৱস্যাৰ পূৰ্বে আৰু ৩০ খন (২৯ জানুৱাৰী, ২০২৫) বাছ চলোৱা হ'ব। । প্ৰতিখন বাছ ১২ মিটাৰ দৈৰ্ঘ্যj আৰু এবাৰ চাৰ্জ দিলে ২০০ কিলোমিটাৰতকৈও অধিক যাত্ৰা কৰিব পাৰে।
ডাবল ডেকাৰ বাছঃ ২০খন ডাবল ডেকাৰ বাছ আৰু ৯ মিটাৰ আৰু ১২ মিটাৰ দৈৰ্ঘ্যৰ ১০০খন বাছকে ধৰি মুঠ ১২০খন ইলেক্ট্ৰিক বাছ চলোৱাৰ সম্ভাৱনা আছে।
সম্প্ৰসাৰিত ৰে’ল সেৱাঃ কুম্ভ মেলাৰ পৰিপ্ৰেক্ষিতত এতিয়া ৰে’লৱেই ১৫ দিন আগতীয়াকৈ ৰে’লৱে টিকট বুকিং কৰাৰ সুবিধা প্ৰৱৰ্তন কৰিছে ৷ ভাৰতীয় ৰে’লৱেই টোল ফ্ৰী হেল্পলাইন, ৱেবছাইট আৰু পৰিবহণ সম্পৰ্কীয় তথ্যৰ বাবে মহা কুম্ভ মেলা এপ মুকলি কৰিছে।
মহা কুম্ভ ২০২৫ত খাদ্যৰ উপলব্ধতা আৰু সুৰক্ষা নিশ্চিতকৰণ
প্ৰায় ২০ হাজাৰ লোকে, দৈনিক, মহা কুম্ভ মেলাত বিনামূলীয়াকৈ আহাৰ গ্ৰহণ কৰি আছে। মহাকুম্ভত ভক্তৰ সুবিধাৰ্থে ২৫ হাজাৰ নতুন ৰেচন কাৰ্ড মুকলি কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে। এইবাৰ মহা কুম্ভত ভক্তসকলৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। ৩৫ হাজাৰৰো অধিক গেছ চিলিণ্ডাৰত গেছ পুনৰ ভৰোৱাৰ লগতে ৩৫০০ নতুন সংযোগো স্থাপন কৰা হৈছে। প্ৰতিদিনে ৫০০০ গেছ চিলিণ্ডাৰ পুনৰ ভৰোৱাৰ কাম মহাকুম্ভত কৰা হৈছে৷ এনেদৰে আখাৰা আৰু ভক্তৰ বাবে খাদ্য সামগ্ৰী যোগান ধৰা হৈছে।
উত্তৰ প্ৰদেশ চৰকাৰে পাঁচটা মণ্ডল আৰু ২৫টা খণ্ডত খাদ্য সুৰক্ষাৰ কঠোৰ ব্যৱস্থাও ৰূপায়ণ কৰিছে। খাদ্য সুৰক্ষা বিষয়াসকলে হোটেল, ধাবা, আৰু ষ্টলত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশসমূহ নিৰীক্ষণ কৰিছে, আনহাতে ভ্ৰাম্যমাণ "চকাৰ ওপৰত খাদ্য সুৰক্ষা" শীৰ্ষক পৰীক্ষাগাৰসমূহে খাদ্য ঠাইতে পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে৷
উপসংহাৰ
মহা কুম্ভ ২০২৫-এ অংশগ্ৰহণ, আন্তঃগাঁথনি আৰু বিশ্বব্যাপী মনোযোগৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়িছে। ১০ কোটি দৰ্শনাৰ্থীৰ সৈতে এই অনুষ্ঠানটোৱে কেৱল ধৰ্মীয় তাৎপৰ্য্যক দৃঢ় কৰাই নহয়, অতুলনীয় পৰিকল্পনা আৰু পৰিকল্পিত ৰূপত এটা বিশাল অনুষ্ঠান আয়োজন কৰাৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থ্যৰ কথাও প্ৰতিফলিত কৰিছে৷ মহাকুম্ভৰ পবিত্ৰ পানীয়ে লাখ লাখ লোকক আকৰ্ষণ কৰি থকাৰ সময়তে মহা কুম্ভ বিশ্বাস, ঐক্য আৰু সাংস্কৃতিক ভৱিষ্যতৰ এক উজ্জ্বল পোহৰ হিচাবে ধৰা দিছে৷
মহা কুম্ভ ২০২৫ সম্পৰ্কে অধিক তথ্য জানিবলৈ অনুগ্ৰহ কৰি চাওক:
(Release ID: 2095703)
Visitor Counter : 21