জল শক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

মহাকুম্ভ, ২০২৫: নমামি গংগা পেভিলিয়ন গংগা সংৰক্ষণ আৰু সজাগতাৰ কেন্দ্ৰ হিচাপে পৰিগণিত

ডিজিটেল প্ৰদৰ্শনীৰ জৰিয়তে গংগাৰ স্বচ্ছতা আৰু সংৰক্ষণৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ অভিজ্ঞতা লাভ দৰ্শনাৰ্থীৰ

Posted On: 23 JAN 2025 11:03AM by PIB Guwahati

প্ৰয়াগৰাজত নমামি গংগা অভিযানে স্থাপন কৰা নমামি গংগা পেভিলিয়নে প্ৰতিদিনে মহাকুম্ভ-২০২৫লৈ অহা যথেষ্ট সংখ্যক দৰ্শনাৰ্থীক আকৰ্ষিত কৰে। এই পেভিলিয়নটো গংগা নদীৰ স্বচ্ছতা আৰু সংৰক্ষণৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজি সম্পৰ্কে সজাগতা সৃষ্টিৰ এক অভিনৱ মাধ্যমত পৰিণত হৈছে। পেভিলিয়নটোৰ সন্মুখতে স্থাপন কৰা এটা আকৰ্ষণীয় জৈৱ-বৈচিত্ৰ্য টানেলেৰে পাৰ হৈ দৰ্শনাৰ্থীসকলে গংগাৰ জৈৱ-বৈচিত্ৰ্য আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ অভিজ্ঞতা লাভ কৰিছে। আধুনিক প্ৰজেকচন প্ৰযুক্তিৰে সজ্জিত এই সুৰংগটোত গংগাৰ পাৰৰ চৰাই-চিৰিকটিক প্ৰদৰ্শন কৰা হৈছে আৰু আয়ুস-ৰেখা হিচাপে গংগাৰ গুৰুত্বত আলোকপাত কৰা হৈছে।

 

মূল আকৰ্ষণঃ ডিজিটেল প্ৰদৰ্শনী

পেভিলিয়নটোৰ মূল আকৰ্ষণ হৈছে ডিজিটেল প্ৰদৰ্শনীখন। ইয়াত গংগাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সংৰক্ষণৰ বাবে গ্ৰহণ কৰা ভিন্ন প্ৰচেষ্টাক আকৰ্ষণীয়ভাৱে উপস্থাপন কৰা হৈছে। ইয়াৰ আন এটা উল্লেখযোগ্য দিশ হ’ল প্ৰয়াগ প্লেটফৰ্ম। ইয়াত গংগা-যমুনা নদী আৰু ইয়াৰ উপনৈসমূহৰ বাস্তৱ সময়ৰ তথ্য প্ৰদৰ্শন কৰা হয়। এই মঞ্চই জল স্তৰ, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু প্ৰদূষণ সম্পৰ্কীয় পৰিসংখ্যা দাঙি ধৰিছে।

 

গংগাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰাজিত আলোকপাত

এই পেভিলিয়নত গংগাৰ পাৰৰ উন্নয়ন সাধন আৰু পৰিশোধন প্ৰকল্পৰ কাম-কাজো প্ৰদৰ্শন কৰা হৈছে। এই প্ৰদৰ্শনীয়ে দৰ্শনাৰ্থীসকলক চৰকাৰ আৰু সংগঠনসমূহে গংগাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা অক্ষুণ্ণ ৰাখিবলৈ কেনেদৰে কাৰিকৰী আৰু গাঁথনিগত প্ৰচেষ্টা গ্ৰহণ কৰিছে, সেই সন্দৰ্ভত বুজিবলৈ সহায় কৰে। এই পেভিলিয়নত গংগাত পোৱা জীৱ যেনেঃ গংগা ডলফিন, কাছ, ঘঁৰিয়াল, মাছ আদিৰ প্ৰতিৰূপ আছে। এই পদক্ষেপ বিশেষকৈ শিশু আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপযোগী হৈ উঠিছে। ইয়াৰ জৰিয়তে তেওঁলোকে গংগাৰ জৈৱ-বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে বুজিব পাৰিব।

 

 

 

 

এনবিটিয়ে ৰিডিং কৰ্ণাৰ স্থাপন কৰিছে

এই প্ৰদৰ্শনীত নেচনেল বুক ট্ৰাষ্টে (NBT) বিশেষ ৰিডিং কৰ্ণাৰ স্থাপন কৰিছে। ইয়াত গংগা, মহা কুম্ভ, সামাজিক নীতি আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ সৈতে জড়িত গ্ৰন্থৰ সংকলন উপলব্ধ। গংগাৰ সাংস্কৃতিক আৰু ঐতিহাসিক তাৎপৰ্য্য সম্পৰ্কে জানিবলৈ আগ্ৰহীসকলৰ বাবে এই কৰ্ণাৰ এক বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

 

 

গণপতিৰ মূৰ্তিয়ে আৱেগিক সংযোগক গভীৰ কৰিছে

ইণ্ডিয়ান ইনষ্টিটিউট অৱ ফৰেষ্ট মেনেজমেন্ট, গংগা টাস্ক ফ’ৰ্চ, আইআইটি-দিল্লীৰ দৰে প্ৰতিষ্ঠানে গংগাৰ বিপন্ন প্ৰজাতিৰ সংৰক্ষণ, জন-সচেতনতা আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ তথ্য প্ৰচাৰ কৰিছে। এই তথ্যই গংগাৰ তাৎপৰ্য্যত গুৰুত্ব আৰোপ আৰু জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিত সহায় কৰিছে। এই পেভিলিয়নত গংগাৰ পৱিত্ৰতা আৰু স্বচ্ছতাৰ প্ৰতীক ভগৱান গণেশৰ প্ৰতিমূৰ্তিও ৰখা হৈছে। মূৰ্তিটোৱে সাংস্কৃতিক আৰু আৱেগিক সংযোগক গভীৰ কৰিছে।

 

 

পেভিলিয়নটো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে

নমামি গংগা অভিযানে মহাকুম্ভলৈ অহা ভক্তসকলক এই কথা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে যে গংগা কেৱল এখন নদীয়েই নহয়, বৰঞ্চ এয়া ভাৰতৰ সংস্কৃতি, ইতিহাস আৰু অৰ্থনৈতিক জীৱনৰ এক অবিচ্ছেদ্য অংগ। ইয়াক পৰিষ্কাৰ আৰু সংৰক্ষিত কৰি ৰখাটো প্ৰতিজন নাগৰিকৰে কৰ্তব্য। এই অত্যাধুনিক আৰু সৃষ্টিশীল পেভিলিয়নটো গংগাৰ গুৰুত্বৰাজি প্ৰকাশত সফল হোৱাই নহয়, বৰঞ্চ মহাকুম্ভ-২০২৫ৰ অন্যতম প্ৰধান আকৰ্ষণ হিচাপে পৰিগণিত হৈছে।

*****

AD/VM/SB


(Release ID: 2095537) Visitor Counter : 14